ইথিঅ’পিয়াৰ নাৰী অধিকাৰ কৰ্মী
১৫ প্ৰবন্ধ
-
আজেব মেছফিন
আজেব মেছফিন হাইলে (Azeb Mesfin Haile; জন্ম: ২১ ডিচেম্বৰ ১৯৬৬) ইথিঅ'পিয়াৰ এগৰাকী ৰাজনীতিবিদ যি ২০০১ চনৰ পৰা ২০১২ চনলৈকে ইথিঅ'পিয়াৰ দ্বিতীয় প্ৰথম মহিলা আছিল৷ তেওঁ ইথিঅ'পিয়াৰ নেচনেল ইনিচিয়েটিভ ফৰ মেণ্টেল হেল্থৰ প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক।
-
আটচেডেৱেইন টেক্লে
আটচেডেৱেইন টেক্লে (Atsedeweine Tekle) ৰিজিঅ’ ইথিঅ'পিয়াৰ এগৰাকী অধিবক্তা আৰু আইনবিদ যি দেশখনৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল৷ তেওঁ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় দুয়োটাতে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা।
-
চেনাইট ফিচেহা
চেনাইট ফিচেহা (Senait Fisseha) এগৰাকী ইথিঅ'পিয়ান-আমেৰিকীয় চিকিৎসক, অধিবক্তা আৰু প্ৰসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ মিচিগান বিশ্ববিদ্যালয়ত এণ্ডক্ৰাইন'লজীত বিশেষজ্ঞতা লাভ কৰে আৰু চাউদাৰ্ণ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা জুৰিছ ডাক্তৰ লাভ কৰে।
-
চেহিন টেফেৰা
চেহিন টেফেৰা (Sehin Teferra) এগৰাকী ইথিঅ'পিয়ান নাৰীবাদী কৰ্মীযি ইথিঅ'পিয়ান পৰিচয়ৰ ধাৰণাক প্ৰচাৰ কৰে আৰু নিজকে প্যান- ইথিঅ'পিয়ান বুলি ভাবে।
-
নাহু সেনয় গিৰ্মা
নাহু সেনই গিৰ্মা (Nahu Senay Girma) এগৰাকী ইথিঅ'পিয়াৰ মহিলা অধিকাৰ কৰ্মী। ২০১০ চনৰ এপ্ৰিল মাহত মহিলাসকলক নেতৃত্বৰ ভূমিকাত প্ৰশিক্ষণ দিবলৈ স্থাপিত বেচৰকাৰী সংস্থা এছ’চিয়েশ্যন অৱ উইমেন ইন বল্ডনেছ (AWiB)ৰ তেওঁ সহ-প্ৰতিষ্ঠাপক৷ কাৰ্যবাহী সঞ্চালিকা হিচাপে কেইবাটাও দাতব্য সংস্থা স্থাপন কৰিছে।
-
নেবিলা আব্দুলমেলিক
নেবিলা আব্দুলমেলিক (Nebila Abdulmelik) এগৰাকী ইথিঅ'পিয়াৰ নাৰীবাদী কৰ্মী আৰু বিশিষ্ট মহিলা অধিকাৰ কৰ্মী। ২০১৩ চনত নিৰ্মমভাৱে ধৰ্ষণৰ সন্মুখীন হোৱা লিজ নামৰ ১৬ বছৰীয়া কেনিয়ান ছোৱালী এজনীৰ ন্যায় বিচাৰি আৰম্ভ কৰা #JusticeforLiz অভিযানৰ নেতৃত্ব দিয়াৰ বাবে তেওঁ সুপৰিচিত আছিল।
-
ফিলছান আবদি
ফিলছান আব্দুল্লাহী আহমেদ (জন্ম ১৯৯২), ফিলছান আবদি বুলিও কোৱা হয়, ছোমালি অঞ্চলৰ এগৰাকী ইথিঅ'পিয়ান কৰ্মী আৰু ৰাজনীতিবিদ। তেখেতে নাবাদ প্ৰকল্পৰ প্ৰতিষ্ঠাপক, যিটো ছমালি অঞ্চলত, সোমালি আৰু অৰোমো সম্প্ৰদায়ৰ মাজত যোগাযোগ আৰু শান্তিৰ প্ৰসাৰৰ বাবে এটা উপগ্ৰহ টেলিভিছন ষ্টেচন।
