অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মেনিকিউৰ

মেনিকিউৰ ( Manicure) মানে হ’ল, ঘৰতে বা নখৰ চেলুনত কৰা হাতৰ আঙুলিৰ নখ আৰু হাতৰ বাবে কৰা প্ৰসাধনমূলক সৌন্দৰ্যবৰ্ধন কাৰ্য। মেনিকিউৰত সাধাৰণতে নখৰ মুকলি দাঁতি ফাইলিং আৰু আকৃতি দিয়া হয়, আঙুলি আৰু নখৰ কাষৰ মৰা কোষ বা ছাল ঠেলি আৰু ক্লিপ কৰি (কিউটিকল পুচাৰ আৰু কিউটিকল নিপাৰৰ সহায়ত), বিভিন্ন তৰল পদাৰ্থৰে…

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৬৯৭ শব্দ · ৪ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ
কাষৰ পৰা লোৱা নেইল পোলিছ লগোৱা মেনিকিউৰ চিত্ৰ
কাষৰ পৰা লোৱা নেইল পোলিছ লগোৱা মেনিকিউৰ চিত্ৰছবি: U.S. Air Force photo by Tech. Sgt. Christopher A Campbell · Public domain

মেনিকিউৰ ( Manicure) মানে হ’ল, ঘৰতে বা নখৰ চেলুনত কৰা হাতৰ আঙুলিৰ নখ আৰু হাতৰ বাবে কৰা প্ৰসাধনমূলক সৌন্দৰ্যবৰ্ধন কাৰ্য। মেনিকিউৰত সাধাৰণতে নখৰ মুকলি দাঁতি ফাইলিং আৰু আকৃতি দিয়া হয়, আঙুলি আৰু নখৰ কাষৰ মৰা কোষ বা ছাল ঠেলি আৰু ক্লিপ কৰি (কিউটিকল পুচাৰ আৰু কিউটিকল নিপাৰৰ সহায়ত), বিভিন্ন তৰল পদাৰ্থৰে চিকিৎসা কৰা হয়, হাতৰ মালিচ কৰা হয় আৰু শেষত ফিংগাৰনেইল পলিচ লগোৱা হয়।১ ভৰিৰ নখ আৰু ভৰিৰ ক্ষেত্ৰতো একেখিনি প্ৰয়োগ কৰিলে এই চিকিৎসাক পেডিকিউৰ বুলি কোৱা হয়। একেলগে কৰা কামবোৰক মণি-পেডি বুলি জনা যায়। বেছিভাগ নেইলপলিচ নখত সাধাৰণতে ২–৩ দিন থাকে, তাৰ পিছত পৰিচৰ্যাৰ বাবে আন এটা মেনিকিউৰৰ প্ৰয়োজন হয়, যদিহে ইয়াৰ কোনো ক্ষতি নহয়।

কিছুমান মেনিকিউৰত নখত ছবি বা ডিজাইন অংকন কৰা, সৰু সৰু ডেকেল প্ৰয়োগ কৰা আৰু নকল ৰত্ন (২ মাত্ৰাৰ পৰা ৩ মাত্ৰালৈ) প্ৰয়োগ কৰা আদি কাম কৰা হয়। নখৰ অন্যান্য পৰিচৰ্যাৰ ভিতৰত কৃত্ৰিম জেল নখ, টিপ বা এক্ৰিলিক আদি প্ৰয়োগ কৰা হ'ব পাৰে, যাক ফৰাচী মেনিকিউৰ বুলি ক'ব পাৰি।২

কিছুমান দেশত নখৰ সৌন্দৰ্য বিদ্যাবিদ, যেনে মেনিকিউৰিষ্ট আৰু পেডিকিউৰিষ্টৰ অনুজ্ঞাপত্ৰ লাভ কৰিব লাগে আৰু চৰকাৰী নিতি-নিয়ম মানি চলিব লাগে।৩ মেনিকিউৰৰ সময়ত যিহেতু ছালখন হেঁচা মাৰি ধৰা হয় আৰু প্ৰায়েই ট্ৰিম কৰা হয়, গতিকে বহু লোকৰ মাজত একে সঁজুলি ব্যৱহাৰ কৰিলে ছালৰ সংক্ৰমণ বিয়পি পৰাৰ আশংকা থাকে। গতিকে উচিত পৰিচ্ছন্নতা নথকা বিষয়টোৱে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।৪

ব্যুৎপত্তি

ইংৰাজী শব্দ manicure শব্দটো ফৰাচী শব্দ manucure ৰ পৰা আহিছে, যাৰ অৰ্থ হাতৰ যত্ন, যিটো পাছলৈ লেটিন শব্দ manus মানে হাত আৰু cura, মানে care বা যত্নৰ পৰা উৎপত্তি হৈছে।৫ একেদৰে ইংৰাজী শব্দ pedicure লেটিন শব্দ pes (উৎস শব্দ: pedis), ভৰিৰ বাবে আৰু cura বা যত্নৰ বাবে আহিছে।৬ কথিত ভাষাত মেনিকিউৰ শব্দটো কেতিয়াবা চুটি কৰি মানি বুলি কোৱা হয়।

