বৌদ্ধ ধৰ্মত শৰণ বা শৰণ লোৱা এটি ধাৰ্মিক কাৰ্য, য'ত প্ৰায় এটি প্ৰাৰ্থনা গোৱা হয় অভ্যাসকালৰ আৰম্ভণিত। সূত্ৰযানত তিনি ৰত্নৰ ওচৰত শৰণ লোৱা হয়: গৌতম বুদ্ধ, ধৰ্ম আৰু সংঘ। বজ্ৰযানত তিনি ৰত্ন আৰু তিনি গুড়িৰ ওচৰত শৰণ লোৱা হয়।১শৰণ লোৱা হ'ল এই আকাংক্ষা যে ত্ৰিৰত্নক অন্তৰত স্থান দি জীৱন যাপন কৰা হ'ব। শৰণ ল'বলৈ এটি চুটি মন্ত্ৰ উচ্চাৰণ কৰা হয়, যি মন্ত্ৰত বুদ্ধ, ধৰ্ম আৰু সংঘৰ উল্লেখ থাকে।২৩ বৌদ্ধ ধৰ্মৰ আৰম্ভণিৰ কালত শৰণ লোৱা আছিল বুদ্ধৰ মাৰ্গ অনুসৰণ কৰাৰ সংকল্পৰ প্ৰকাশ, দায়িত্বৰ ত্যাগ নহয়।৪ শৰণ লোৱা আতাইকেইখন মুখ্য বৌদ্ধ পৰম্পৰাৰ অংগ।
মন্ত্ৰ
শৰণ লোৱাৰ সময়ত ভিন ভিন ভাষাত ভিন মন্ত্ৰ উচ্চাৰণ কৰা হয়। সংস্কৃত ভাষাতো এনে মন্ত্ৰ পোৱা যায়। পালি ভাষাত নিম্নলিখিত মন্ত্ৰ উচ্চাৰণ কৰা হয়:৫
বুদ্ধং শৰণং গচ্ছামি (বুদ্ধৰ শৰণলৈ যাওঁ)
ধম্মং শৰণং গচ্ছামি (ধৰ্মৰ শৰণলৈ যাওঁ)
সংঘং শৰণং গচ্ছামি (সংঘৰ শৰণলৈ যাওঁ)
দুতিয়াম্পি বুদ্ধং শৰণং গচ্ছামি (দ্বিতীয়বাৰ বুদ্ধৰ শৰণলৈ যাওঁ)
দুতিয়াম্পি ধম্মং শৰণং গচ্ছামি (দ্বিতীয়বাৰ ধৰ্মৰ শৰণলৈ যাওঁ)
দুতিয়াম্পি সংঘং শৰণং গচ্ছামি (দ্বিতীয়বাৰ সংঘৰ শৰণলৈ যাওঁ)
ততিয়াম্পি বুদ্ধং শৰণং গচ্ছামি (তৃতীয়বাৰ বুদ্ধৰ শৰণলৈ যাওঁ)
ততিয়াম্পি ধম্মং শৰণং গচ্ছামি (তৃতীয়বাৰ ধৰ্মৰ শৰণলৈ যাওঁ)
ততিয়াম্পি সংঘং শৰণং গচ্ছামি (তৃতীয়বাৰ সংঘৰ শৰণলৈ যাওঁ)
এই মন্ত্ৰৰ উপৰিও পালি ধৰ্মশাস্ত্ৰত অন্য মন্ত্ৰৰ উল্লেখ আছে। ব্ৰেট শ্বাল্ট্জৰ মতে, সম্ভৱতঃ বৌদ্ধসকলে ঋগবেদ আৰু চাণ্ডোগ্য উপনিষদত পোৱা তিনি শৰণৰ পৰা প্ৰেৰণা লভিছিল।৬
পঞ্চশীল
সাধাৰণ লোকে শৰণ লোৱাৰ সময়ত সাধাৰণতে পঞ্চশীল বা ৫ উপদেশ গ্ৰহণ কৰে।৭৮ এই শীল বৌদ্ধ ভিক্ষুৱে তেওঁলোকক গ্ৰহণ কৰোৱায়।৯ এই ৫ শীল হ'ল:
- হত্যাৰ পৰা বিৰত থকা১০১১১২
- চুৰি কাৰ্যৰ পৰা বিৰত থকা১৩১৪১৫
- মিথ্যাৰ পৰা বিৰত থকা১৬১৭১৮
- অনুচিত যৌন কাৰ্যৰ পৰা বিৰত থকা১৯২০২১
- মাদক দ্ৰব্য গ্ৰহণৰ পৰা বিৰত থকা২২২৩২৪
আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থসমূহত এই ৫ উপদেশৰ লাহে লাহে বিকাশ দেখা গৈছে। প্ৰথমে, এই পাঁচোটা উপদেশকে একেলগ কৰি ত্ৰিৰত্ন, অৰ্থাৎ বুদ্ধ, বুদ্ধৰ বাণী (ধৰ্ম) আৰু সংঘৰ ওপৰত আস্থাৰ এটি ঘোষণা ব্যৱহাৰ কৰা হৈছিল। তাৰ পাছত, ৫ উপদেশ সাধাৰণ মানুহৰ বৌদ্ধ ধৰ্ম পালনৰ গুড়ি হৈ পৰিল।২৫ এই উপদেশসমূহ মনৰ বিকাশৰ বাবে মুখ্য প্ৰাৰম্ভিক চৰ্ত গণ্য কৰা হ'ল।