সৌন্দৰ্যতত্ব
১০ প্ৰবন্ধ
-
লিপষ্টিক
লিপষ্টিক (lipstick; ওষ্ঠৰঞ্জনী বুলিও কোৱা হয়) হৈছে ওঁঠত ৰং আৰু গাঁথনি প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী, যি প্ৰায়ে মʼম আৰু বিভিন্ন তেলৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াত থকা ৰং উৎপাদন কৰিবলৈ বিভিন্ন ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয়, আৰু গাঁথনি প্ৰদান কৰিবলৈ চিলিকাৰ দৰে খনিজ পদাৰ্থ ব্যৱহাৰ কৰে।
-
থানাকা
থানাকা(Thanaka) পিহি লোৱা গছৰ বাকলিৰ পৰা তৈয়াৰী পেষ্ট। ম্যানমাৰৰ সংস্কৃতিৰ ই এক সুকীয়া বৈশিষ্ট্য, সাধাৰণতে মহিলা আৰু ছোৱালীৰ মুখমণ্ডল আৰু কেতিয়াবা বাহুত প্ৰয়োগ কৰা দেখা যায় আৰু কম পৰিমাণে পুৰুষ বা ল’ৰাসকলেও ব্যৱহাৰ কৰা দেখা যায়।
-
পেডিকিউৰ
পেডিকিউৰ (pedicure) হৈছে ভৰি আৰু ভৰিৰ নখৰ প্ৰসাধন চিকিৎসা, যিটো মেনিকিউৰৰ সৈতে সাদৃশ্যপূৰ্ণ। পেডিকিউৰৰ সময়ত ৰুক্ষ শিল (প্ৰায়ে পিউমিচ ষ্টোন) ব্যৱহাৰ কৰি ভৰিৰ তলৰ পৰা মৃত ছালৰ কোষবোৰ ঘঁহি লোৱা হয়।
-
মেনিকিউৰ
মেনিকিউৰ ( Manicure) মানে হ’ল, ঘৰতে বা নখৰ চেলুনত কৰা হাতৰ আঙুলিৰ নখ আৰু হাতৰ বাবে কৰা প্ৰসাধনমূলক সৌন্দৰ্যবৰ্ধন কাৰ্য। মেনিকিউৰত সাধাৰণতে নখৰ মুকলি দাঁতি ফাইলিং আৰু আকৃতি দিয়া হয়, আঙুলি আৰু নখৰ কাষৰ মৰা কোষ বা ছাল ঠেলি আৰু ক্লিপ কৰি (কিউটিকল পুচাৰ আৰু কিউটিকল নিপাৰৰ সহায়ত), বিভিন্ন তৰল পদাৰ্থৰে…
-
ফেচিয়েল
ফেচিয়েল(Facial) হৈছে মুখৰ ছালৰ যত্নৰ বাবে কৰা পৰিচৰ্যাৰ এটা ভাগ, য'ত ভাপ, এক্সফোলিয়েচন (জৈৱিক আৰু ৰাসায়নিক), এক্সট্ৰেকচন, ক্ৰীম, লোচন, ফেচিয়েল মাস্ক, পিল, আৰু মালিচ আদি অন্তৰ্ভুক্ত হৈ থাকে। সাধাৰণতে বিউটি পাৰ্লাৰত এইবোৰ কৰা হয় যদিও ই এক সাধাৰণ স্পা চিকিৎসাও।
-
ফেচিয়েল মাস্ক
ফেচিয়েল মাস্ক( Facial Mask) হ’ল মুখ পৰিষ্কাৰ বা ছাল মসৃণ কৰাৰ উদ্দেশ্যে লগোৱা ক্ৰীম বা ডাঠ পেষ্টৰ দ্বাৰা কৰা মুখৰ যতন। মুখৰ মাস্কত প্ৰায়ে খনিজ পদাৰ্থ, ভিটামিন, আৰু ফলৰ পৰা আহৰণ কৰা সাহ, যেনে কেকটাছ আৰু টিয়ঁহ থাকে। শ্বীট মাস্ক হ’ল মুখত মাস্ক লগোৱাৰ বাবে ব্যৱহাৰ কৰা কাগজ, চেলুল’জ বা কাপোৰ।
-
থ্ৰেডিং
থ্ৰেডিং হ’ল, ভাৰত আৰু মধ্য এছিয়াত উৎপত্তি হোৱা পুৰুষ আৰু মহিলা উভয়ৰে বাবে নোম আঁতৰোৱাৰ এক পদ্ধতি। বিশেষকৈ প্ৰসাধন সামগ্ৰীৰ প্ৰয়োগেৰে, বিশেষকৈ ভ্ৰূ আঁতৰোৱা/আকৃতি দিয়াৰ বাবে পশ্চিমীয়া দেশসমূহত ই জনপ্ৰিয়তা লাভ কৰিছে৷
-
বৰাক (প্ৰসাধন সামগ্ৰী)
বৰাক বা বুৰাক (Borak (cosmetic)) এবিধ মুখৰ প্ৰসাধনমূলক গুড়ি বা পেষ্ট যাক ৰ’দৰ পৰা সুৰক্ষাৰ পাবলৈ মুখত প্ৰয়োগ কৰা হয়। ইয়াক পৰম্পৰাগতভাৱে ফিলিপাইনছ, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ সামা-বাজাউ লোকসকলে ব্যৱহাৰ কৰে।
-
ৱেলছৰ ৰাজকুমাৰী কেথেৰিনৰ ফেশ্বন
২০০২ চনত প্ৰিন্স উইলিয়ামৰ সৈতে কেথেৰিন, প্ৰিন্সেছ অৱ ৱেলছৰ সম্পৰ্কৰ কথা ৰাজহুৱা হোৱাৰপৰাই কেথেৰিনে ফেশ্বনে কাপোৰৰ উদ্যোগত এক উল্লেখনীয় প্ৰভাৱ পেলাইছে। প্ৰায়ে তেওঁৰ মাৰ্জিত আৰু সুলভ শৈলীৰ বাবে প্ৰশংসিত কেথেৰিন এগৰাকী বিশিষ্ট ফেশ্বন আইকন হৈ পৰিছে।
-
ককেট এষ্টেটিক
ককেট এষ্টেটিক (ইংৰাজী: coquette aesthetic) হ’ল ২০২০-ৰ দশকৰ 'জে জেনেৰেচন' (Gen Z)ৰ এক ফেশ্বন ট্ৰেণ্ড বা ধাৰা। ই মিঠা, ৰোমাণ্টিক আৰু কেতিয়াবা ধেমেলীয়া উপাদানৰ মিশ্ৰণৰ দ্বাৰা চিহ্নিত। এই শৈলীয়ে লেচ, ফ্লাউন্স, পেষ্টেল ৰং আৰু ৰিবন বা ধেনুভিৰীয়া ফিটা (bows) ব্যৱহাৰ কৰি নাৰীত্বৰ ওপৰত গুৰুত্ব দিয়ে।