প্ৰকাৰ

ফৰাচী মেনিকিউৰ

পেছাদাৰী নখ ব্ৰেণ্ড ORLY ৰ প্ৰতিষ্ঠাপক জেফ পিংকক ১৯৭৬ চনত প্ৰাকৃতিক নখৰ ৰূপ সৃষ্টি কৰা আৰু পিছলৈ ফৰাচী মেনিকিউৰ বোলা, পদ্ধতি সৃষ্টিৰ কৃতিত্ব দিয়া হয়৷৭

ৰিং ফিংগাৰত জকমকীয়া ফৰাচী মেনিকিউৰ
ৰিং ফিংগাৰত জকমকীয়া ফৰাচী মেনিকিউৰছবি: Theknowhau · CC BY-SA 4.0

১৯৭০ চনৰ মাজভাগত পিংকক এজন চলচ্চিত্ৰ পৰিচালকে এনে এটা ইউনিভাৰ্চেল নখৰ ৰূপ উলিয়াবলৈ দায়িত্ব দিছিল, যিয়ে পৰ্দাৰ অভিনেত্ৰীসকলক তেওঁলোকৰ সাজ-পোছাকৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাই নখ পুনৰ সজাই তুলিবলৈ লগা সময় খৰচ কৰাৰ পৰা ৰক্ষা কৰিব। পিংকে নখৰ তলফালে ফ্ৰয়োগ কৰা বগা পেঞ্চিলৰ তৎক্ষণাত উজ্জ্বল হৈ পৰা বৈশিষ্ট্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ পিংকে অনুমান কৰিলে যে, সেই একেটা নিষ্ক্ৰিয়কৰণ নীতি নখৰ ওপৰত প্ৰয়োগ কৰিলে সমস্যা সমাধান হ’ব। ২০১৪ চনত দ্য নেচনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ স্মৰণ কৰি কয় যে, টিপছৰ বাবে মই এক গেলন বগা পলিচ পাইছিলোঁ আৰু নখৰ বাবে গোলাপী, বেইজ বা গোলাপ ৰঙৰ প’লিছ পাইছিলোঁ।

ৰত্ন ডিজাইন কৰা এক্ৰিলিক মেনিকিউৰ
ৰত্ন ডিজাইন কৰা এক্ৰিলিক মেনিকিউৰছবি: Ajls1111 · CC BY-SA 4.0

পিঙ্কে কোৱাৰ দৰে নেচাৰেল নেল কিট তেতিয়া চিনেমা তাৰকা আৰু ষ্টুডিঅ’সমূহৰ মাজত অতি জনপ্ৰিয় আছিল, যিয়ে সময় ৰাহি কৰা কৌশলটোক অপৰিহাৰ্য বুলি বিবেচনা কৰিছিল। তেওঁ কয় যে, পৰিচালকে মন্তব্য কৰিছিল-- উদ্যোগটোৰ ইমান ধন সঞ্চয় কৰাৰ বাবে মই অস্কাৰ লাভ কৰিব লাগে। অৱশেষত পিংকে পেৰিছৰ কেটৱাক ধাৰাৰ মাজলৈ এই ট্ৰেণ্ডটো লৈ গ’ল আৰু তেওঁলোকেও ইয়াক ভাল পাইছিল। তথাপি তেওঁ ভাবিছিল, ইয়াৰ প্ৰয়োজন আছিল এটা শুৱলা নামৰ। পিছত তেওঁ লছ এঞ্জেলছৰ ঘৰলৈ উভতি অহা বিমানত ইয়াৰ নাম ফৰাচী ৰিব্ৰেণ্ডিং দিছিল।৮

ফৰাচী মেনিকিউৰ কৰা নখবোৰৰ বৈশিষ্ট্য হ’ল, নখৰ মুক্ত প্ৰান্তত কৃত্ৰিম মূল ৰঙৰ অভাৱ আৰু বগা টিপ। এই কাৰণে কেতিয়াবা ইহঁতক ফৰাচী টিপছ বুলিও কোৱা হয়। নখৰ টিপবোৰ বগা ৰং কৰা হয়, আনহাতে বাকী নখবোৰ গোলাপী বা উপযুক্ত অকৃত্তিম শ্বেডত পলিচ কৰা হয়। কৃত্ৰিম নখৰ সহায়ত ফৰাচী মেনিকিউৰ কৰিব পাৰি। কিন্তু প্ৰাকৃতিক নখত ফৰাচী মেনিকিউৰ কৰাটো সমানেই সাধাৰণ কথা। আন এটা কৌশল হ’ল বগা পেঞ্চিলেৰে নখৰ তলৰ ফালটো বগা কৰি গোটেই নখটোৰ ওপৰত এটা নিৰ্মল ৰং ৰং কৰা।

