অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুই ই. ব্ৰুচ

লুই ইউজিন ব্ৰুচ (Louis Eugene Brus; জন্ম: ১০ আগষ্ট ১৯৪৩) এগৰাকী আমেৰিকান ৰসায়নবিদ। তেওঁ বৰ্তমান কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেমুৱেল লেথাম মিচেল আসনৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক। তেওঁ কোৱাণ্টাম ডট নামেৰে জনাজাত কলয়ডেল অৰ্ধপৰিবাহী নেন'স্ফটিকৰ সহ-আৱিষ্কাৰক।

হালনাগাদ: ৩ অক্টোবৰ ২০২৪ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লুই ইউজিন ব্ৰুচ (Louis Eugene Brus; জন্ম: ১০ আগষ্ট ১৯৪৩) এগৰাকী আমেৰিকান ৰসায়নবিদ।১২ তেওঁ বৰ্তমান কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেমুৱেল লেথাম মিচেল আসনৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক। তেওঁ কোৱাণ্টাম ডট নামেৰে জনাজাত কলয়ডেল অৰ্ধপৰিবাহী নেন'স্ফটিকৰ সহ-আৱিষ্কাৰক।৩ ২০২৩ চনত তেওঁ এই আৱিষ্কাৰৰ বাবে এলেক্সি একিম'ভ আৰু মুঞ্জী বাৱেণ্ডিৰ সৈতে যুটীয়াভাৱে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৩ চনত আমেৰিকাৰ অহাইঅ’ৰ ক্লিভলেণ্ডত লুই ইউজিন ব্ৰুচৰ জন্ম হৈছিল। কানছাছৰ ৰ'লেণ্ড পাৰ্কত হাইস্কুলীয়া শিক্ষা গ্ৰহণৰ সময়ত তেওঁৰ ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰতি আগ্ৰহ জন্মিছিল।৪

১৯৬১ চনত নেভাল ৰিজাৰ্ভ অফিচাৰ্ছ ট্ৰেইনিং কৰ্পছ (এন আৰ অ’ টি চি) কলেজৰ বৃত্তিৰে ৰাইচ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তেওঁ মিডশ্বিপমেন হিচাপে সাগৰত এন আৰ অ’ টি চিৰ কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিবলগীয়া হয়। ১৯৬৫ চনত তেওঁ ৰাইচ বিশ্ববিদ্যালয়ৰ পৰা ৰাসায়নিক পদাৰ্থ বিজ্ঞানত বিএছ ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত তেওঁ ডক্টৰেট ডিগ্ৰীৰ গৱেষণাৰ বাবে কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তেওঁৰ গৱেষণা পত্ৰৰ বাবে তেওঁ ৰিচাৰ্ড বেৰ্শনৰ তত্বাৱধানত ছডিয়াম আয়'ডাইড বাষ্পৰ আলোকবিভাজনৰ গৱেষণা কৰিছিল। পি এইচ ডি লাভ কৰাৰ পিছত ১৯৬৯ চনত ব্ৰুচে নৌসেনালৈ লেফটেনেণ্ট হিচাপে উভতি আহে আৰু ৱাশ্বিংটন ডি.চি.ৰ আমেৰিকাৰ নৌসেনাৰ গৱেষণা পৰীক্ষাগাৰত লিন মিং-চাঙৰ সহযোগত বৈজ্ঞানিক কৰ্মচাৰী বিষয়া হিচাপে কৰ্মজীৱন কৰে।

বেৰ্শনৰ পৰামৰ্শ অনুসৰি ব্ৰুছে নৌসেনা স্থায়ীভাৱে এৰি ১৯৭৩ চনত এ টি এণ্ড টি বেল লেবৰেটৰীত যোগদান কৰে আৰু তাত তেওঁ কোৱাণ্টাম ডটৰ আৱিষ্কাৰ সম্পৰ্কীয় গৱেষণা আৰম্ভ কৰে। ১৯৯৬ চনত ব্ৰুছে বেল লেবছ এৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে।

তথ্যসূত্ৰ

  1. ↑ (September 13, 2023). Louis Eugene Brus. American Academy of Arts & Sciences
  2. ↑ Profile of Louis Eugene Brus
  3. ↑ Brus, Louis E. (1984). Electron–electron and electron-hole interactions in small semiconductor crystallites: The size dependence of the lowest excited electronic state. The Journal of Chemical Physics. পৃ. 4403–4409
  4. ↑ Davis, Tinsley. (February 2005). Biography of Louis E. Brus. Proceedings of the National Academy of Sciences. পৃ. 1277–1279

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুই ই. ব্ৰুচ” প্ৰবন্ধৰ সংশোধন ৪৩৫০১০ (৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।