অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লী হিয়ন-ছ'

লী হিয়ন-ছ' (ইংৰাজী: Lee Hyeon-seo; জন্ম: জানুৱাৰী ১৯৮০) এগৰাকী উত্তৰ কোৰিয়াৰ পলাতক আৰু অধিকাৰ কৰ্মী, যিয়ে বৰ্তমান দক্ষিণ কোৰিয়াৰ ছ'উল চহৰত বাস কৰে। তেওঁ উত্তৰ কোৰিয়াৰ পৰা পলাই চীন আৰু লাওছৰ জৰিয়তে নিজৰ পৰিয়ালকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

লী হিয়ন-ছ' (ইংৰাজী: Lee Hyeon-seo; জন্ম: জানুৱাৰী ১৯৮০) এগৰাকী উত্তৰ কোৰিয়াৰ পলাতক আৰু অধিকাৰ কৰ্মী, যিয়ে বৰ্তমান দক্ষিণ কোৰিয়াৰ ছ'উল চহৰত বাস কৰে। তেওঁ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ "দ্য গাৰ্ল উইথ চেভেন নেমছ" (The Girl with Seven Names)ৰ বাবে জনাজাত।১ তেওঁ উত্তৰ কোৰিয়াৰ পৰা পলাই চীন আৰু লাউচৰ জৰিয়তে নিজৰ পৰিয়ালকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।২

উত্তৰ কোৰিয়াত প্ৰাৰম্ভিক জীৱন

লী হিয়ন-ছ' উত্তৰ কোৰিয়াৰ হিয়েছান চহৰত ডাঙৰ দীঘল হৈছিল। তেওঁ কৈছিল, "যেতিয়া মই সৰু আছিলোঁ, মই ভাবিছিলোঁ যে মোৰ দেশ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ।" সাত বছৰ বয়সত, তেওঁ প্ৰথমবাৰৰ বাবে এটা ৰাজহুৱা মৃত্যুদণ্ড প্ৰত্যক্ষ কৰিছিল। তেওঁৰ পৰিয়াল দৰিদ্ৰ নাছিল, কিন্তু ১৯৯০ দশকৰ দুৰ্ভিক্ষৰ সময়ত তেওঁ বহু কষ্ট আৰু মৃত্যুৰ সাক্ষী হৈছিল।৩

পলায়ন

চীনলৈ যাত্ৰা

১৯৯৭ চনত, লী হিয়ন-ছ'য়ে চীন আৰু উত্তৰ কোৰিয়াৰ সীমাত থকা য়ালু নৈ অকলে পাৰ হৈ চীনলৈ পলাই যায়। প্ৰথমে তেওঁ কিছুদিনৰ বাবে চীনলৈ গৈ পুনৰ উত্তৰ কোৰিয়ালৈ উভতি আহিবলৈ পৰিকল্পনা কৰিছিল, কিন্তু পৰিস্থিতি জটিল হোৱাত তেওঁ চীনত অবৈধ অভিবাসী হিচাপে আত্মীয়সকলৰ সৈতে বাস কৰিবলৈ বাধ্য হয়। তেওঁ এজনী মানসিকভাৱে অসুস্থ ছোৱালীৰ পৰিচয় ক্ৰয় কৰি পাচপ'ৰ্ট আৰু গাড়ী চালনাৰ অনুমতি পত্ৰ লাভ কৰিছিল। এবাৰ, উত্তৰ কোৰিয়াৰ নাগৰিক বুলি সন্দেহৰ বাবে, তেওঁক চীনৰ আৰক্ষীয়ে সোধাপোছা কৰিছিল, কিন্তু তেওঁৰ চীনা ভাষাৰ জ্ঞানৰ বাবে তেওঁ সেই পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

