সংশ্লেষিত ৰবৰ (Synthetic rubber) হৈছে এক কৃত্ৰিম ইলাষ্টোমাৰ। ই হৈছে পেট্ৰ'লিয়াম উপজাত সামগ্ৰীৰ পৰা সংশ্লেষিত একধৰণৰ পলিমাৰ। আমেৰিকাত বছৰি প্ৰায় ৩.২ কোটি মেট্ৰিক টন ৰবৰ উৎপাদন হয় আৰু তাৰ দুই তৃতীয়াংশ সংশ্লেষিত। পলিমাৰবোৰ কৃত্ৰিমভাৱে প্ৰস্তুত হোৱাৰ বাবে, সাংশ্লেষিক ৰবৰৰ বিভিন্ন গুণাগুণ থাকিব পাৰে আৰু বহুধৰণে প্ৰয়োগ কৰিব পাৰি। সংশ্লেষিত ৰবৰৰ প্ৰয়োগ আমাৰ চাৰিওফালে দেখা যায়; কিছুমান উদাহৰণৰ ভিতৰত আছে ৱেটচুট, বেলুন,জোতাৰ তলুৱা, আৰু চুলি বন্ধা ৰবৰবেণ্ড। ১ লগতে গাড়ীৰ টায়াৰ, দুৱাৰ, খিৰিকী, গেস্কেট, বেল্ট, মজিয়া আৰু অন্যান্য স্বয়ংচালিত উদ্যোগতো ব্যৱহাৰ হয়। এই সকলোবোৰৰ বিভিন্ন পৰিসৰৰ ভৌতিক আৰু ৰাসায়নিক গুণ আছে যি সামগ্ৰী বা প্ৰয়োগৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব পাৰে। সাংশ্লেষিক ৰবৰ দুটা মুখ্য ক্ষেত্ৰত প্ৰাকৃতিক ৰবৰতকৈ উৎকৃষ্ট: তাপীয় স্থিৰতা, আৰু আনুষংগিক যৌগসমূহৰ প্ৰতিৰোধ ক্ষমতা।২
সাংশ্লেষিক ৰবৰৰ ইতিহাস
১৮৯০ চনৰ পৰা আৰম্ভ হোৱা চাইকেল আৰু বিশেষকৈ ইয়াৰ বায়ুচালিত টায়াৰৰ বৰ্ধিত ব্যৱহাৰে ৰবৰৰ চাহিদা বৃদ্ধি কৰিছিল। ১৯০৯ চনত জাৰ্মানীৰ এলবাৰফেল্ডৰ বেয়াৰ গৱেষণাগাৰত কাম কৰা ফ্ৰিটজ হফমেনৰ নেতৃত্বত এটা দলে প্ৰথম সংশ্লেষিত ৰবৰ তৈয়াৰ কৰাত সফল হয়। তেওঁ দেখিলে যে যদি মনোভিনাইলএচিটাইলিনক হাইড্ৰজেন ক্লৰাইডেৰে শোধন কৰা হয় আৰু তাৰ পৰা পোৱা ক্ল’ৰ’প্ৰিন পলিমাৰাইজ কৰা হয় তেন্তে নিওপ্ৰিনৰ সৃষ্টি হয়।৩৪
প্ৰথম কৃত্ৰিম ৰবৰ নিওপ্ৰিনৰ উদ্ভাৱক আছিল জুলিয়াছ আৰ্থাৰ নিউলেণ্ড। নিউলেণ্ড নট্ৰ ডেম বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কংগ্ৰেগেচন অৱ হলি ক্ৰছৰ পুৰোহিত আছিল। ১৯৩২ চনত ডুপণ্টে ডুপ্ৰিন নামেৰে নিওপ্ৰিন বজাৰত মুকলি কৰা হয়। নিওপ্ৰিনক বহু দিশত ৰবৰতকৈ উন্নত বুলি গণ্য কৰা হৈছিল যেনে ইয়াৰ সূৰ্যৰ পোহৰ, ঘৰ্ষণ আৰু উষ্ণতাৰ চৰম প্ৰতিৰোধ ক্ষমতা। এই বৈশিষ্ট্যসমূহে ইয়াক বহু ব্যৱহাৰৰ বাবে জনপ্ৰিয় কৰি তুলিছিল যেনে বৈদ্যুতিক কেবল ইনচুলেচন, টেলিফোন তাঁৰ, আৰু ঘৰৰ ছাদ আদিত ব্যৱহাৰ ৫
দ্বিতীয় বিশ্বযুদ্ধ আৰু সাংশ্লেষিক ৰবৰ

