অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীলা ৰাও দয়াল

লীলা ৰাও দয়াল (ইংৰাজী: Leela Row Dayal; ১৯ ডিচেম্বৰ ১৯১১ – ১৯ মে' ১৯৬৪) এগৰাকী ভাৰতীয় মহিলা টেনিছ খেলুৱৈ আৰু লেখিকা। তেওঁ উইম্বলডন চেম্পিয়নশ্বিপত এখন খেলত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ আছিল। তেওঁ ইংৰাজী আৰু সংস্কৃত ভাষাত ভাৰতীয় শাস্ত্ৰীয় নৃত্য সম্পৰ্কীয় কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৪ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

লীলা ৰাও দয়াল (ইংৰাজী: Leela Row Dayal; ১৯ ডিচেম্বৰ ১৯১১ – ১৯ মে' ১৯৬৪) এগৰাকী ভাৰতীয় মহিলা টেনিছ খেলুৱৈ আৰু লেখিকা। তেওঁ উইম্বলডন চেম্পিয়নশ্বিপত এখন খেলত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ আছিল। তেওঁ ইংৰাজী আৰু সংস্কৃত ভাষাত ভাৰতীয় শাস্ত্ৰীয় নৃত্য সম্পৰ্কীয় কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।

কেৰিয়াৰ

টেনিছ

১৯৩৪ চনৰ উইম্বলডন চেম্পিয়নশ্বিপত তেওঁ একক ইভেণ্টৰ প্ৰথম ৰাউণ্ডত গ্লেডিছ চাউথৱেলক পৰাস্ত কৰি এখন খেলত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়। দ্বিতীয় ৰাউণ্ডত তেওঁ ইডা এডামফৰ হাতত তিনিটা ছেটত পৰাস্ত হয়।১২৩ ১৯৩৫ চনত তেওঁ পুনৰ উইম্বলডন চেম্পিয়নশ্বিপত অংশগ্ৰহণ যদিও প্ৰথম ৰাউণ্ডত ইভেলিন ডিয়াৰমেনৰ হাতত পোনপতীয়া ছেটত পৰাস্ত হয়।১

ফ্ৰেন্স চেম্পিয়নশ্বিপৰ একক প্ৰতিযোগিতাত তেওঁ পাঁচবাৰ (১৯৩১–৩২, ১৯৩৪–৩৬) প্ৰৱেশ কৰিছিল যদিও কোনো খেলত জয়ী হ’বলৈ সক্ষম হোৱা নাছিল। ১৯৩৫ চনত তেওঁ প্ৰথম ৰাউণ্ডত বাই পৰি দ্বিতীয় ৰাউণ্ডৰ প্ৰৱেশ কৰিছিল।

অল ইণ্ডিয়া চেম্পিয়নশ্বিপত (১৯৩১, ১৯৩৬–৩৮, ১৯৪০–৪১, ১৯৪৩) তেওঁ ৭টা একক খিতাপ জয় কৰিছিল আৰু তিনিবাৰ (১৯৩২–৩৩, ১৯৪২) দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ১৯৩১ চনত তেওঁ ৱেষ্ট অৱ ইণ্ডিয়া চেম্পিয়নশ্বিপত একক খিতাপ দখল কৰে।৪ ১৯৩৫ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত তেওঁ বোৰ্ণমাউথত অনুষ্ঠিত হোৱা হেম্পশ্বাৰ লন টেনিছ চেম্পিয়নশ্বিপত জোয়ান ইংগ্ৰামৰ বিৰুদ্ধে জয়লাভ কৰে। ১৯৩৭ চনত লাহোৰত মেহেৰ দুবাছৰ বিৰুদ্ধে উত্তৰ ভাৰত চেম্পিয়নশ্বিপত জয়লাভ কৰে।

