অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সমালোচনাত্মক দৃষ্টি

সমালোচনাত্মক দৃষ্টি (Critical lens) হৈছে শৈলীৰ নিৰ্বাচন, কাহিনীৰ আংগিক, আৰু চৰিত্ৰৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু ইহঁতে এটা নিৰ্দিষ্ট বিষয়বস্তু (প্ৰশ্ন কৰা দৃষ্টি) কেনেকৈ দেখুৱায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাহিত্যৰ কোনো বিশেষ ৰচনাক চোৱাৰ এক উপায়৷ সমালোচনাত্মক দৃষ্টি হৈছে সাধাৰণ সাহিত্য…

হালনাগাদ: ১৩ মে’ ২০২৪ ৪৬৫ শব্দ · ৩ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

সমালোচনাত্মক দৃষ্টি (Critical lens) হৈছে শৈলীৰ নিৰ্বাচন, কাহিনীৰ আংগিক, আৰু চৰিত্ৰৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু ইহঁতে এটা নিৰ্দিষ্ট বিষয়বস্তু (প্ৰশ্ন কৰা দৃষ্টি) কেনেকৈ দেখুৱায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাহিত্যৰ কোনো বিশেষ ৰচনাক চোৱাৰ এক উপায়৷ সমালোচনাত্মক দৃষ্টি হৈছে সাধাৰণ সাহিত্য বিশ্লেষণ কৰাৰ এক কৌশল৷১

প্ৰকাৰসমূহ

সমালোচনাত্মক দৃষ্টিৰ প্ৰকাৰ বিভিন্ন৷ সততে ব্যৱহৃত হোৱা কেইটামান হৈছে:

মাৰ্ক্সবাদী

মাৰ্ক্সবাদী চিন্তাধাৰাৰ আগমনৰ লগে লগে মাৰ্ক্সবাদী সমালোচনাত্মক দৃষ্টি প্ৰচলিত হৈছিল। কেতিয়াবা আৰ্থ-সামাজিক দৃষ্টি বুলিও ইয়াক কোৱা হয়৷ এই সমালোচনাই চৰিত্ৰৰ সম্পদ আৰু সামাজিক সংযোগে মানুহৰ কৰ্ম বা কৰ্মজীৱনত কেনে প্ৰভাৱ পেলায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।২ লিঅ'ন ট্ৰটস্কিৰ সাহিত্য আৰু বিপ্লৱত দাবী কৰা হৈছে যে "পুৰণি সাহিত্য আৰু "সংস্কৃতি" আছিল সম্ভ্ৰান্ত আৰু আমোলাজনৰ প্ৰকাশ" আৰু "সৰ্বহাৰায়ো নিজৰ সংস্কৃতি আৰু নিজৰ শিল্প সৃষ্টি কৰিব লাগিব"।৩ মাৰ্ক্সবাদী সমালোচনাত্মক দৃষ্টিৰ বাবে এনে দৃষ্টিভংগী সাধাৰণ।

মনোবিশ্লেষণ

সাধাৰণতে ফ্ৰয়ডিয়ান নাইবা য়াংগিয়ান সমালোচনাত্মক দৃষ্টি হিচাপে পৰিচিত এইটো চিন্তাধাৰাই চৰিত্ৰৰ মনোবৈজ্ঞানিক উদ্দেশ্যবোৰ বিশ্লেষণ কৰে৷ জাংগিয়ান সাহিত্যিক সমালোচনাই সাধাৰণতে জাংগিয়ান আদিৰূপকটোক অগ্ৰাধিকাৰ দিয়ে৷৪

নাৰীবাদী

নাৰীবাদী সাহিত্যিক সমালোচনা হৈছে নাৰীবাদী তত্ত্বৰ দ্বাৰা বা অধিক বহলভাৱে ক’বলৈ গ’লে নাৰীবাদৰ ৰাজনীতিৰ দ্বাৰা অৱগত সাহিত্যিক সমালোচনা। ইয়াত নাৰীবাদৰ নীতি আৰু মতাদৰ্শ ব্যৱহাৰ কৰি সাহিত্যৰ ভাষা সমালোচনা কৰা হৈছে। সাহিত্যৰ ভিতৰত নিহিত হৈ থকা অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, মানসিক শক্তিসমূহৰ সন্ধান কৰি সাহিত্যই পুৰুষ আধিপত্যৰ আখ্যান কিদৰে চিত্ৰিত কৰে, সেই বিষয়ে বিশ্লেষণ আৰু বৰ্ণনা কৰিব বিচাৰিছে এই চিন্তাধাৰাই৷৫

লিংগ/কুইৰ অধ্যয়ন

লিংগ/কুইৰ দৃষ্টি নাৰীবাদী সমালোচনাৰ দ্বাৰা প্ৰভাৱিত হ'লেও ই লিংগক অগ্ৰাধিকাৰ দিয়ে৷ লগতে এই অধ্যয়নে মানৱ যৌনতাকো বিবেচনা কৰে।৬ ডেভিড ৰিখটাৰে দ্য ক্ৰিটিকেল ট্ৰেডিচন: ক্লাছিক টেক্সটছ এণ্ড কন্টেম্পৰেৰী ট্ৰেণ্ডছত উল্লেখ কৰিছে যে "XXY চিনড্ৰম, প্ৰাকৃতিক যৌন দ্বিৰূপতা, লগতে অস্ত্ৰোপচাৰৰ ট্ৰেন্সচেক্সুৱেলসকলে [...] বাইনাৰী শ্ৰেণীবিভাজনৰ প্ৰচেষ্টাক অৱজ্ঞা কৰে"। প্ৰগাঢ় হৈ উঠা এলজিবিটি সম্প্ৰদায়ৰ চিন্তাধাৰাাই এই দৃষ্টিক যথেষ্ট প্ৰভাৱিত কৰিছে৷ ৭

