পৰম বীৰ চক্ৰ প্ৰাপক
২০ প্ৰবন্ধ
-
বিক্ৰম বাত্ৰা
কেপ্তেইন বিক্ৰম বাত্ৰা পিভিচি (Vikram Batra, ৯ ছেপ্টেম্বৰ ১৯৭৪ – ৭ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ প্ৰদৰ্শন কৰা অপৰিসীম বীৰত্বৰে সৰ্বোচ্চ বলিদান দিয়াৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়।
-
সোমনাথ শৰ্মা
সোমনাথ শৰ্মা এগৰাকী ভাৰতীয় সেনাৰ বিষয়া আছিল। তেওঁকেই প্ৰথম ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল। ১৯৪২ চনত শৰ্মাক ১৯ নং হায়দৰাবাদ ৰেজিমেণ্টৰ অষ্টম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল।
-
কৰম সিং
কৰম সিং (Karam Singh; ১৫ ছেপ্টেম্বৰ ১৯১৫ – ২০ জানুৱাৰী ১৯৯৩) ভাৰতীয় সেনাৰ এজন সৈনিক তথা সুবেদাৰ আৰু সন্মানীয় অধিনায়ক আছিল। তেওঁক ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। কৰম সিঙে ১৯৪১ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল।
-
ৰাম ৰাঘোবা ৰাণে
মেজৰ ৰাম ৰাঘোবা ৰাণে, পি.ভি.চি (Rama Raghoba Rane; ২৬ জুন ১৯১৮ – ১১ জুলাই ১৯৯৪) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। তেওঁ কৰম সিঙৰ সৈতে জীৱিত অৱস্থাত পৰম বীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।
-
আব্দুল হামিদ
কোম্পানী কোৱাৰ্টাৰমাষ্টাৰ হাবিলদাৰ আব্দুল হামিদ ইদ্ৰিছি পি.ভি.চি. (Abdul Hamid Idrisi; ১ জুলাই ১৯৩৩ – ১০ ছেপ্টেম্বৰ ১৯৬৫), এজন ভাৰতীয় সেনা জোৱান আছিল। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়।
-
সঞ্জয় কুমাৰ
চুবেদাৰ মেজৰ সঞ্জয় কুমাৰ পবীচ (Sanjay Kumar; জন্ম ৩ মাৰ্চ ১৯৭৬) ভাৰতীয় সেনাবাহিনীৰ এজন কনিষ্ঠ কমিচনেড অফিচাৰ, আৰু ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ লাভ কৰা ব্যক্তি।
-
অৰুণ খেতৰপাল
দ্বিতীয় লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল পি.ভি.চি (Arun Khetarpal; ১৪ অক্টোবৰ ১৯৫০ – ১৬ ডিচেম্বৰ ১৯৭১) ভাৰতীয় সেনাৰ এজন বিষয়া, যাক সাহস আৰু বীৰত্বৰে দেশৰ হৈ যুঁজাৰ বাবে মৰণোত্তৰ ভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
-
আৰ্দেশিৰ তাৰাপৰে
লেফটেনেণ্ট কৰ্ণেল আৰ্দেশিৰ বুৰ্জোৰজী তাৰাপৰে, (Lieutenant Colonel Ardeshir Burzorji Tarapore)(১৮ আগষ্ট ১৯২৩ – ১৬ ছেপ্টেম্বৰ ১৯৬৫) ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়া আৰু ভাৰতীয় বীৰত্বৰ সৰ্বোচ্চ বঁটা পৰম বীৰ চক্ৰৰে সন্মানীত।
-
এলবাৰ্ট এক্কা
লেন্স নায়ক এলবাৰ্ট এক্কা, পি.ভি.চি (Albert Ekka; ২৭ ডিচেম্বৰ ১৯৪২ – ৩ ডিচেম্বৰ ১৯৭১) ভাৰতীয় সেনাৰ এজন সৈনিক আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত গংগাসাগৰৰ যুদ্ধত তেওঁ নিহত হৈছিল।
-
গুৰবচন সিং ছালাৰিয়া
কেপ্তেইন গুৰবচন সিং ছালাৰিয়া, পি.ভি.চি (Gurbachan Singh Salaria; ২৯ নৱেম্বৰ ১৯৩৫ – ৫ ডিচেম্বৰ ১৯৬১) এজন ভাৰতীয় সেনা বিষয়া আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সদস্য আছিল। ছালাৰিয়া কিং জৰ্জচ্ ৰয়েল ইণ্ডিয়ান মিলিটাৰী কলেজ আৰু নেচনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ আছিল।
-
চৈতান সিং
