লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অসমৰ দ্বিতীয়খন পশুচিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়খন লখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰৰ কয়লামাৰী অঞ্চলৰ জহিঙত অৱস্থিত।১ লখিমপুৰ বাছ আস্থান আৰু ৰেল ষ্টেচনৰপৰা ইয়ালৈ দূৰত্ব প্ৰায় ১১ কি.মি.।
স্থাপন
প্ৰথমে ১৯৮৭ চনৰ ১ এপ্ৰিলত লখিমপুৰৰ আজাদত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খন অস্থায়ীভাৱে স্থাপন কৰা হয়। ইয়াৰ পাছত ১৯৮৯ চনৰ ২৭ আগষ্টত লখিমপুৰৰ আপাৰ জহিং অঞ্চললৈ স্থানান্তৰ কৰা হয়। শেহতীয়াভাৱে ২০১১ চনৰ ১১ জানুৱাৰীত লখিমপুৰৰ ল'ৱাৰ জহিঙত মহাবিদ্যালয়খন স্থায়ীভাৱে পুনৰ স্থাপন কৰা হয় আৰু বৰ্তমান মহাবিদ্যালয়খন এই স্থানতে অৱস্থিত।২ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় বৰ্তমান অসম পশুপালন আৰু মীন বিশ্ববিদ্যালয় (Assam Veterinary and Fishery University) ৰ অন্তৰ্গত।
বৰ্তমান মহাবিদ্যালয়খনৰ-
ইতিহাস
অসম কৃষি বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদে ১৯৮৫ চনত অসমত আৰু এখন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ আৱশ্যকতা অনুভৱ কৰি অসম চৰকাৰলৈ এটা প্ৰকল্প আগবঢ়ায়। এই প্ৰকল্প অনুসৰি অসম চৰকাৰে অসমৰ লখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰৰ পৰা ১১-১২ কি: মি: দূৰত্বত থকা জহিং অঞ্চলত মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ বাবে প্ৰথম ঠাই নিৰ্বাচন কৰে। পিছলৈ ১৯৮৭ চনৰ ১ এপ্ৰিলত অস্থায়ীভাৱে উত্তৰ লখিমপুৰ চহৰৰ সমীপৱৰ্তী অঞ্চল আজাদৰ পশুপালন বিভাগৰ গো-হেন্দোলনী (BCPP Scheme) আঁচনিৰ চৌহদত অসমৰ দ্বিতীয় পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খন ‘লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়' নামে নামকৰণ কৰি প্ৰতিষ্ঠা কৰে। ১৯৮৮ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে ২০ জন ছাত্ৰৰে আজাদতে মহাবিদ্যালয়খনিৰ প্ৰথম শৈক্ষিক বৰ্ষ আৰম্ভ হয়। ২ অস্থায়ীভাৱে স্থাপন কৰা আজাদস্থিত মহাবিদ্যালয়খনতে শৈক্ষিক বৰ্ষবোৰ কিছুবছৰলৈ ঠিকেই চলি থাকিল। কিন্তু পিছলৈ ভাৰতীয় পশু পৰিষদৰ পৰিদৰ্শকে মহাবিদ্যালয়খনত বিভিন্ন অভাৱ দেখি মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিকৰণ পদ্ধতি বন্ধ কৰি দিয়ে আৰু মহাবিদ্যালয়খনৰ পঞ্জীয়ন অনুমোদন বাতিল কৰে।
জহিং অঞ্চলত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ বাবে অসম চৰকাৰে আপাৰ জহিং (Upper Joyhing) অঞ্চলত ৮০৪ বিঘা আৰু ল'ৱাৰ জহিং (Lower Joyhing) অঞ্চলত ১৮০ বিঘা মাটি আৱণ্টন দিয়ে।
