শান্তি টেৰেছা লক্ৰা(:Shanti Teresa Lakra) এগৰাকী ভাৰতীয় চিকিৎসা নাৰ্ছ আৰু স্বাস্থ্যসেৱা পেছাদাৰী মহিলা। শান্তি টেৰেছা ২০০৪ চনৰ চুনামীৰ পিছত আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ অংগে জনগোষ্ঠীৰ প্ৰতি কৰা সেৱাৰ বাবে বেছি জনাজাত।১২৩ যাৰ বাবে ভাৰত চৰকাৰে ২০১১ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মান জনোৱা হয়৷৪
জীৱনী
১৯৭২ চনৰ ১ মে'ত মধ্য আন্দামান, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰংগাট নামৰ এখন সৰু গাঁৱত শান্তি টেৰেছা লক্ৰাৰ জন্ম হৈছিল।১ নাৰ্চিং বিষয়ত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত ২০০১ চনত আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ত অক্সিলিয়াৰী নাৰ্ছ আৰু ধাত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ প্ৰাৰম্ভিক পোষ্টিং আছিল অংগে মানুহৰ দেশ ডুগং ক্ৰিকৰ জনস্বাস্থ্য কেন্দ্ৰত।১২৫ ২০০৪ চনৰ চুনামীয়ে সেই বসতিস্থলসমূহত ধ্বংসলীলাৰ সৃষ্টি কৰাৰ সময়ত তেওঁ তাত পাঁচ বছৰ কাম কৰিছিল।.২ লক্ৰাই দুবছৰ ধৰি মুকলি তম্বুত বাস কৰা বুলি কোৱা হয়,৬ উক্ত দিনবোৰত তেওঁ নিজৰ সন্তানৰ পৰা আতৰত থাকি সিহঁতক শাহুৱেকৰ লগত থৈ সেই অঞ্চল বাসিক পৰিচৰ্য্যা কৰিছিল।৭ ইউনিচেফৰ প্ৰশিক্ষিত স্বাস্থ্য পেছাদাৰী লক্ৰাই অংগে লোকসকলৰ সৈতে কাম কৰিছিল যিয়ে কমি অহা৮ অংগে জনসংখ্যাৰ আয়ুসত ইতিবাচক প্ৰভাৱ পেলোৱা বুলি জনা যায়।৯৭ কেথলিক হেল্থ এছ'চিয়েচন অৱ আন্দামান এণ্ড নিকোবাৰ দ্বীপপুঞ্জ (CHAANI)-এ ২০১০ চনত লক্ৰাক বছৰৰ শ্ৰেষ্ঠ নাৰ্ছ হিচাপে সন্মান জনায়।৬ সেই বছৰতে ভাৰত চৰকাৰে নাৰ্চিং স্বাস্থ্যসেৱাৰ শাখাৰ সৰ্বোচ্চ ভাৰতীয় বঁটা১২৬ ফ্ল'ৰেন্স নাইটিংগেল বঁটাৰ বাবে লক্ৰাক নিৰ্বাচন কৰে।৭ এবছৰৰ পিছত চৰকাৰে ইয়াৰ পিছত পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে।৪ শান্তি টেৰেছা লক্ৰাৰ বিবাহিত শ্বাজী ভাৰ্গেজৰ সৈতে যিয়ে এটা ক্ষুদ্ৰ ব্যৱসায়িক ইউনিট চলাই আছে। দম্পতীহালৰ এজন পুত্ৰ আছে।৭
তথ্যসূত্ৰ
- ↑ Trained Nurses' Association of India. (May 2011). Shanti Teresa Lakra Conferred Padma Shri Award. The Nursing Journal of India
- ↑ (4 February 2011). Web India. Web India
- ↑ (2014). UNICEF. UNICEF
- ↑ (2014). Padma Shri. Padma Shri
- ↑ (12 October 2010). Jagaran Josh. Jagaran Josh
- ↑ EBSCO. (May 2010). India's angels of mercy serve with a smile. South Asian Post. পৃ. 12
- ↑ (2011). Press Information Bureau. Press Information Bureau
- ↑ Dept. of Anthropology, Ranchi University, Bihar. (1976). Journal of Social Research. Journal of Social Research
- ↑ (2014). Thesi Profile. Thesi Profile
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তি টেৰেছা লক্ৰা” প্ৰবন্ধৰ সংশোধন ৬২৯১০২ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।