লেতেকুপুখুৰী হৈছে অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ঐতিহাসিক গাঁও।১ এই স্থানটো মাধৱদেৱৰ জন্মস্থান হিচাপে জনাজাত।২
এই অঞ্চল অতীতত বৰ-নাৰায়ণপুৰ নামেৰে জনাজাত আছিল আৰু কামতা ৰাজ্যৰ সময়ৰে পৰা এক ঐতিহাসিক স্থান হিচাপে বিবেচিত। অঞ্চলটো শোণিতপুৰ জিলা জিলাৰ কলাবাৰী অঞ্চললৈকে বিস্তৃত আছিল। ইতিহাসবিদ অনুসৰি, এই অঞ্চল (বিশেষকৈ লেতেকুপুখুৰী) এসময়ত চুতীয়া ৰজা সত্যনাৰায়ণৰ ৰাজধানী আছিল।৩
মাধৱদেৱৰ জন্ম
১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।৪ প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান সম্পৰ্কত বিংশ শতিকাত যথেষ্ট বিতৰ্ক চলি আছিল। সেই বিতৰ্ক অনুসৰি নাৰায়ণপুৰ অঞ্চলৰ ৰঙাজান গাঁৱতহে মাধৱদেৱৰ জন্ম হৈছিল বুলি একাংশ ভকতে দাবী কৰিছিল। এই বিতৰ্কৰ বাবেই ১৯৫৪ চনত তেতিয়াৰ বিধায়ক নীলমণি ফুকনক সভাপতি হিচাপে লৈ মাধৱদেৱ জন্মস্থান অনুসন্ধান সমিতি গঠন কৰিছিল। এই অনুসন্ধান সমিতিয়ে দিয়া সিদ্ধান্তসমূহৰ ভিতৰত প্ৰধানকৈ আছিল প্ৰথমতে, নাৰায়ণপুৰত উজীৰ বৰাৰ টোলত লেতেকুপুখুৰীৰ পাৰত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। এই বিষয়ে চৰিত পুথি, কিংবদন্তী আৰু ভৌগোলিক সীমা একমত।
ভৌগোলিক অৱস্থান
নাৰায়ণপুৰ নগৰৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ১৫ কি: মি: উত্তৰ পূবে বৰবালি নামৰ ঠাইত এই লেতেকুপুখুৰী অৱস্থিত।লেতেকুপুখুৰীকে আদিকৰি সমগ্ৰ নাৰায়ণপুৰৰ ভৌগোলিক স্থানাংক ২৬°৫৯'৪৭উ: আৰু ৯৩°৫৩'৪৯পূ:, ই জিলা সদৰ উত্তৰ লখিমপুৰ পৰা প্ৰায় ৫৪ কি: মি: পশ্চিমে অৱস্থিত। নাৰায়ণপুৰৰ পূবে বিহপুৰীয়া (নগৰ), উত্তৰে বান্দৰদেৱা আৰু পশ্চিমে গহপুৰ, দক্ষিণ দিশত মহাবাহু ব্ৰহ্মপুত্ৰ নদ।
মাধৱদেৱৰ জন্মস্থান, উজীৰৰ টোল
গুৰুচৰিতৰ আঁত ধৰি একাংশই হৰিশিঙা বৰা উজীৰৰ টোলত মাধৱদেৱৰ জন্ম হয় বুলি নিশ্চিত কৰি অঞ্চলটোৰ পুৰ্বৰ বাসিন্দা আৰু আঢ্যৱন্ত লোকৰ সহায়ত উজীৰৰ টোল বুলি ৰঙাজান অঞ্চলৰ ১৫ পূৰা মাটিৰে উত্তৰে পাঁচটি আৰু পূবে পাঁচটি পুৰণি বৰ পুখুৰী আৰু ঢাপেৰে বৃহত বাহিৰ টোল, আহল বহল ছয়টি ঘৰৰ ভেটি আৰু ঢাপেৰে সৈতে এটি ভিতৰ টোলৰ উপযোগী স্থান চিনাক্তকৰণ কৰি ইয়াকে উজীৰৰ টোল হ'ব বুলি ঠাৱৰ কৰে। ১৯২৬ চনৰ পৰাই উজীৰৰ টোলতে মাধৱদেৱৰ জন্মস্থান বুলি সাধাৰণভাৱে নামঘৰ সাজি নাম-কীৰ্তন কৰাৰ ব্যৱস্থাৰে মাধৱদেৱৰ জন্মস্থান, উজীৰৰ টোল, ৰঙাজান’ প্ৰতিষ্ঠা হয় বুলিব পাৰি। পৰৱৰ্তী সময়ত মাধৱদেৱৰ জন্মস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত স্থানীয় লোকৰ মতভেদ হোৱা দেখা যায়। মাধৱদেৱৰ জন্মস্থান নিৰ্ণয় কৰিবৰ বাবে ১৯৫৬ চনত সাহিত্যিক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তদানীন্তন পদাধিকাৰ ডিম্বেশ্বৰ নেওগদেৱৰ সভাপতিত্বত গঠিত হোৱা জন্মস্থান নিৰ্ণয় সমিতিয়ে কাচিকটাৰ এৰাসুঁতিত শিলডুবিৰ সমীপ্যই তদুপৰি প্ৰথম আৰু প্ৰধানকৈ ৰাজবিষয়াৰ উপযোগী টোলৰ সুস্পষ্ট নিদৰ্শনে ৰঙাজান জন্মস্থান খনিকেই গুৰুজনাৰ জন্মস্থান বুলি মত দিয়ে।৫ ফলত আজিও মাধৱদেৱৰ জন্মস্থান সম্পৰ্কে ভ্ৰান্তি আঁতৰা নাই। সেইবাবে ৰঙাজান আৰু লেতেকুপুখুৰী দুয়ো ঠাইতে মাধৱদেৱৰ জন্মস্থান বুলি দুয়োপক্ষই দাবী কৰি আহিছে।
তথ্যসূত্ৰ
- ↑ নাৰায়ণপুৰৰ ভৌগোলিক স্থানাংক
- ↑ Historical overview of Narayanpur
- ↑ Nath, R.M. (1948). The Background of Assamese Culture. Published by Author, Shillong, Assam
- ↑ Mahapurush Srimanta Madhabdeva | Srimanta Madhabdeva | Mahapurush Madhabdeva | Madhabdeva | Sri Sri Madhabdeva | History of Madhabdeva. Assaminfo.com
- ↑ প্ৰিয়ম আৰু চেতিয়া,, আকাশ আৰু প্ৰতিমা,. লখিমপুৰ জিলাৰ সত্ৰসমূহৰ ঐতিহ্য অৰু অৱস্থিতি. পাঞ্চজন্য বুকচ,. পৃ. 58-59. ISBN 978-93-88645-84-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেতেকুপুখুৰী” প্ৰবন্ধৰ সংশোধন ৫০৩৭৭০ (১৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।