-
বেৰহানে ৰাস-ৱৰ্ক
বেৰহানে ৰাস-ৱৰ্ক (Berhane Ras-Work) (জন্ম-১৯৪০) ইথিঅ'পিয়াৰ এজন মহিলাৰ যৌনাংগ বিকৃতকৰণৰ(FGM) বিৰোধী কৰ্মী। তেওঁ মহিলা আৰু শিশুৰ স্বাস্থ্যক প্ৰভাৱিত কৰা পৰম্পৰাগত পদ্ধতিসমূহৰ আন্তঃআফ্ৰিকান সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল।[1]
-
বোগালেচ গেব্ৰে
বোগালেচ "বোগে" গেব্ৰে (Bogaletch Gebre; (১৯৫০ চনৰ দশক – ২ নৱেম্বৰ ২০১৯) এগৰাকী ইথিঅ'পিয়াৰ বিজ্ঞানী আৰু কৰ্মী আছিল। ২০১০ চনত দ্য ইণ্ডিপেণ্ডেণ্টে তেওঁক "ইথিঅ'পিয়াৰ মহিলাৰ বিদ্ৰোহ আৰম্ভ কৰা মহিলা" বুলি বৰ্ণনা কৰিছিল।
-
মাৰিয়া ইউছুফ
মাৰিয়া মুনিৰ ইউছুফ ইথিঅ'পিয়াৰ মহিলা অভয়াৰণ্য আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। তেওঁ ইথিঅ'পিয়ান মহিলা উকীল সংস্থাৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
মাৰ্থা কুৱে কুমছা
মাৰ্থা কুৱে কুমছা (Martha Kuwee Kumsa) এগৰাকী নাৰীবাদী আৰু কানাডাৰ উইলফ্ৰিড ল'ৰিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, অৰোমো সংস্কৃতি আৰু সাংস্কৃতিক আৰু অনুপ্ৰৱেশকাৰী পৰিচয়ৰ বিশেষজ্ঞ।
-
শ্বেবা ছাছি
শ্বেবা ছাছি (Sheba Chhachhi(জন্ম-১৯৫৮), ইথিঅ'পিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ, মহিলা অধিকাৰ কৰ্মী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু ইনষ্টলেচন শিল্পী। নতুন দিল্লীত বাস কৰা ছাছিয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ কৰ্মৰাজি ব্যাপকভাৱে প্ৰদৰ্শন কৰিছে।
-
হিলিনা বেৰহানু ডেগেফা
হিলিনা বেৰহানু ডেগেফা (Hilina Berhanu Degefa) (জন্ম-১৯৯২) এগৰাকী ইথিঅ'পিয়ান মহিলা অধিকাৰ কৰ্মী আৰু গৱেষক। আদিছ আবাবা আৰু মেকেলে বিশ্ববিদ্যালয়ত যুৱক-যুৱতীৰ নেতৃত্বত গঢ় লৈ উঠা নাৰীবাদী পোষকতা আৰু সৱলীকৰণ কাৰ্যসূচী দ্য ইয়েলো মুভমেণ্টৰ তেওঁ সহ-প্ৰতিষ্ঠাপক।
-
হিৰৌট গুয়েব্ৰে চেলাছি
হিৰৌট গুয়েব্ৰে চেলাছি (জন্ম-১৯৫২) এগৰাকী ইথিঅ'পিয়াৰ কূটনীতিবিদ আৰু মানৱ অধিকাৰৰ অধিবক্তা। ৰাষ্ট্ৰসংঘত কেইবাটাও জ্যেষ্ঠ পদত অধিষ্ঠিত হৈ শেহতীয়াকৈ ২০১৬ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ২০১৭ চনৰ ৬ আগষ্টলৈকে পশ্চিম আফ্ৰিকা আৰু চাহেলৰ কাৰ্যালয়ৰ উপ-বিশেষ প্ৰতিনিধি (ডি এছ আৰ এছ জি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।