অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লিপষ্টিক

লিপষ্টিক (lipstick; ওষ্ঠৰঞ্জনী বুলিও কোৱা হয়) হৈছে ওঁঠত ৰং আৰু গাঁথনি প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী, যি প্ৰায়ে মʼম আৰু বিভিন্ন তেলৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াত থকা ৰং উৎপাদন কৰিবলৈ বিভিন্ন ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয়, আৰু গাঁথনি প্ৰদান কৰিবলৈ চিলিকাৰ দৰে খনিজ পদাৰ্থ ব্যৱহাৰ কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮৩১ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
গাঢ় ৰঙা ৰঙৰ লিপষ্টিকৰ সৈতে ওঁঠ
গাঢ় ৰঙা ৰঙৰ লিপষ্টিকৰ সৈতে ওঁঠছবি: Stephencdickson · CC BY-SA 4.0
এটা ৰঙা ৰঙৰ লিপষ্টিক
এটা ৰঙা ৰঙৰ লিপষ্টিকছবি: Jen · CC BY-SA 3.0

লিপষ্টিক (lipstick; ওষ্ঠৰঞ্জনী বুলিও কোৱা হয়) হৈছে ওঁঠত ৰং আৰু গাঁথনি প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী, যি প্ৰায়ে মʼম আৰু বিভিন্ন তেলৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াত থকা ৰং উৎপাদন কৰিবলৈ বিভিন্ন ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয়, আৰু গাঁথনি প্ৰদান কৰিবলৈ চিলিকাৰ দৰে খনিজ পদাৰ্থ ব্যৱহাৰ কৰে। লিপষ্টিকৰ ব্যৱহাৰ সুমেৰ আৰু সিন্ধু উপত্যকা সভ্যতা আদি আদিম সভ্যতাৰ পৰাই আৰম্ভ হৈছিল আৰু ষোড়শ শতিকাত পশ্চিমীয়া বিশ্বত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। কিছুমান লিপষ্টিকত বিষাক্ত পদাৰ্থ থাকে, যেনে সীহ আৰু পিএফএএছ ইত্যাদি।

ইতিহাস

ক'লা লিপষ্টিক
ক'লা লিপষ্টিকছবি: Stephencdickson · CC BY-SA 4.0

প্ৰাচীন সিন্ধু সভ্যতাৰ নাৰীসকলৰ মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ওঁঠত অষ্ট্ৰৰঞ্জনী ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়।১প্ৰাচীন মিচৰীয়াসকলে সাগৰীয় অপতৃণৰ পৰা উলিওৱা বেঙুনীয়া ৰঙা পদাৰ্থ, ০.০১% আয়’ডিন আৰু আৰু কিছু ব্ৰ’মিনৰ সৈতে মিহলি কৰি ব্যৱহাৰ কৰিছিল।২

লিপষ্টিক ট্ৰেণ্ড

এলিজাবেথ টেইলৰে ৰঙা লিপষ্টিক জনপ্ৰিয় কৰাত সহায় কৰিছিল
এলিজাবেথ টেইলৰে ৰঙা লিপষ্টিক জনপ্ৰিয় কৰাত সহায় কৰিছিলছবি: Studio publicity still · Public domain

২০ শতিকাৰ আৰম্ভণিতে লিপষ্টিক সীমিত সংখ্যক ৰঙত ওলাইছিল। ১৯ আৰু ২০ শতিকাৰ সময়ছোৱাত, বিশেষকৈ ১৯২০ চনত, ডাঠ ৰঙা লিপষ্টিক আছিল অন্যতম জনপ্ৰিয় শ্বেড। ফ্লেপাৰসকলে নিজৰ স্বাধীনতাৰ প্ৰতীক হিচাপে লিপষ্টিক লগাইছিল। অভিনেত্ৰী ক্লাৰা ব'ৰ আৰ্হিত ওঁঠৰ চাৰিওফালে লিপষ্টিক লগাই "কিউপিডৰ ধনু" গঠন কৰা হৈছিল।৩ সেই সময়ত ৰাজহুৱা স্থানত আৰু দুপৰীয়াৰ আনুষ্ঠানিক আহাৰ গ্ৰহণৰ সময়তো লিপষ্টিক লগোৱাটো গ্ৰহণযোগ্য আছিল যদিও ৰাতিৰ আহাৰত কেতিয়াও লগোৱা হোৱা নাছিল।৪

১৯৩০ চনৰ আৰম্ভণিতে এলিজাবেথ আৰ্ডেনে বিভিন্ন লিপষ্টিকৰ ৰঙৰ প্ৰচলন কৰিবলৈ আৰম্ভ কৰে। তেওঁ আন কোম্পানীসমূহক বিভিন্ন ধৰণৰ লিপষ্টিক শ্বেড তৈয়াৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।৫ ৬১৯৩০ চনত লিপষ্টিকক প্ৰাপ্তবয়স্ক যৌনতাৰ প্ৰতীক হিচাপে দেখা গৈছিল। কিশোৰীসকলে লিপষ্টিক নাৰীত্বৰ প্ৰতীক বুলিও বিশ্বাস কৰিছিল, তথাপি প্ৰাপ্তবয়স্ক আৰ বয়সস্থসকলে ইয়াক বিদ্ৰোহৰ কাৰ্য্য হিচাপে দেখিছিল। বহু আমেৰিকানে, বিশেষকৈ অনুপ্ৰৱেশকাৰী কিশোৰী ছোৱালীয়ে লিপষ্টিক লগোৱাটো গ্ৰহণ কৰিব পৰা নাছিল। ১৯৩৭ চনৰ এক সমীক্ষাত দেখা গৈছিল যে ৫০% তকৈ অধিক কিশোৰীয়ে লিপষ্টিকক লৈ পিতৃ-মাতৃৰ সৈতে যুঁজিছিল।

১৯৪০ চনৰ মাজভাগত কিশোৰ-কিশোৰীৰ বাবে প্ৰকাশিত কেইবাখনো কিতাপ আৰু আলোচনীয়ে জোৰ দি কৈছিল যে, পুৰুষে প্ৰসাধনকৃত ৰূপতকৈ প্ৰাকৃতিক ৰূপহে বেছি পছন্দ কৰে। কিতাপ আৰু আলোচনীসমূহেও ছোৱালীক সঁকিয়াই দিছিল যে, প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলে তেওঁলোকৰ জনপ্ৰিয়তা আৰু কেৰিয়াৰৰ সম্ভাৱনা নষ্ট হ’ব পাৰে। এই লেখাবোৰৰ আছিল, লিপষ্টিক ব্যৱহাৰ কৰি পুৰুষৰ সৈতে অতি উত্তেজক অভিনয় কৰা কিশোৰী ছোৱালীৰ বাবেহে। প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ পিছতো ইয়াৰ সৈতে পতিতাবৃত্তি জড়িত আছিল।৭কিশোৰী ছোৱালীক প্ৰসাধন সামগ্ৰী লগাবলৈ নিৰুৎসাহিত কৰা হৈছিল এই ভয়ত যে তেওঁলোকক "চঞ্চলা" ছোৱালী বা বেশ্যা বুলি ভুল কৰা হ'ব।৮

১৯৫০ চনৰ ভিতৰত চিনেমা অভিনেত্ৰী মেৰিলিন মনৰো আৰু এলিজাবেথ টেইলৰে গাঢ় ৰঙা লিপষ্টিক জনপ্ৰিয় কৰি তোলাত সহায় কৰিছিল। ১৯৫১ চনৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে, কিশোৰী ছোৱালীৰ দুই-তৃতীয়াংশই সেই সময়ত লিপষ্টিক লগাইছিল। ১৯৬০ চনৰ আৰম্ভণিৰ পৰাই লিপষ্টিকক নাৰীত্বৰ লগত জড়িত কৰা হৈছিল। লিপষ্টিক নলগোৱা মহিলাসকলক মানসিক ৰোগী বা নতুন সমকামিতা বুলি সন্দেহ কৰা হৈছিল।

১৯৭০ চনৰ শেষৰ ফালে আৰু নব্বৈৰ দশকলৈকে ক’লা লিপষ্টিক জনপ্ৰিয় হৈ পৰিছিল। ১৯৫০ চনত ক’লা লিপষ্টিক ব্যৱহাৰ কৰিছিল ভয়ানক ছবিত অভিনয় কৰা অভিনেত্ৰীসকলে। পাংক আৰু গথ উপসংস্কৃতিৰ বাবেই ই পুনৰ জনপ্ৰিয় হৈ পৰে।

নব্বৈৰ দশকত লিপষ্টিক ৰং ছেমি মেট হৈ পৰিল। বাদামী ৰঙৰ শ্বেডবোৰ অতি জনপ্ৰিয় আছিল। এই শ্বেডবোৰ কেইবাটাও শ্ব’ৰ পৰা অনুপ্ৰাণিত হৈছিল, যেনে ফ্ৰেণ্ডছ। ১৯৯০ চনৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ ভিতৰত মুকুতাৰ ছাঁবোৰ অতি জনপ্ৰিয় হৈ পৰিছিল। লিপষ্টিকবোৰ আৰু মেট বা চেমি মেট নাছিল, কিন্তু চিকচিকিয়া আছিল।

টেইলৰ চুইফট তেওঁৰ সুপৰিচিত ৰঙা ওঁঠত, ২০১২ চনত গুড মৰ্নিং আমেৰিকাত
টেইলৰ চুইফট তেওঁৰ সুপৰিচিত ৰঙা ওঁঠত, ২০১২ চনত গুড মৰ্নিং আমেৰিকাতছবি: Paolo Villanueva · CC BY 2.0

পুনৰ ২০১২ চনত উজ্জ্বল বল্ড ওঁঠৰ ৰং যেনে হট পিংক (গোলপীয়া), নিয়ন আৰু কমলা ৰং পুনৰ ট্ৰেণ্ড হৈ পৰে। আমেৰিকাৰ গায়িকা-গীতিকাৰ টেইলৰ চুইফটে ৰঙা লিপষ্টিকৰ জনপ্ৰিয়তা বৃদ্ধি কৰে, বিশেষকৈ তেওঁৰ চতুৰ্থ ষ্টুডিঅ’ এলবাম ৰেড (২০১২) মুক্তিৰ লগে লগে, যাৰ কভাৰ আৰ্টৱৰ্কত ৰঙা ওঁঠৰ ছবি ব্যৱহাৰ কৰিছিল। তাৰ পিছৰে পৰা চুইফটে ধাৰাবাহিকভাৱে ৰঙা লিপষ্টিক লগাই আহিছে।

২০১৪ আৰু ২০১৫ চনৰ আৰম্ভণিতে ন্যুড লিপষ্টিক জনপ্ৰিয় হৈ পৰিছিল। এই লিপষ্টিকসমূহে "কম ব্যৱহাৰেই যথেষ্ট"ৰ সাধাৰণ ধাৰা অনুসৰণ কৰে। এই ধাৰাটোক প্ৰচাৰ কৰা চেলিব্ৰিটিসকলৰ উদাহৰণ হ’ল পেৰিছ হিল্টন আৰু গিগি গৰ্জিয়াছ। ২০১৫ আৰু ২০১৬ চনৰ শেষৰ ফালে গ্লছৰ দৰে প্ৰয়োগ কৰা কিন্তু শুকান মেটৰ দৰে লিকুইড লিপষ্টিক এনাষ্টেছিয়া বেভাৰলী হিলছ, চেফোৰা, হুডা বিউটি, কাইলী কচমেটিকছ, এন ৱাই এক্স কচমেটিকছৰ দৰে ব্ৰেণ্ডৰ মাজত জনপ্ৰিয় হৈ পৰে। ইয়াৰ আটাইতকৈ সাধাৰণ ৰূপটো নলীত আহে, এপ্লিকেটৰ ৱাণ্ডৰ সহায়ত প্ৰয়োগ কৰা হয়। লিকুইড লিপষ্টিকত স্থায়ী শক্তি বেছি আৰু পৰম্পৰাগত লিপষ্টিকতকৈ ই অধিক ৰংযুক্ত। কিন্তু পণ্যৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ লগে লগে ই অধিক শুকাই যায় আৰু অধিক সহজে ফাটি যায়।

২০১৯ চনৰ আৰম্ভণিতে ক’ভিড-১৯ মহামাৰীৰ পূৰ্বে লিকুইড লিপষ্টিক লিকুইড মেট লিপষ্টিকৰ পৰা চেমি-মেট বা গ্ল’ছি ফিনিচিংলৈ লিকুইড লিপষ্টিক ট্ৰেণ্ড সলনি কৰা হৈছিল। কিন্তু ক’ভিড-১৯ মহামাৰীয়ে লিপষ্টিকক জনপ্ৰিয়তা লক্ষণীয়ভাৱে হ্ৰাস কৰিলে যিহেতু সাধাৰণতে মানুহে ফেচিয়েল মাস্কৰ তলত লিপষ্টিক প্ৰয়োগ নকৰে।

লিপষ্টিকৰ ভিতৰত লিকুইড, লিপ বাম, গ্লছ, ক্ৰেয়ন, পেঞ্চিল, লাইনাৰ, পেলেট, ষ্টেইন আদিও বহুতো ভিন্নতা আছে। বাম আৰু গ্লছ অধিক অৰ্ধস্বচ্ছ হোৱাৰ প্ৰৱণতা থাকে আৰু নিয়মীয়া লিপষ্টিকৰ দৰে গাঢ় বা স্পন্দনশীল নহয়। কিছুমান ব্যক্তিয়ে লিপষ্টিকতকৈ লিপ বাম আৰু গ্লছ কিনে, কিয়নো এইবোৰৰ পৰা তেওঁলোকে অধিক সতেজতা অনুভৱ কৰে।

ৰঙা লিপষ্টিক বুলোৱা ওঁঠ
ৰঙা লিপষ্টিক বুলোৱা ওঁঠছবি: weglet · CC BY 2.0

উপাদান

লিপষ্টিক পিহি আৰু গৰম কৰা উপাদানৰ পৰা তৈয়াৰ কৰা হয়। তাৰ পিছত টেক্সচাৰৰ বাবে মিশ্ৰণটোত গৰম কৰা মম যোগ কৰা হয়। নিৰ্দিষ্ট সূত্ৰৰ প্ৰয়োজনীয়তাৰ বাবে তেল আৰু লেনলিন যোগ কৰা হয়। ইয়াৰ পিছত গৰম তৰলখিনি ধাতুৰ বাচনত ঢালি দিয়া হয়। তাৰ পিছত মিশ্ৰণটো ঠাণ্ডা কৰি লোৱা হয়। এবাৰ কঠিন হ’লে আধা চেকেণ্ডৰ বাবে জুইত গৰম কৰি চিকচিকিয়া ফিনিচিং সৃষ্টি কৰা হয় আৰু অসম্পূৰ্ণতাসমূহ আঁতৰোৱা হয়।

যৌনতাত তাৎপৰ্য

গোলপীয়া ৰঙৰ এটা লিপষ্টিক
গোলপীয়া ৰঙৰ এটা লিপষ্টিকছবি: Jorge Barrios · Public domain

