অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তা আপ্তে

শান্তা আপ্তে (১৯১৬–১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী-গায়িকা৷ তেওঁ মাৰাঠী আৰু হিন্দী ছবিত কাম কৰিছিল। প্ৰভাত ফিল্মছৰ বেনাৰত দুনিয়া না মানে/কুংকু (১৯৩৭) আৰু অমৰ জ্যোতি (১৯৩৬)ৰ দৰে ছবিত অভিনয়ৰ বাবে বিখ্যাত তেওঁ ১৯৩২ চনৰ পৰা ১৯৫৮ চনলৈকে ভাৰতীয় ছবি জগতত সক্ৰিয় আছিল।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শান্তা আপ্তে (১৯১৬–১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী-গায়িকা৷ তেওঁ মাৰাঠী আৰু হিন্দী ছবিত কাম কৰিছিল।১ প্ৰভাত ফিল্মছৰ বেনাৰত দুনিয়া না মানে/কুংকু (১৯৩৭) আৰু অমৰ জ্যোতি (১৯৩৬)ৰ দৰে ছবিত অভিনয়ৰ বাবে বিখ্যাত তেওঁ ১৯৩২ চনৰ পৰা ১৯৫৮ চনলৈকে ভাৰতীয় ছবি জগতত সক্ৰিয় আছিল। কানন দেৱীৰ সৈতে আপ্তেক নেপথ্য গায়ক যুগৰ২ আগৰ অন্যতম "মহান গায়ক তাৰকা" হিচাপে উল্লেখ কৰা হৈছে।৩ মাৰাঠী চলচ্চিত্ৰ শ্যামসুন্দৰ (১৯৩২)ত এগৰাকী যুৱতী ৰাধাৰ চৰিত্ৰত অভিনয় কৰি আপ্তেই ছবিত কেৰিয়াৰ আৰম্ভ কৰে। (১৯৩৪) চনত তেওঁৰ প্ৰথম হিন্দী ভাষাৰ ছবি অমৃত মন্থনত অভিনয় কৰে।৪

প্ৰাৰম্ভিক জীৱন

১৯১৬ চনত ভাৰতৰ মহাৰাষ্ট্ৰৰ দুধনীত৫ মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা আপ্তে এজন ষ্টেচন মাষ্টাৰৰ কন্যা আছিল।৬ পিতৃৰ গান গোৱাৰ প্ৰতি থকা প্ৰৱণতাক অনুসৰণ কৰি যুৱতী আপ্তে পুনেৰ স্থানীয় গণেশ উৎসৱত ভজন প্ৰদৰ্শন কৰি সংগীতৰ পৰম্পৰা আগবঢ়াই নিছিল। তেওঁ পান্ধৰপুৰৰ মহাৰাষ্ট্ৰ সংগীত বিদ্যালয়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।৭

৯ বছৰ বয়সত শিশু শিল্পী হিচাপে শ্যামসুন্দৰ নামৰ ছবিত তেওঁ আত্মপ্ৰকাশ কৰিছিল।৮

মৃত্যু

১৯৬৪ চনৰ ২৪ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ মুম্বাইৰ আন্ধেৰীত থকা তেওঁৰ নিজা বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ আপ্তেৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ Yves Thoraval. (1 February 2000). The cinemas of India. Macmillan India. পৃ. 27. ISBN 978-0-333-93410-4
  2. ↑ Shanta Apte. wiki.indiancine.ma. Indiancine.ma
  3. ↑ Ashish Rajadhyaksha; Paul Willemen; Professor of Critical Studies Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃ. 88–. ISBN 978-1-135-94318-9
  4. ↑ Shanta Apte. streeshakti.com. Streeshakti.com
  5. ↑ (1964). Careers Digest. পৃ. 383
  6. ↑ Patel, Baburao. (December 1938). Questions And Answers. Filmindia. পৃ. 23
  7. ↑ Sathe, V. P. Article-Profile Shanta Apte (1977). cineplot.com
  8. ↑ G. N. Joshi. (1984). Down melody lane. Orient Longman. পৃ. 29. ISBN 978-0-86131-175-0

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা আপ্তে” প্ৰবন্ধৰ সংশোধন ৪৮৭১৩৪ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।