চেমিঅটিক্স

গাঁথনিবাদৰ দ্বাৰা প্ৰভাৱিত হোৱা গাঁথনিবাদী সাহিত্যিক দৃষ্টিৰ পৰাই চেমিঅ’টিক সাহিত্যিক দৃষ্টি গঢ় লৈ উঠিছে।

নীতিশিক্ষামূলক

প্লেটোৰ ৰিপাব্লিকৰ দশম কিতাপতে আৰম্ভ হোৱা নৈতিক দৃষ্টি বা নীতিশিক্ষামূলক দৃষ্টি আছিল আটাইতকৈ প্ৰাচীন সমালোচনাত্মক দৃষ্টি। ইয়াত তেওঁ লক্ষ্য কৰিছে যে "যদি কবিতাৰ প্ৰভাৱত মানুহে ন্যায় আৰু গুণক অৱহেলা কৰে তেন্তে কোনোবা লাভৱান হ'বনে?"৮ এই দৃষ্টিটো ১৯ শতিকাৰ শেষৰ ফালে সাধাৰণ আছিল। উদাহৰণস্বৰূপে, জনাথন চুইফটৰ গালিভাৰছ্ ট্ৰেভেলছত গালিভাৰে তেওঁৰ এখন চিঠিত লক্ষ্য কৰিছে যে তেওঁ "মানুহৰ সংশোধনৰ বাবে লিখিছিল, তেওঁলোকৰ অনুমোদনৰ বাবে নহয়",৯ সেই সময়ৰ বিশ্বাসক প্ৰতিফলিত কৰা উপন্যাসখন আছিল মূলতঃ এটা মাধ্যম৷ ইয়াৰ লক্ষ্য আছিল জনসাধাৰণক নিৰ্দেশনা দিয়া৷ মনোৰঞ্জন আছিল মাত্ৰ এটা গৌণ লক্ষ্য। বিশেষকৈ সেই সময়ৰ শিশুসকলৰ বাবে লিখা কিতাপবোৰত নীতিশিক্ষাৰ সম্বন্ধীয় কথাটো সঁচা৷ সাধুৰ জৰিয়তে নীতিশিক্ষা প্ৰদান কৰাৰ কৌশলটো অসমীয়া সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত বুঢ়ী আইৰ সাধুতো১০ দৃষ্টিগোচৰ হৈছে৷ এগৰাকী আলোচকৰ মতে, আমাৰ অতি মৰমৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ দৰে আন আন ভাষাতো প্ৰচলিত সাধুকথাসমূহৰ মাজেৰে সদায় ভালৰ ফল ভাল আৰু বেয়াৰ পৰিণতি বেয়া হোৱাৰ এক নীতিশিক্ষা থাকে। শিশুমনে সেইবাবে এই সাধুকথাবোৰৰ মাজেৰে বেয়াখিনি বাদ দি ভাল হ’বলৈ যত্ন কৰাৰ এক উপদেশ লাভ কৰে।১১

পৰিৱেশ সমালোচনা

পৰিৱেশ সমালোচনাই পৰিৱেশ আৰু পৰিৱেশগত দৃষ্টিকোণৰ পৰা ৰচনাখনক বা সৃষ্টিটোক সম্বোধন কৰে।

বিকাশ

আটাইতকৈ প্ৰাচীন সমালোচনাত্মক দৃষ্টিটো আছিল নৈতিক দৃষ্টি বা নীতিশিক্ষামূলক দৃষ্টি, যি খ্ৰীষ্টপূৰ্ব ৩৬০ চনত প্লেটোৰ ৰিপাব্লিকৰ লেখাত দৃষ্টিগোচৰ হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Lab, Purdue Writing. Introduction to Literary Theory // Purdue Writing Lab. Purdue Writing Lab
  2. ↑ Lab, Purdue Writing. Marxist Criticism // Purdue Writing Lab. Purdue Writing Lab
  3. ↑ Trotsky, Leon. (2005). Literature and revolution. Haymarket Books. ISBN 1931859167
  4. ↑ Lab, Purdue Writing. Psychoanalytic Criticism // Purdue Writing Lab. Purdue Writing Lab
  5. ↑ Literary Theory and Schools of Criticism. Purdue OWL
  6. ↑ Lab, Purdue Writing. Gender Studies and Queer Theory // Purdue Writing Lab. Purdue Writing Lab
  7. ↑ Richter, David H. (1998). The Critical tradition: classic texts and contemporary trends. Bedford Books. ISBN 0312101066
  8. ↑ The Internet Classics Archive · The Republic by Plato. classics.mit.edu
  9. ↑ Swift, Jonathan. Gulliver's travels. ISBN 9781982711368
  10. ↑ (জানুৱাৰী ২, ২০২১). লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্যত নীতিশিক্ষা. সমগ্ৰ শিক্ষা
  11. ↑ গোস্বামী, মালিনী. (১৫ মাৰ্চ, ২০১২). এখন দেশত এজন ৰজা আছিল. নীলা চৰাই

সম্পৰ্কিত শ্ৰেণী

সাহিত্যসমালোচনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমালোচনাত্মক দৃষ্টি” প্ৰবন্ধৰ সংশোধন ৪২১০৭৫ (১৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।