উষ্ণ তেল মেনিকিউৰ

উষ্ণ তেলৰ মেনিকিউৰ হৈছে এটা নিৰ্দিষ্ট ধৰণৰ মেনিকিউৰ, যিয়ে ছালৰ ৰং পৰিষ্কাৰ কৰি তেলৰ দ্বাৰা কোমল কৰে।৯ ব্যৱহাৰ কৰিব পৰা তেলৰ প্ৰকাৰসমূহ হ’ল মিনাৰেল অইল, অলিভ অইল, কিছুমান লোচন বা বৈদ্যুতিক হিটাৰত প্ৰস্তুত কৰা ব্যৱসায়িক সামগ্ৰী।

ডিপ পাউদাৰ মেনিকিউৰ

পৰম্পৰাগত এক্ৰিলিক নখ আৰু জেল পলিচৰ বিকল্প হ’ল, ডিপ পাউদাৰ মেনিকিউৰ। ডিপ পাউদাৰ সহজ প্ৰয়োগৰ বাবে জনপ্ৰিয় হৈ পৰিছে। পৰম্পৰাগত ৰেচম বা ফাইবাৰগ্লাছ বৃদ্ধিৰ দৰেই, আঁহৰ ঠাইত এক্ৰিলিক পাউদাৰ ব্যৱহাৰ কৰা হয়। দুয়োটা পদ্ধতিতে প্ৰাকৃতিক নখৰ ওপৰত চাইন'এক্ৰাইলেটৰ স্তৰ স্থাপন আৰু আঁহ বা এক্ৰিলিক গুড়ি আৱৰি ৰখাৰ ওপৰত নিৰ্ভৰশীল।১০ আঁহৰ এটা স্তৰ সাধাৰণ হ’লেও ডিপ নখত পাউদাৰ আৰু চাইন’এক্ৰাইলেটৰ একাধিক বিকল্প স্তৰ ব্যৱহাৰ কৰিব পাৰি।

আকাৰ

নখৰ কলা
নখৰ কলাছবি: Filip Maljković from Pancevo, Serbia · CC BY-SA 2.0

নখৰ আকৃতি কেইবাটাও আছে: মূল আকৃতিসমূহ হ'ল আলমণ্ড, অণ্ডাকাৰ, জোঙা, ঘূৰণীয়া, বৰ্গক্ষেত্ৰ, বৰ্গক্ষেত্ৰৰ অণ্ডাকাৰ, ঘূৰণীয়া চুকযুক্ত বৰ্গক্ষেত্ৰ আৰু ঘূৰণীয়া ডগাযুক্ত পোন।১১ বৰ্গক্ষেত্ৰৰ অণ্ডাকাৰ আকৃতিক কেতিয়াবা স্কুওভাল বুলিও কোৱা হয়, যিটো শব্দ ১৯৮৪ চনত উদ্ভাৱন কৰা হৈছিল।১২ স্কুৱেভালক এটা মজবুত আকৃতি বুলি গণ্য কৰা হয়, যিসকল হাতেৰে কাম কৰে তেওঁলোকৰ বাবে উপযোগী।১৩

তথ্যসূত্ৰ

  1. ↑ Almond, Elaine. (1992). Manicure, pedicure and advanced nail techniques. Macmillan Press. ISBN 0333563131
  2. ↑ (December 2023). What is a French Manicure?. Wisegeek.com
  3. ↑ Nails Around the World. www.nailsmag.com
  4. ↑ Spalding, Robert. (2008). The science of pedicures: countering the crisis in nail salons. Spalding Pub. ISBN 978-0-9711068-3-3
  5. ↑ Manicure definition. Online Etymology Dictionary
  6. ↑ Pedicure definition. Online Etymology Dictionary
  7. ↑ (12 April 2013). Aha! Moment: The French Manicure. Women's Wear Daily
  8. ↑ (7 June 2014). Orly's Jeff Pink created the French manicure nearly 30 years ago. The National
  9. ↑ Kilikita, Jacqueline. (10 September 2016). Hot Oil Manicure - Nail Treatment Benefits. refinery29
  10. ↑ Norris, Rebecca. Manicurists Say Dip Powder Is One of the Most Durable Manicures—Here's Everything You Need to Know. Byrdie
  11. ↑ Elaine Almond. (Sep 19, 1994). Manicure, Pedicure And Advanced Nail Techniques. Cengage Learning EMEA. পৃ. 116
  12. ↑ Crowley, Tim (2007). "Getting Nails Into Shape", Nails, p.81. November issue accessed 02/15/08
  13. ↑ Alisha Rimando Botero; Catherine M. Frangie; Jim McConnell. (May 28, 2010). Milady's Standard Nail Technology. Cengage Learning. পৃ. 217. ISBN 978-1435497689

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্যতত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেনিকিউৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৮০৭ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।