দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানীয়ে নিৰ্মাণ কৰা এটা শিবিৰ আছিল অশ্বিট্ছ নিৰ্যাতন শিবিৰ (Auschwitz concentration camp)। পোলেণ্ডত অৱস্থিত এই শিবিৰটো আছিল নাজীয়ে নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ নিৰ্যাতন শিবিৰ বা কনচেনট্ৰেচন কেম্প। সেই সময়ত এই শিবিৰত এক নিযুততকৈও অধিক লোকক হত্যা কৰা হৈছিল ১ ইয়াৰে অধিকাংশই ইহুদী সম্প্ৰদায়ৰ। ইহুদীসকলৰ ওপৰত নাজীৰ চূড়ান্ত সমাধান কাৰ্যকৰী কৰাৰ অন্যতম মূল কেন্দ্ৰ আছিল এই শিবিৰ। অশ্বিট্ছত মুঠ ৪০টাতকৈও অধিক সৰু-বৰ কনচেনট্ৰেচন কেম্প আছিল। ইয়াৰ ভিতৰত প্ৰধান আছিল তিনিটা শিবিৰ প্ৰথম অশ্বিট্জ, দ্বিতীয় অশ্বিট্জ - বাৰ্কিনাউ আৰু অশ্বিট্জ তৃতীয়।
তথ্যসূত্ৰ
- ↑ Auschwitz deportees deaths by background www.statista.com/statistics/1288821/auschwitz-de
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশউইৎজ নিৰ্যাতন শিবিৰ” প্ৰবন্ধৰ সংশোধন ৫২৭২৫৯ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।