"লিপষ্টিক লেচবিয়ান" হৈছে এনে এগৰাকী মহিলা যিয়ে আন এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু, কু-সংস্কাৰপূৰ্ণভাৱে নাৰীসুলভ হৈ থাকে আৰু তেওঁৰ “ছোৱালীৰ দৰে” পৰিচয় থাকে, যাক কেতিয়াবা "ফেম" বুলিও জনা যায়।৯ জনপ্ৰিয় লেখিকা তথা লছ এঞ্জেলছ টাইমছৰ সাংবাদিক ডেবৰা বাৰ্গমেনে "লিপষ্টিক লেচবিয়ান" শব্দটো জনপ্ৰিয় কৰি তুলিছিল।৯

ফৰেনছিক বিজ্ঞানত

লিপষ্টিক, নেলপলিচ বা অন্যান্য প্ৰসাধন সামগ্ৰীৰ অৱশিষ্ট ড্ৰিংকিং কাপ, গিলাচ, চিগাৰেট, আৰু টিছু পেপাৰত পোৱা যায় আৰু এই সকলোবোৰ অপৰাধৰ তদন্তত বিশেষকৈ আক্ৰমণ, হত্যা, আৰু চৰকাৰী বা কৰ্পৰেট সম্পৰ্কীয় দুৰ্নীতি, ধৰ্ষণ দৰে জঘন্য অপৰাধৰ ক্ষেত্ৰত উল্লেখযোগ্য ফৰেনছিক প্ৰমাণ হ'ব পাৰে।

লিপষ্টিক, শাৰীৰিক প্ৰমাণ হিচাপে কাপোৰ-কানি, ভুক্তভোগী বা অপৰাধীৰ শৰীৰৰ কোনো অংশত, এটা টিছু পেপাৰ, চিগাৰেট আদিতো পোৱা যাব পাৰে। লিপষ্টিকৰ গঠনক ভুক্তভোগী বা সাক্ষীৰ সৈতে তুলনা কৰি ফৰেনছিক বিজ্ঞানীসকলে যোগাযোগৰ প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক প্ৰমাণ কৰিব পাৰে। লিপষ্টিকৰ দাগৰ পৰা কেতিয়াবা লালাৰ ডি.এন.এ উলিওৱা সম্ভৱ হয়, যিয়ে কোনো সন্দেহজনক লোকক অপৰাধস্থলীত তেওঁলোকৰ উপস্থিতিৰ সৈতে জড়িত হয় নে নহয় তাকে সাব্যস্ত কৰিব পাৰে।১০

তথ্যসূত্ৰ

  1. ↑ Williams, Yona. Ancient Indus Valley: Food, Clothing & Transportation
  2. ↑ What's That Stuff?. Chemical and Engineering News
  3. ↑ The Roaring 20s – Image Review. Illinois State University
  4. ↑ McVeigh, Tracy. (2010-01-17). Lipstick Follows Economy Into Red. The Guardian
  5. ↑ lipstick shades. ইউটিউব
  6. ↑ Sherrow, Victoria. (2001). For Appearance's Sake: The Historical Encyclopedia of Good Looks, Beauty, and Grooming. Greenwood Publishing. পৃ. 180. ISBN 978-1-57356-204-1
  7. ↑ (2012-06-19). A Complete History And Evolution Of Lipsticks: Interesting Facts. Stylecraze
  8. ↑ Forman-Brunell, Miriam. (2001). Girlhood in America: An Encyclopedia. ABC-CLIO. পৃ. 159. ISBN 978-1-57607-206-6
  9. ↑ Faderman, Lillian; Simmons, Stuart. (2006). Gay L.A.: A History of Sexual Outlaws, Power Politics, and Lipstick Lesbians
  10. ↑ Hartnell College Technical Note

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্যতত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিপষ্টিক” প্ৰবন্ধৰ সংশোধন ৬৩১৭৪৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।