ষ্ট্ৰেইট বেকহেণ্ড ড্ৰাইভ আছিল তেওঁৰ প্ৰিয় শ্বট।৪

সাহিত্য চৰ্চা

লীলা ৰাও এগৰাকী লেখকো আছিল। তেওঁ প্ৰাচীন আৰু আধুনিক ধ্ৰুপদী ভাৰতীয় নৃত্যৰ ওপৰত কেইবাখনো গ্ৰন্থৰ ৰচনা কৰিছিল।৫৬ এই গ্ৰন্থসমূহ দ্বিভাষিক, ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা হৈছিল।৫ ১৯৫৮ চনত তেওঁ "নাট্য চন্দ্ৰিকা" নামৰ ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰকাৰ “নাট্য”ৰ ওপৰত এখন হাতে লিখা দ্বিভাষিক গ্ৰন্থ প্ৰকাশ কৰিছিল।৫৭ তেওঁৰ মাতৃয়ে ৰচনা কৰা বহু কবিতা তেওঁ অনুবাদত সহায় কৰিছিল আৰু সংস্কৃত নাট্যৰূপ দিছিল।৮

ব্যক্তিগত জীৱন

লীলা ৰাওৰ পিতৃ ৰাঘৱেন্দ্ৰ ৰাও এজন চিকিৎসক৯ আৰু মাতৃ পণ্ডিতা ক্ষমা ৰাও এগৰাকী সংস্কৃত কবি আছিল।৮ তেওঁৰ মাতৃ এগৰাকী টেনিছ খেলুৱৈও আছিল, ১৯২৭ চনত বম্বে প্ৰেচিডেন্সি হাৰ্ড ক'ৰ্ট চেম্পিয়নশ্বিপত তেওঁ একক খিতাপ জয় কৰিছিল।৯ ভাৰত, ইংলেণ্ড আৰু ফ্ৰান্সত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল।৪ ১৯৪৩ চনত তেওঁ ভাৰতীয় চৰকাৰী কৰ্মচাৰী হৰিশ্বৰ দয়ালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ স্বামীয়ে আমেৰিকা আৰু নেপালত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫ ১৯৬৪ চনৰ মে' মাহত মাউণ্ট এভাৰেষ্টৰ খুম্বু অঞ্চললৈ যোৱাৰ সময়ত তেওঁৰ মৃত্যু হয়।১০ পিছলৈ লীলাই ভাৰতৰ উত্তৰাখণ্ডৰ ৰানিখেতত বসতি স্থাপন কৰে।১১ তাত তেওঁ বাস কৰা ঘৰটো তেওঁৰ ভতিজা অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ সম্পাদক আৰু প্ৰকাশক ৰবি দয়ালে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল।১২

তথ্যসূত্ৰ

  1. ↑ Players archive – Leela Row. Wimbledon. AELTC
  2. ↑ Soutik Biswas. (19 August 2016). Indian women make history in Rio. BBC News
  3. ↑ Sen, Ronojoy. (2015). Nation at Play: A History of Sport in India. Columbia University Press. পৃ. 198. ISBN 978-0231164900
  4. ↑ Lowe, Gordon. (1935). Lowe's Lawn Tennis Annual. Eyre & Spottiswoode. পৃ. 232
  5. ↑ (27 October 1958). Indian dance forms explained. Los Angeles Times. পৃ. 35
  6. ↑ Ray Dhaliwal. (21 February 1976). Dancing builds stamina for mountain climbing. New Nation. পৃ. 4
  7. ↑ 'Natya Chandrika': a study by Leela Row Dayal in English and Sanskrit, with... The National Archives
  8. ↑ Sidin Vadukut. (30 June 2018). The remarkable life of Leela Row Dayal. LiveMint
  9. ↑ (2023-06-16). Leela Row Dayal: The first Indian woman to win a match at Wimbledon. BBC News
  10. ↑ (21 May 1964). Harishwar Dayal is dead. The New York Times
  11. ↑ Birender Dhanoa. (2023-06-17). In the 1970s my dad was posted at the Kumaon Regt Centre as the Centre Adjutant. Mrs Dayal, after the passing of her husband, had settled at Ranikhet and was a regular at the Offrs Club and the tennis court there.
  12. ↑ (2006-06-16). Wasted monsoons. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ টেনিছ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা ৰাও দয়াল” প্ৰবন্ধৰ সংশোধন ৪৩১৪২৬ (৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।