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত কৃত্ৰিম ৰবৰৰ উৎপাদন বহু পৰিমাণে সম্প্ৰসাৰিত হৈছিল কাৰণ ১৯৪২ চনৰ মাজভাগলৈকে অক্ষ শক্তিসমূহে বিশ্বৰ প্ৰায় সকলো সীমিত প্ৰাকৃতিক ৰবৰৰ যোগান নিয়ন্ত্ৰণ কৰিছিল। জাপান়়এ এছিয়াৰ বেছিভাগ অংশ বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ ব্ৰিটিছৰ উপনিবেশসমূহত যেনে মালয় (বৰ্তমান মালয়েছিয়া) আৰু ডাচ ইষ্ট ইণ্ডিজ (বৰ্তমান ইণ্ডোনেছিয়া)জয়লাভ কৰিছিল। প্ৰাকৃতিক ৰবৰৰ বিশ্বব্যাপী যোগানৰ বেছিভাগ এই ঠাইবোৰৰ পৰা আহৰণ কৰা হৈছিল।৬ অপাৰেচন পইণ্টব্লেংকৰ সময়ত নাজী জাৰ্মানী আৰু অন্যান্য ঠাইৰ লক্ষ্যস্থানত তীব্ৰ বোমা বিস্ফোৰণ অভিযান চলোৱা হৈছিল। মূল লক্ষ্যসমূহৰ ভিতৰত আছিল বছৰি ৫০,০০০ টন উৎপাদন কৰা শ্বকোপাউ উদ্যোগ আৰু ৰেক্লিংহাউজেনৰ ওচৰৰ হুলছ কৃত্ৰিম ৰবৰ উদ্যোগ, যাৰ বাৰ্ষিক উৎপাদন ৩০,০০০ টন (মুঠৰ ১৭%)।৭ ইয়াৰ উপৰিও ৰাইন নদীৰ পূব পাৰৰ ডেউট্জত অৱস্থিত কলনিশ্ব গুমিফেডেন ফেব্ৰিক টায়াৰ আৰু টিউব প্লাণ্টটো আছিল এই অভিযানৰ কেন্দ্ৰবিন্দু।৮ ইটালীত ১৯৪৪ চনৰ ২৩ আগষ্টত নদীৰ দলঙৰ ওচৰত অৱস্থিত ফেৰাৰাৰ কৃত্ৰিম ৰবৰৰ কাৰখানাত বোমা বিস্ফোৰণ কৰা হয় (২০,০০০ টন ক্ষমতা),৯ আৰু লগতে লেভাৰকুচেনত (৫,০০০ টন উৎপাদন)। উল্লেখযোগ্য যে ১৯৪৪ চনৰ ৫ মাৰ্চলৈকে নাজী দখল কৰা পোলেণ্ডৰ অশ্বিচিমত এটা কৃত্ৰিম ৰবৰ উদ্যোগ নিৰ্মাণৰ কাম চলি আছিল।১০ আই জি ফাৰ্বেনে পৰিচালনা কৰা এই উদ্যোগটোত সংশ্লিষ্ট অশউইৎজ নিৰ্যাতন শিবিৰতৃতীয়ৰ দাস শ্ৰমিক ব্যৱহাৰ কৰা হৈছিল।১১১২
প্ৰাকৃতিক বনাম সংশ্লেষিত ৰবৰ

প্ৰাকৃতিক ৰবৰ, হেভিয়া ব্ৰাচিলিয়েনচিছ'ৰ লেটেক্সৰ পৰা অহা, মুখ্যতঃ পলি-চিছ''-আইচ'প্ৰিন।
সংশ্লেষিত ৰবৰ, অন্যান্য পলিমাৰৰ দৰে, বিভিন্ন পেট্ৰ'লিয়াম-আধাৰিত মনোমাৰৰ পৰা তৈয়াৰ কৰা হয়।
কিছুমান সংশ্লেষিত ৰবৰে প্ৰাকৃতিক ৰবৰৰ তুলনাত ওজোন ক্ৰেকিংৰ প্ৰতি অধিক প্ৰতিৰোধ প্ৰদৰ্শন কৰে। প্ৰাকৃতিক ৰবৰত ওজোন সংবেদনশীলতা ইয়াৰ শৃংখল গাঁথনিত দ্বৈত বন্ধনৰ উপস্থিতিৰ পৰা উদ্ভৱ হয়। কিছুমান সংশ্লেষিত ৰবৰত এই দুটা বন্ধনৰ অভাৱ থাকে, যাৰ ফলত সেইবোৰ অধিক অ'জন-ক্ৰেকিং প্ৰতিৰোধী হয়। উল্লেখযোগ্য উদাহৰণৰ ভিতৰত আছে ভিটন ৰবৰ, ইপিডিএম, আৰু বুটিল ৰবৰ। সংশ্লেষিত ৰবৰৰ আন এটা শ্ৰেণী, যাক থাৰ্মোপ্লাষ্টিক ইলাষ্টোমাৰ বুলি কোৱা হয়।এই থাৰ্মোপ্লাষ্টিক ইলাষ্টোমাৰবোৰে ক্ৰছ-লিংকিংৰ জৰিয়তে গাঁথনিগত স্থিৰতা বজাই ৰাখে।