দক্ষিণ কোৰিয়ালৈ পলায়ন

দহ বছৰ চীনত অবৈধভাৱে থাকিবলৈ বাধ্য হোৱাৰ পিছত, লী হিয়ন-ছ'য়ে ২০০৮ চনৰ জানুৱাৰীত দক্ষিণ কোৰিয়ালৈ পলাই যায়। ছ'উলত উপস্থিত হোৱাৰ পিছত, তেওঁক অভিবাসন কাৰ্যালয়ত সোধাপোছা কৰা হয় আৰু তেওঁৰ পৰিচয় নিশ্চিত কৰা হয়। তেওঁক এটা অভিযোজন প্ৰশিক্ষণ দিয়াৰ পিছত থাকিবৰ বাবে এটা ঘৰ প্ৰদান কৰা হয়।৪ তেওঁ উল্লেখ কৰে যে উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত শিক্ষা, সংস্কৃতি আৰু ভাষাগত দিশত উল্লেখযোগ্য পাৰ্থক্য আছে, কাৰণ ৬৭ বছৰীয়া পৃথকীকৰণে ভিতৰি ভিতৰি তেওঁলোকক বেলেগ কৰি পেলালে। ‌"৪ নতুন পৰিৱেশত খাপ খোৱাটো তেওঁৰ বাবে কঠিন হৈছিল যদিও অৱশেষত তেওঁ নিজৰ নতুন জীৱনৰ অৰ্থ বিচাৰি পাবলৈ সক্ষম হ'ল।৪

পৰিয়ালৰ উদ্ধাৰ

চীনলৈ পলাই যোৱাৰ পিছত, লী হিয়ন-ছ'য়ে জানিব পাৰিছিল যে উত্তৰ কোৰিয়াৰ আৰক্ষীয়ে তেওঁৰ পৰিয়াললৈ মধ্যভোগীৰ যোগেদি পঠিওৱা ধন আটক কৰিছে, আৰু তেওঁৰ মাতৃ আৰু ভায়েকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।৩ তেওঁ সিদ্ধান্ত লয় যে তেওঁ নিজৰ পৰিয়ালক উদ্ধাৰ কৰিব। তেওঁ চীনলৈ উভতি যায় আৰু তেওঁৰ পৰিয়ালক চীন আৰু লাউচৰ জৰিয়তে দক্ষিণ কোৰিয়ালৈ লৈ আহে। এই যাত্ৰাত তেওঁলোক বহু বিপদৰ সন্মুখীন হৈছিল, কিন্তু অৱশেষত তেওঁলোক সফলতাৰে দক্ষিণ কোৰিয়াত উপস্থিত হয়।৩

অধিকাৰ কৰ্ম আৰু সাহিত্য

লী হিয়ন-ছ'য়ে তেওঁৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি "দ্য গাৰ্ল উইথ চেভেন নেমছ" নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ লিখিছে, য'ত তেওঁ উত্তৰ কোৰিয়াৰ পৰা পলায়নৰ কাহিনী বৰ্ণনা কৰিছে। তেওঁ এখন টেড(TED ) বক্তৃতাতো ভাগ লৈ নিজৰ জীৱনৰ কাহিনী আৰু উত্তৰ কোৰিয়াৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিছে।৫ তেওঁৰ এই বক্তৃতা বিশ্বজুৰি ২১ লক্ষাধিক মানুহে চাইছে আৰু তেওঁৰ সাহসিকতাৰ প্ৰশংসা কৰিছে।৬

বৰ্তমান, লী হিয়ন-ছ'য়ে দক্ষিণ কোৰিয়াত অধিকাৰ কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু উত্তৰ কোৰিয়াৰ পলাতকসকলৰ সহায়ত নিয়োজিত।

তথ্যসূত্ৰ

  1. ↑ Kelly, Mary Louise. (2018-05-01). North Korean Defector Hopes To See Loved Ones Again — But Remains Skeptical. NPR.org
  2. ↑ (27 May 2016). Freedom, Sanctions and North Korean Ice Cream. Time
  3. ↑ Lee, Hyeonseo. (April 14, 2013). Why I fled North Korea. CNN
  4. ↑ Gale, Alastair. (July 11, 2011). A Defector's Tale: Lee Hyeon-seo. Wall Street Journal
  5. ↑ Ha, Thu-Huong. (May 20, 2013). North Korean defector Hyeonseo Lee reunited with the man who saved her family. TED Blog
  6. ↑ Hyeonseo Lee. Premium-Speakers.hk

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লী হিয়ন-ছ'” প্ৰবন্ধৰ সংশোধন ৬৩০৯৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।