১৯৮৯ চনৰ ২৭ অক্টোবৰ তাৰিখে অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীপ্ৰফুল্ল কুমাৰ মহন্তদেৱে আপাৰ জহিঙত এইখন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থা অতিকৈ বেয়া আছিল আৰু বনৰীয়া জীৱ-জন্তুৰ অত্যাচাৰৰ বাবে মহাবিদ্যালয়খন আকৌ এবাৰ ল'ৱাৰ জহিং অঞ্চললৈ স্থানান্তৰিত কৰিবলগীয়া হ'ল।
২০১১ চনৰ জানুৱাৰী মাহৰ ১১ তাৰিখে সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীতৰুণ গগৈৰদ্বাৰা ল’ৱাৰ জহিং অঞ্চলত মহাবিদ্যালয়খনৰ স্থায়ীভাৱে আধাৰশিলা স্থাপন কৰা হয়। ২০১৪ চনত ভাৰতীয় পশু চিকিৎসা পৰিষদে জহিংস্থিত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় পৰিদৰ্শন কৰি কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ অনুমতি দিয়ে। আৰু সেই সূত্ৰে ২০১৪ চনৰ অক্টোৱৰ মাহত মুঠ ২২ জন ছাত্ৰক নামভৰ্তি কৰালে আৰু প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ হ'ল। লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ক ভাৰতীয় পশু চিকিৎসা পৰিষদে (VCI) আংশিকভাৱে ২০১৮ চনৰ ১৮ আগষ্ট তাৰিখে স্বীকৃতি প্ৰদান কৰে। ২০২৩ চনৰ ২৮ জুলাই তাৰিখে লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে ভাৰতীয় পশু চিকিৎসা পৰিষদৰপৰা পূৰ্ণাংগ অনুমোদন লাভ কৰে। ৩
মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক বিজ্ঞান গুৰু ড° চি কে ৰাজকোঁৱৰ।৪
পূৰ্বৰ সহযোগী বিজ্ঞান গুৰু ড° উমাৰাম তামুলীদেৱে যোৱা ইংৰাজী ৩১/১২/২০২৫ তাৰিখে অৱসৰ গ্ৰহণ কৰাৰ পাছত ড° সৌৰভ কুমাৰ লস্কৰদেৱে নতুন সহযোগী বিজ্ঞান গুৰু হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় বৰ্তমান অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ (Assam Veterinary and Fishery University) অন্তৰ্গত। এই বিশ্ববিদ্যালয়খনৰ মূল চৌহদ বৰ্তমান খানাপাৰা, গুৱাহাটীত আছে। এই বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় কেইখন হ'ল-
- (১) পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী।
- (২) লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, জহিং, উত্তৰ লখিমপুৰ।
- (৩) মীন মহাবিদ্যালয়, ৰহা।
২০২৫ চনৰ ১৩ অক্টোবৰ তাৰিখে গুৱাহাটীৰ ৰাজভৱনত হোৱা অনুষ্ঠানত ড° নিৰঞ্জন কলিতাদেৱে বিশ্ববিদ্যালয়খনৰ প্ৰথম আৰু প্ৰতিষ্ঠাপক উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে। বৰ্তমান ড° বীৰেন্দ্ৰ কুমাৰ শৰ্মাদেৱে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
বিভিন্ন বিভাগ
বৰ্তমান মহাবিদ্যালয়খনত মুঠ ১৭টা বিভাগ আছে –
- (১) পশু চিকিৎসা শৰীৰ বিজ্ঞান আৰু জৈৱ ৰসায়ন (Veterinary Physiology & Biochemistry)
- (২) দেহতত্ত্ব আৰু কলা বিজ্ঞান (Anatomy and Histology)
- (৩) সম্প্ৰসাৰণ শিক্ষা (Extension Education)
- (৪) পশুপাম কমপ্লেক্স (Livestock Farm Complex)