তথ্যসূত্ৰ
- ↑ www.gmtrubber.com/natural-vs-synthetic-rubber/
- ↑ Threadingham, Desmond; Obrecht, Werner; Wieder, Wolfgang (2011). Ullmann's Encyclopedia of Industrial Chemistry. Weinheim: Wiley-VCH. doi:10.1002/14356007.a23_239.pub5
- ↑ The Moving Powers of Rubber. LANXESS AG: 20
- ↑ Michalovic, Mark. (2000). Destination Germany: A Poor Substitute. The Story of Rubber
- ↑ www.invent.org/inductees/rev-julius-arthur-nieuw
- ↑ Gropman, Alan L. (1996). Mobilizing U. S. Industry in World War II. Institute for National Strategic Studies. পৃ. 115. ISBN 0788136461
- ↑ Stormont, John W. (March 1946). AAFRH-19: The Combined Bomber Offensive; April through December 1943. AAF Historical Office; Headquarters, Army Air Force. পৃ. 74–5, 81
- ↑ Gurney, Gene (Major, USAF). (1962). The War in the Air: a pictorial history of World War II Air Forces in combat. Bonanza Books. পৃ. 215
- ↑ (February 11, 2009). Army Air Forces in World War II
- ↑ Williamson, Charles C. (5 March 1944). Plan for Completion of Combined Bomber Offensive (Appendices C & F). HQ, U.S.S.T.A.F
- ↑ Steinbacher, Sybille. (2005). Auschwitz: a history. Ecco. পৃ. 45. ISBN 978-0060825812
- ↑ Herbert, Vernon; Bisio, Attilio. (December 11, 1985). Synthetic Rubber: A Project That Had to Succeed. Contributions in Economics and Economic History. Greenwood Press. পৃ. 32ff. ISBN 978-0313246340
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাংশ্লেষিক ৰবৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৯৯৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।