মেজৰ চৈতান সিং ভাটী, পিভিচি (১ ডিচেম্বৰ ১৯২৪ – ১৮ নৱেম্বৰ ১৯৬২) ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়া আৰু পৰম বীৰ চক্ৰ, ২০১৬ ৰ প্ৰাপক আছিল। ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা। সিঙৰ জন্ম ৰাজস্থানত। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সিঙে যোধপুৰ ৰাজ্য বাহিনীত যোগদান কৰে।
-
ধন সিং থাপা
লেফটেনেণ্ট কৰ্ণেল ধন সিং থাপা মেগৰ, পি.ভি.চি (Dhan Singh Thapa; ১০ এপ্ৰিল ১৯২৮ – ৬ ছেপ্টেম্বৰ ২০০৫) ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰেৰে সন্মানিত এগৰাকী ভাৰতীয় সেনা বিষয়া। থাপা মেগৰক ১৯৪৯ চনত প্ৰথম বেটেলিয়ন, ৮ নং গোৰ্খা ৰাইফলছত নিযুক্তি দিয়া হৈছিল।
-
নিৰ্মল জিৎ সিং শেখোঁ
ফ্লাইং অফিচাৰ নিৰ্মল জিৎ সিং শেখোঁ পি.ভি.চি (Nirmal Jit Singh Sekhon) (১৭ জুলাই ১৯৪৩ – ১৪ ডিচেম্বৰ ১৯৭১) ভাৰতীয় বায়ু সেনাৰ এজন বিষয়া আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানৰ বায়ু সেনাই কৰা বিমান আক্ৰমণৰ বিৰুদ্ধে শ্ৰীনগৰ বিমান ঘাটি ৰক্ষা কৰোঁতে তেওঁ শ্বহীদ হৈছিল।
-
পিৰু সিং
কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং শ্বেখাৱত (Piru Singh Shekhawat) পি.ভি.চি (২০ মে ১৯১৮ – ১৮ জুলাই ১৯৪৮) এজন ভাৰতীয় সেনাৰ অ-কমিছনড বিষয়া আছিল, যাক ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
-
মনোজ কুমাৰ পাণ্ডে
কেপ্তেইন মনোজ কুমাৰ পাণ্ডে, পিভিচি (Manoj Kumar Pandey; ২৫ জুন ১৯৭৫ – ৩ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ সাহস আৰু নেতৃত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল।
-
যদুনাথ সিং
যদুনাথ সিং (Jadunath Singh; ১৯১৬ –১৯৪৮) আছিল ভাৰতীয় সেনাৰ এজন সৈনিক। তেওঁক ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত হোৱা সংঘৰ্ষত তেওঁৰ ভূমিকাৰ বাবে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত হৈছিল।
-
যোগিন্দৰ সিং
চুবেদাৰ যোগিন্দৰ সিং চাহনান, পি.ভি.চি (Joginder Singh;২৬ ছেপ্টেম্বৰ ১৯২১ – ২৩ অক্টোবৰ ১৯৬২), ভাৰতীয় সৈন্যবাহিনীৰ এজন সৈনিক আৰু মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক বীৰত্ব পুৰস্কাৰ পৰম বীৰ চক্ৰ প্ৰাপক।
-
যোগেন্দ্ৰ সিং যাদৱ
চুবেদাৰ মেজৰ আৰু কেপ্টেইন যোগেন্দ্ৰ সিং যাদৱ পি.ভি.চি (Yogendra Singh Yadav) ভাৰতীয় সেনাৰ এগৰাকী অৱসৰী মান্যতাপ্ৰাপ্ত বিষয়া, যাক কাৰ্গিল যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু কৰ্তব্যবোধৰ বাবে সৰ্বোচ্চ ভাৰতীয় সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
-
হোশিয়াৰ সিং দাহিয়া
কৰ্ণেল হোশিয়াৰ সিং দাহিয়া (Hoshiar Singh Dahiya), পিভিচি (৫ মে' ১৯৩০-৬ ডিচেম্বৰ ১৯৯৮) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে তেখেতে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ লাভ কৰিছিল।
-
ৰামাস্বামী পৰমেশ্বৰন
মেজৰ ৰামাস্বামী পৰমেশ্বৰন (Ramaswamy Parameshwaran), পিভিচি (১৩ ছেপ্টেম্বৰ ১৯৪৬, মুম্বাই – ২৫ নৱেম্বৰ ১৯৮৭, শ্ৰীলংকা) ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল।