অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লোগান ব্ৰাউনিং

লোগান লৰিচ ব্ৰাউনিং (ইংৰাজী: Logan Browning; জন্ম: ৯ জুন, ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০১৭ চনৰ নেটফ্লিক্স ধাৰাবাহিক ডিয়াৰ হোৱাইট পিপলত চামান্থা হোৱাইটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

লোগান লৰিচ ব্ৰাউনিং (ইংৰাজী ভাষা: Logan Browning; জন্ম: ৯ জুন, ১৯৮৯)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ ২০১৭ চনৰ নেটফ্লিক্স ধাৰাবাহিক ডিয়াৰ হোৱাইট পিপলত চামান্থা হোৱাইটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ইয়াৰ উপৰি তেওঁ ২০০৭ চনৰ চলচ্চিত্ৰ ব্ৰাটজ: দ্য মুভিত ছাশা, মিট দ্য ব্ৰাউনছত ব্ৰায়ানা ব্ৰাউন, ভিএইচ১ ধাৰাবাহিক হিট দ্য ফ্লৰত জেলেনা হাওৱাৰ্ড আৰু প্লেষ্টেশ্যন নেটৱৰ্কৰ ধাৰাবাহিক পাৱাৰ্ছত জোৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।২

প্ৰাৰম্ভিক জীৱন

ব্ৰাউনিংৰ জন্ম হৈছিল জৰ্জিয়াৰ আটলাণ্টাত। তেওঁৰ জন্মদত্ৰী মাতৃ এগৰাকী শ্বেতাংগ মহিলা আৰু জন্মদত্ৰী পিতৃ এজন আফ্ৰিকান আমেৰিকান ব্যক্তি আছিল। তেওঁৰ তোলনীয়া পিতৃ মিশ্ৰিত বৰ্ণৰ আৰু তোলনীয়া মাতৃ আফ্ৰিকান-আমেৰিকান বংশোদ্ভূত।৩ ডাঙৰ-দীঘল হোৱাৰ সময়ত তেওঁ থলুৱা বেলে কোম্পানীত নৃত্য কৰাৰপৰা আৰম্ভ কৰি কনিষ্ঠ উচ্চ বিদ্যালয়ত চিয়াৰলীডিঙলৈকে বহুতো কাম কৰিছিল। তেওঁ টেনেচীৰ নেচভিলত থকা ভাণ্ডাৰবিল্ট ইউনিভাৰ্ছিটিত অধ্যয়ন কৰিছিল।৪

কেৰিয়াৰ

২০০৭ চনৰ চলচ্চিত্ৰ ''ব্ৰাটজ: দ্য মুভি''ৰ প্ৰচাৰৰ সময়ত লোগান ব্ৰাউনিং
২০০৭ চনৰ চলচ্চিত্ৰ ব্ৰাটজ: দ্য মুভিৰ প্ৰচাৰৰ সময়ত লোগান ব্ৰাউনিংছবি: RobinWong · CC BY 2.5

২০০৩ চনত ব্ৰাউনিঙে আটলাণ্টাৰ বাৰ্বিজোণ মডেলিং এণ্ড এক্টিং স্কুলত পাঠ্যক্ৰম গ্ৰহণ কৰি কম বয়সৰপৰাই অভিনয়ৰ চৰ্চা কৰিছিল। তেওঁ কিশোৰ ধাৰাবাহিক চামাৰলেণ্ডত কেৰী নামৰ চৰিত্ৰটোৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু ২০০৫–০৬ বৰ্ষত নিকেলোডিয়ন ধাৰাবাহিক নেড'ছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইডত ভানেছাৰ চৰিত্ৰত অভিনয় কৰে।

২০০৭ চনত ব্ৰাউনিঙে জনপ্ৰিয় ফেশ্বন ডল লাইনৰ ওপৰত আধাৰিত লাইভ-একচন ফিচাৰ ব্ৰাটজ: দ্য মুভিত অন্যতম মুখ্য চৰিত্ৰ ছাশাৰ চৰিত্ৰত অভিনয় কৰে।

ব্ৰাউনিঙে মিট দ্য ব্ৰাউনছ ধাৰাবাহিকৰ দ্বিতীয় ছিজনত ব্ৰায়ানা অৰ্টিজ হিচাপে যোগদান কৰে। তেওঁ ডিজনী এক্সডি ধাৰাবাহিক পেয়াৰ অৱ কিংছত এটা আবৰ্তক চৰিত্ৰত অভিনয় কৰিছিল।

২০১২ চনৰ এপ্ৰিল মাহত ব্ৰাউনিঙক ভিএইচ১ ধাৰাবাহিক হিট দ্য ফ্লৰত জেলেনা হাওৱাৰ্ড হিচাপে নিৰ্বাচিত কৰা হয়। এই ধাৰাবাহিকখনত অভিনয় কৰাৰ আগতে ব্ৰাউনিং এগৰাকী পেছাদাৰী নৃত্যশিল্পী নাছিল, কিন্তু চৰিত্ৰটোৰ প্ৰয়োজনত তেওঁ ৮ মাহ ধৰি প্ৰশিক্ষণ লৈছিল। ২০১৬ চনৰ জুলাই মাহত ঘোষণা কৰা হৈছিল যে ব্ৰাউনিঙে নেটফ্লিক্স ধাৰাবাহিক ডিয়াৰ হোৱাইট পিপলত চামান্থা হোৱাইটৰ চৰিত্ৰত অভিনয় কৰিব। ২০১৭ চনত তেওঁ নেটফ্লিক্সৰ ভৌতিক ছবি দ্য পাৰফেকশ্যনত লিজিৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়, যিখন চিনেমা ২০১৯ চনত মুক্তি পাইছিল।৫

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বছৰনামচৰিত্ৰটোকা
২০০৭ব্ৰাটজ: দ্য মুভিছাশা
২০১৩ব্ৰেকিং এট দ্য এজছাৰা
২০১৫ব্ৰাদাৰলী লভট্ৰিনা
২০১৯দ্য পাৰফেকশ্যনএলিজাবেথ "লিজি" ৱেলছ

টেলিভিছন

বছৰনামচৰিত্ৰটোকা
২০০৪–২০০৫চামাৰলেণ্ডকেৰী৪টা খণ্ড
২০০৫–২০০৬নেড'ছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইডভানেছা৫টা খণ্ড
২০০৯–২০১১মিট দ্য ব্ৰাউনছব্ৰায়ানা ব্ৰাউনমূল চৰিত্ৰ (ছিজন ২–৫); ১০৬টা খণ্ড
২০১০–২০১৩পেয়াৰ অৱ কিংছৰেবেঁকা ডছন৬টা খণ্ড
২০১১দ্য চিক্ৰেট চাৰ্কলচেলী মেথিউজ২টা খণ্ড
২০১৩–২০১৮হিট দ্য ফ্লৰজেলেনা হাওৱাৰ্ডমূল চৰিত্ৰ (ছিজন ১–৪); ৩৩টা খণ্ড
২০১৪টাইলাৰ পেৰী'ছ ফৰ বেটাৰ অৰ ৱৰ্চশ্বন২টা খণ্ড
২০১৫পাৱাৰ্ছজোৰা১০টা খণ্ড
২০১৬ছাৰ্ভাইভাৰ'ছ ৰিমৰ্চট্ৰিনাঅতিথি শিল্পী
২০১৭–২০২১ডিয়াৰ হোৱাইট পিপলচামান্থা হোৱাইটমূল চৰিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Logan Browning . crowhavenroad.org
  2. ↑ (February 3, 2017). 'Dear White People' actress Logan Browning on Hollywood and giving back. ESPN
  3. ↑ (May 3, 2018). Breakfast Club: The Cast Of 'Dear White People' Talks Interracial Dating, Use Of The N-Word + More (Minute 26:40). WWPR-FM Power 105.1
  4. ↑ Orenstein, Hannah. (May 2, 2017). 11 Things You Didn't Know About "Dear White People" Star Logan Browning. Seventeen (American magazine). Hearst Communications
  5. ↑ Hasty, Katie. (December 30, 2018). Here's every 2019 movie release date so far. Entertainment Weekly. Meredith Corporation

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোগান ব্ৰাউনিং” প্ৰবন্ধৰ সংশোধন ৫৯৬৫৩৩ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।