জোনজ্যোতি দত্তবৰা এগৰাকী লেখক তথা সাংবাদিক। বৰ্তমান তেওঁ অসম লাইভ ২৪ ৰ সহযোগী সম্পাদক। যোৰহাটত জন্ম আৰু শিক্ষা গ্ৰহণ কৰা জোনজ্যোতি দত্তবৰা ছাত্ৰাৱস্থাতে বিভিন্ন কাকত- আলোচনীত লিখা- মেলাৰ জৰিয়তে সাহিত্যৰ চৰ্চাত জড়িত হয়। প্ৰথম অৱস্থাত মৌচাক, জনমভূমি আৰু দৈনিক জনমভূমিত লিখা- মেলাৰে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। পিছলৈ তেওঁ অন্যান্য কাকত- আলোচনীতো লিখা মেলাৰে যোৰহাটত বিশেষ পৰিচয় লাভ কৰে। ১৯৯৪ চনত কলেজীয়া ছাত্ৰ অৱস্থাতে তেওঁ কিশলয় নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশত জড়িত হয়। যোৰহাট জিলাৰ বাঘমৰা (বাহনা)ৰ প্ৰকাশিত হৈছিল আলোচনীখন। জোনজ্যোতি দত্তবৰাই কিশলয়ৰ প্ৰকাশৰ দায়িত্ব লোৱাৰ লগতে সহযোগী সম্পাদক হিচাপেও আলোচনীখনত জড়িত আছিল। এই আলোচনীখন নিয়মীয়াকৈ ছয়টা সংখ্যা প্ৰকাশ পাইছিল। ১৯৯৮ চনত জোনজ্যোতি দত্তবৰা সম্পাদনাত যোৰহাটৰ পৰা প্ৰকাশিত হয় ভিন্নৰুচীৰ মাহেকীয়া আলোচনী সুৱাস। সুবাস আঢ়ৈ বছৰজুৰি নিয়মীয়াকৈ প্ৰকাশ পোৱাৰ পিছত বিশেষকাৰণবশত বন্ধ হৈ পৰে। ইয়াৰ পিছতে তেওঁৰ সাংবাদিক জীৱন আৰম্ভ হয়। প্ৰথম অৱস্থাত সাপ্তাহিক জনমভূমিত সাংবাদিকতা আৰম্ভ কৰা জোনজ্যোতি দত্তবৰাই নতুন দৈনিকত কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পিছত দৈনিক অগ্ৰদূত, এদিনৰ সংবাদ নামৰ কাকতত ষ্টাৰ্ফ ৰিপৰ্টাৰ হিচাপে জড়িত হয়। দৈনিক অগ্ৰদূতত সাংবাদিক হিচাপে জড়িত থকা সময়তে ২০০৮ চনত যোৰহাটৰ পৰা তেওঁ প্ৰকাশ কৰে মাহেকীয়া বাৰ্তলোচনী সমীক্ষণ। সমীক্ষণৰ প্ৰকাশ বৰ্তমানেও অব্যাহত আছে। ২০১১ চনত ছপা মাধ্যমৰ পৰা বৈদ্যুতিন মাধ্যমলৈ আহে জোনজ্যোতি দত্তবৰা। ২০১১ ৰ এপ্ৰিলত গুৱাহাটীৰ প্ৰাইম নিউজত যোগদান কৰি বৈদ্যুতিন মাধ্যমত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত প্ৰাগ নিউজত ৰাজনৈতিক সাংবাদিক হিচাপে আৰম্ভ কৰি ৰাজনৈতিক সম্পাদক পদলৈ পদোন্নতি লাভ কৰে। প্ৰাগ নিউজত প্ৰায় ১০ বছৰ সম্পন্নৰ অন্তত ২০২৪ চনত এন বি নিউজত ৰাজনৈতিক সম্পাদক হিচাপে যোগদান কৰে। ১
তথ্যসূত্ৰ
- ↑ অসম লাইভ ২৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনজ্যোতি দত্তবৰা” প্ৰবন্ধৰ সংশোধন ৬৪০৬২৭ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।