- (৫) পশুধন উৎপাদন আৰু প্ৰতিপালন (Livestock Production and Management)
- (৬) পশুধন সামগ্ৰী প্ৰযুক্তি (Livestock Product Technology)
- (৭) পশু চিকিৎসা ক্লিনিকেল কমপ্লেক্স (Veterinary Clinical Complex)
- (৮) পশু চিকিৎসা ক্লিনিকেল মেডিচিন, নৈতিকতা আৰু ন্যয়বিজ্ঞান (Veterinary Clinical Medicine, Ethics and Jurisprudence)
- (৯) পশু চিকিৎসা অণুজীৱ বিজ্ঞান (Veterinary Microbiology)
- (১০) পশু চিকিৎসা পৰজীৱী বিজ্ঞান (Veterinary Parasitology)
- (১১) পশু চিকিৎসা ৰোগ নিৰূপণ (Veterinary Pathology)
- (১২) পশু চিকিৎসা ফাৰ্মাক’লজী আৰু টক্সিক'লজী (Veterinary Pharmacology and Toxicology)
- (১৩) পশু চিকিৎসা জনস্বাস্থ্য (Veterinary Public Health)
- (১৪) পশু চিকিৎসা অস্ত্ৰোপচাৰ আৰু ৰঞ্জন ৰশ্মি (Veterinary Surgery and Radiology)
- (১৫) পশু বংশগতি আৰু প্ৰজনন (Animal Genetics and Breeding)
- (১৬) পশু পুষ্টি (Animal Nutrition)
- (১৭) পশু প্ৰজনন, স্ত্ৰী ৰোগ আৰু প্ৰসূতি (Animal Reproduction, Gynecology and Obstetrics)
পাঠ্যক্ৰম
মহাবিদ্যালয়খনে ৫ বছৰ আৰু ৫ মহীয়া পশুচিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী আগবঢ়ায়। এই পাঠ্যক্ৰমত নামভৰ্তি সৰ্বভাৰতীয় (NEET) আৰু ৰাজ্যিক পৰ্য্যায়ৰ (CET) প্ৰৱেশ পৰীক্ষাৰদ্বাৰা কৰা হয়। আসনৰ সংখ্যা: বছৰি ৬০খন।
মহাবিদ্যালয় আলোচনী
প্ৰতিবছৰে ‘অভ্যুদয়' নামেৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন ২০১৯ চনৰপৰা প্ৰকাশ পাই আহিছে। ২০২৫ চনলৈকে 'অভ্যুদয়' ৰ ষষ্ঠ সংখ্যা প্ৰকাশ পাইছে।
ছাত্ৰাবাস/ছাত্ৰীনিবাস,অতিথিশালা আৰু অন্যান্য
বৰ্তমান মহাবিদ্যালয়খনত এটি ছাত্ৰাবাস আৰু দুটি ছাত্ৰীনিবাস আছে। মহাবিদ্যালয়খনত দুটি অতিথিশালা থকাৰ লগতে এখন কেণ্টিন, এটি জিম, এখন ইনড’ৰ ষ্টেডিয়াম আৰু ভাৰত চৰকাৰৰদ্বাৰা আবন্তিত এটি বৃত্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে।
কল্যাণমূলক কাৰ্য
মহাবিদ্যালয়খনৰ অধ্যাপকসকল বিভিন্ন সময়ত সজাগতা অনুষ্ঠান, চিকিৎসা শিবিৰ, প্ৰশিক্ষণ কাৰ্য্যসূচী আদিত ভাগ লোৱাৰ লগতে অনেক পশুকল্যাণমূলক কামত জড়িত থাকে। মহাবিদ্যালয়খনৰ চিকিৎসকৰ নেতৃত্বতে এটা আঘাতপ্ৰাপ্ত পদপথৰ কুকুৰৰ উৱলি যোৱা এখন ঠেং আঁঠুলৈকে কাটি সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।১
তথ্যসূত্ৰ
- ↑ পদপথৰ কুকুৰ
- ↑ তামুলী ড° উমাৰাম. (২০১৮-২০১৯). অভ্যুদয়. লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়. পৃ. ১-৪
- ↑ VCI-accredited-to-Lakhimpur-Veterinary-College
- ↑ লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৯৭০৬ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।