ভাৰতীয় জনতা যুৱ মৰ্চা (Bharatiya Janata Yuva Morcha)ভাৰতৰ অন্যতম প্ৰধান ৰাজনৈতিক দলৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ শাখা আৰু পূৰ্বতে ভংগ হোৱা জনতা পাৰ্টিৰ যুৱ শাখা ( ১৯৭৮-১৯৮০ চন)। ১৯৭৮ চনত প্ৰতিষ্ঠিত এই দলৰ প্ৰথম ৰাষ্ট্ৰীয় সভাপতি আছিল কলৰাজ মিশ্ৰ। এই মৰ্চা বিশ্বৰ সৰ্ববৃহৎ যুৱ সংগঠন।১
সংগঠন
তেজস্বী সূৰ্য ২০২০ চনৰ পৰা বৰ্তমানলৈকে যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু যুৱ মৰ্চাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া সভাপতি।২ কলৰাজ মিশ্ৰ, প্ৰমোদ মহাজন, ৰাজনাথ সিং, জি কিষাণ ৰেড্ডী, জগত প্ৰকাশ নাড্ডা, উমা ভাৰতী, শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধান, অনুৰাগ ঠাকুৰ আৰু পুনম মহাজন আদি বিশিষ্ট নেতাই বিগত সময়ছোৱাত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।৩
সভাপতি তালিকা
| # | Portrait | Name | Tenure | At Age of | |
|---|---|---|---|---|---|
| ১ | কলৰাজ মিশ্ৰ | ১৯৭৮ | ১৯৮০ | ৩৭ | |
| ২ | সত্য দেও সিং | ১৯৮০ | ১৯৮৬ | ৩৫ | |
| ৩ | প্ৰমোদ মহাজন | ১৯৮৬ | ১৯৮৮ | ৩৭ | |
| ৪ | ৰাজনাথ সিং | ১৯৮৮ | ১৯৯০ | ৩৭ | |
| ৫ | জগত প্ৰকাশ নাড্ডা | ১৯৯০ | ১৯৯৪ | ৩০ | |
| ৬ | উমা ভাৰতী | ১৯৯৪ | ১৯৯৭ | 35 | |
| ৭ | ৰামাশীষ ৰায় | ১৯৯৭ | ২০০০ | ||
| ৮ | শিৱৰাজ সিং চৌহান | ২০০০ | ২০০২ | ৪১ | |
| ৯ | জি কিশান ৰেদ্দী | ২০০২ | ২০০৫ | ৪২ | |
| ১০ | ধৰ্মেন্দ্ৰ প্ৰধান | ২০০৫ | ২০০৭ | ৩৬ | |
| ১১ | অমিত থাকেৰ | ২০০৭ | ২০১০ | ||
| ১২ | অনুৰাগ ঠাকুৰ | ২০১০ | ২০১৬ | ৩৬ | |
| ১৩ | পুনম মহাজন | 2০১৬ | ২০২০ | ৩৬ | |
| ১৪ | তেজশ্বী সূৰ্য | ২০২০ | বৰ্তমানলৈকে | ৩০ |
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ President Profile | BJYM. www.bjym.org
- ↑ About Bharatiya Janata Yuva Morcha · BJYM. bjym.org
- ↑ {{Cite web|url=https://www.bjp.org/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় জনতা যুৱ মৰ্চা” প্ৰবন্ধৰ সংশোধন ৫৬৭৪৭৯ (৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।