২৬ তৃতীয় স্তৰত, এই উপদেশসমূহক ত্ৰিৰত্নৰ সৈতে একেলগেই উল্লেখ কৰা হোৱা হ'ল, যেন এই ৫ উপদেশ তিনি ৰত্নৰেই অংশ। অৱশেষত, এই ৫ উপদেশ আৰু ৩ ৰত্ন সাধাৰণ মানুহে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ বাধ্যতামূলক চৰ্ত হৈ পৰিল, কাৰণ আনুষ্ঠানিকভাৱে শৰণ ল'লেহে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিব পৰা হোৱা হ'ল।২৭ বৌদ্ধ ধৰ্মৰ ভৌগোলিক প্ৰসাৰৰ লগে লগেই ভিন ভিন স্থানত উপদেশসমূহৰ মহত্ত্ব ভিন ভিন হ'বলৈ ধৰিল। যি ঠাইত বৌদ্ধ ধৰ্ম মুখ্য ধৰ্ম হৈ পৰিল, যেনে থাইলেণ্ডত, সেই ঠাইত উপদেশ আৰু শৰণ লোৱাৰ মাজৰ সম্পৰ্ক প্ৰায় অস্তিত্বহীন হৈ পৰিল। উপদেশ গ্ৰহণ, তেনে ঠাইত, এটি ঔপচাৰিক শুদ্ধিৰ প্ৰক্ৰিয়াহে হৈ পৰিল। তেনে ঠাইত মানুহক জন্মৰে পৰাই বৌদ্ধ গণ্য কৰা হয়, শৰণ লোৱাৰ প্ৰয়োজিনীয়তা বোধ কৰা নহয়। পিচে চীনৰ দৰে দেশত, য'ত বৌদ্ধ ধৰ্ম একমাত্ৰ মুখ্য ধৰ্ম নহয়, শৰণ লোৱা কাৰ্য এটি মহত্ত্বপূৰ্ণ অনুষ্ঠান।২৮ যি সাধাৰণ মানুহে এই ৫ উপদেশ মানি চলে, তেওঁক "সাধাৰণ মানুহৰ মাজৰ ৰত্ন" বোলা হয়।২৯
তথ্যসূত্ৰ
- ↑ Ray, Reginald A., ed. (2004). In the Presence of Masters: Wisdom from 30 Contemporary Tibetan Buddhist Teachers, p. 60. Boston, Massachusetts: Shambhala Publications. ISBN 1-57062-849-1
- ↑ Irons 2008, পৃ. 403
- ↑ Robinson Johnson 1997, পৃ. 43
- ↑ Kariyawasam, A.G.S. (1995). Buddhist Ceremonies and Rituals of Sri Lanka. The Wheel Publication. Buddhist Publication Society
- ↑ The Three Treasures. The Pluralism Project. Harvard University
- ↑ Shults, Brett. (May 2014). On the Buddha’s Use of Some Brahmanical Motifs in Pali Texts. Journal of the Oxford Centre for Buddhist Studies. পৃ. 119
- ↑ Getz 2004, পৃ. 673
- ↑ (2004). Festivals and Calendrical Rituals. Encyclopedia of Buddhism. The Gale Group
- ↑ Harvey 2000, পৃ. 80
- ↑ The Eight Precepts: attha-sila. www.accesstoinsight.org
- ↑ Uposatha Sila: The Eight-Precept Observance. www.accesstoinsight.org

- ↑ Sāmi, Dhamma. The 8 precepts. en.dhammadana.org
- ↑ The Eight Precepts: attha-sila. www.accesstoinsight.org
- ↑ Uposatha Sila: The Eight-Precept Observance. www.accesstoinsight.org
- ↑ Sāmi, Dhamma. The 8 precepts. en.dhammadana.org
- ↑ Kohn 1994, পৃ. 1734
- ↑ Terwiel 2012, পৃ. 178
- ↑ Kohn 1994, পৃ. 173
- ↑ Terwiel 2012, পৃ. 1789, 205
- ↑ De Silva 2016, পৃ. 63
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰণ লোৱা (বৌদ্ধ ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৩২৯৫৭৫ (৩১ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।