অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লক্ষ্মণ নৰসিংহ

লক্ষ্মণ নৰসিংহ (Laxman Narasimhan; জন্ম: ১৫ এপ্ৰিল ১৯৬৭) এজন ভাৰতীয়-আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, যি ৰেকিট বেনকিজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) আৰু পূৰ্বে পেপচিকোৰ মুখ্য বাণিজ্যিক বিষয়া আছিল। ২০২২ চনৰ ১ ছেপ্তেম্বৰত ষ্টাৰবাকছে ঘোষণা কৰিছে যে নৰসিংহ কোম্পানীৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়া হ’ব।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

লক্ষ্মণ নৰসিংহ (Laxman Narasimhan; জন্ম: ১৫ এপ্ৰিল ১৯৬৭) এজন ভাৰতীয়-আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, যি ৰেকিট বেনকিজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) আৰু পূৰ্বে পেপচিকোৰ মুখ্য বাণিজ্যিক বিষয়া আছিল। ২০২২ চনৰ ১ ছেপ্তেম্বৰত ষ্টাৰবাকছে ঘোষণা কৰিছে যে নৰসিংহ কোম্পানীৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী বিষয়া হ’ব। হাৱাৰ্ড শ্বাল্টজৰ ঠাইত লক্ষ্মণ নৰসিংহক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব।১ ২

আৰম্ভণিৰ জীৱন

ভাৰতৰ পুনেত নৰসিংহ ডাঙৰ-দীঘল হৈছিল। তেওঁ কলেজ অৱ ইঞ্জিনিয়াৰিং, পুনেৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীত ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ দ্য ল'ডাৰ ইনষ্টিটিউটৰ পৰা জাৰ্মান ভাষা আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত এম.এ লাভ কৰে। তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ পৰা বিত্তীয় বিষয়ত এম.বি.এ লাভ কৰে।৩৪

কৰ্ম-জীৱন

নৰসিংহই ২০১২ চনলৈকে মেককিনজিৰ বাবে ১৯ বছৰ কাম কৰিছিল আৰু তেওঁলোকৰ নতুন দিল্লীৰ কাৰ্যালয়ৰ পৰিচালক আৰু স্থান পৰিচালকৰ পদবীলৈ উন্নীত হৈছিল।৩ ২০১২ চনত তেওঁ পেপচিকোত যোগদান কৰি মুখ্য বাণিজ্যিক বিষয়ালৈ উন্নীত হয়।৩

২০১৯ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ ৰাকেশ কাপুৰৰ পিছত ৰেকিট বেনকিজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে।৪৫

২০২২ চনৰ ১ ছেপ্তেম্বৰত ষ্টাৰবাকছে ঘোষণা কৰিছিল যে নৰসিংহ ইয়াৰ পৰৱৰ্তী চিইঅ’ হ’ব। ২০২২ চনৰ মাৰ্চ মাহত কেভিন জনছনে পদত্যাগ কৰাৰ পিছত অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা হাৱাৰ্ড শ্বাল্টজৰ ঠাইত নৰসিংহই কাৰ্যনিৰ্বাহ কৰিব।১

ব্যক্তিগত জীৱন

নৰসিংহ বিবাহিত। তেওঁৰ দুজন সন্তান আছে আৰু তেওঁলোক কানেকটিকাটৰ গ্ৰীণউইচত থাকে।৬তেওঁ ছটা ভাষা কয়।৪

তথ্যসূত্ৰ

  1. ↑ Sorkin, Andrew Ross; Merced, Michael J. de la. (2022-09-01). Starbucks names a new chief executive.. The New York Times
  2. ↑ ঠাকুৰ, অঞ্জলি. (September 02, 2022). Laxman Narasimhan Named New Starbucks CEO, Anand Mahindra Reacts. NDTV
  3. ↑ Laxman Narasimhan. World Economic Forum
  4. ↑ O'Dwyer, Michael. (12 June 2019). Reckitt poaches Pepsi executive as new boss
  5. ↑ The Board – RB. www.rb.com
  6. ↑ Laxman Narasimhan. outstanding50award

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় উদ্যোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মণ নৰসিংহ” প্ৰবন্ধৰ সংশোধন ৩৮৫৮১৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।