অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জিতা কৌৰ

ৰঞ্জিতা ৰবি কৌৰ (Ranjeeta Robby Kaur; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ FTII) প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁ প্ৰায় ৪৭ খন ছবিত অভিনয় কৰিছে। এই ছবিসমূহৰ ভিতৰত আছে লাইলা মজনু (১৯৭৬), আঁখিয়ো কে ঝৰোখেঁ ছে (১৯৭৮) আৰু পতি পত্নী ঔৰ ৱহ (১৯৭৮)।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৫ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰঞ্জিতা ৰবি কৌৰ (Ranjeeta Robby Kaur; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৫৬)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী২ আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ FTII) প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁ প্ৰায় ৪৭ খন ছবিত অভিনয় কৰিছে। এই ছবিসমূহৰ ভিতৰত আছে লাইলা মজনু (১৯৭৬), আঁখিয়ো কে ঝৰোখেঁ ছে (১৯৭৮) আৰু পতি পত্নী ঔৰ ৱহ (১৯৭৮)। তেওঁ তিনিবাৰকৈ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল, য’ত ওপৰত উল্লেখ কৰা দুখন ছবিও আছে।৩

কৰ্মজীৱন

লাইলা মজনু (১৯৭৬) ছবিখনত ঋষি কাপুৰৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি কৌৰে তেওঁৰ চলচ্চিত্ৰী কেৰিয়াৰ আৰম্ভ কৰে।৪ পৰৱৰ্তী সময়ত তেওঁ পতি পত্নী ঔৰ ৱহ (সঞ্জীৱ কুমাৰৰ সৈতে) আৰু আঁখিয়ো কে ঝৰোখেঁ ছে (শচীনৰ সৈতে) আদি ব্যৱসায়িকভাৱে সফল ছবিত অভিনয় কৰে। মিথুন চক্ৰৱৰ্তীৰ সৈতে সুৰক্ষা, তাৰাণা, হমছে বঢ়কৰ কৌন, আদত ছে মজবুৰ, বাজী, ঘৰ এক মন্দিৰ (১৯৮৪) আদি ছবিত তেওঁ এক বিশিষ্ট যুতি গঠন কৰিছিল। সত্তে পে সত্তাত তেওঁ অমিতাভ বচ্চনৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। কৌৰে ৰাজশ্ৰীৰ বহু সফল ছবিত অভিনয় কৰি এই প্ৰডাকচন হাউচটোৰ সৈতে জড়িত আছিল। ঋষি কাপুৰ, শচীন, ৰাজ বব্বৰ, ৰাজ কিৰণ, দীপক পৰাশৰ, বিনোদ মেহৰা আৰু আমোল পালেকাৰৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল। চলচ্চিত্ৰ জগতৰ পৰা মেলানি মগাৰ পূৰ্বে তেওঁৰ শেষ ছবিখন আছিল ১৯৯০ চনত গুনাহোঁ কা দেৱতা। নব্বৈৰ দশকৰ মাজভাগত কেইখনমান টেলিভিছন ধাৰাবাহিকত অভিনয় কৰি তেওঁ অভিনয়ৰ পৰা বিৰতি লৈছিল। ১৫ বছৰৰ পাছত পুনৰ চিনেমালৈ ঘূৰি আহে অঞ্জানে: দ্য আনন’ন (২০০৫)ৰ যোগেদি। ২০০৮ চনত তেওঁ জিন্দগী তেৰে নাম ছবিত অভিনয় কৰে, যিয়ে তেওঁক মিথুন চক্ৰৱৰ্তীৰ সৈতে পুনৰ মিলিত কৰে। ছবিখনৰ পলমকৈ ২০১২ চনত মুক্তি পাইছিল। ২০১১ চনত তেওঁ শচীনৰ সৈতে আঁখিয়ো কে ঝৰোখেঁ ছেৰ ছিকুৱেল জানা পেহচানাত পুনৰ মিলিত হয়।৫ ২০২৪ চনৰ হিচাপত আজিলৈকে এইখনেই তেওঁৰ শেষ ছবি।

তথ্যসূত্ৰ

  1. ↑ (22 September 2019). कभी इस एक्ट्रेस के घर के बाहर लगती थी मेकर्स की लाइन, एक छोटी सी गलती ने बर्बाद कर दिया करियर. Amar Ujala
  2. ↑ Entertainment News: Latest Hollywood & Bollywood News, Movies Releases & Reviews. The Indian Express
  3. ↑ Farook, Farhana. (3 March 2018). Memories of another day. Filmfare
  4. ↑ Lalwani, Vivek. (13 September 2020). Exclusive! Ranjeeta Kaur on Bollywood: Too much toxicity in the film industry now. The Times of India
  5. ↑ Malani, Gaurav. (15 September 2011). Jaana Pehchana: Movie Review. The Times of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জিতা কৌৰ” প্ৰবন্ধৰ সংশোধন ৪৮২৪২৪ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।