লক্ষ্মীনাথ দ্বিজ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ কবি। কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ হেলেচা নিবাসী পণ্ডিত সৰ্বানন্দৰ নাতি বুলি আত্ম পৰিচয় দিছে। উক্ত সৰ্বানন্দক মহাৰাজ ৰুদ্ৰসিংহই (১৬৯৬-১৭১৪খ্ৰী.) পাণ্ডিত্যৰ কাৰণে বিশেষ পুৰস্কৃত কৰিছিল বুলি 'শান্তি পৰ্বত' উল্লেখ আছে।১
যুধিষ্ঠিৰে কুৰুক্ষেত্ৰ যুদ্ধত জ্ঞাতি গোত্ৰক বধ কৰি ৰাজ্যলাভ কৰে যদিও মনত শান্তি নাপাই পিতামহ ভীষ্মৰ ওচৰ চপাত ভীষ্মই শৰশয্যাৰ পৰাই যুধিষ্ঠিৰক ৰাজধৰ্মৰ উপদেশ দি অশান্ত মনলৈ শান্তি ঘূৰাই আনে। শান্তি পৰ্বত ৰাজনীতি,ৰজাৰ উৎপত্তি ৰজাৰ কৰ্তব্য, প্ৰজাপালনৰ বিধান, বৰ্ণাশ্ৰম ধৰ্ম, সাম, দান, ভেদ, দণ্ড আদিৰ প্ৰয়োগ দেখুৱাই নানা সৰু সৰু উপাখ্যানৰ সৃষ্টি হৈছে। লক্ষ্মীনাথে সমস্ত শান্তি-পৰ্ব অসমীয়ালৈ অনুবাদ কৰা নাছিল,কেৱল ৰাজধৰ্ম আৰু আপধৰ্ম এই দুটা খণ্ডহে অসমীয়ালৈ ভাঙিছে। 'মোক্ষধৰ্ম' অনুবাদ নাই। গতিকে মূল শান্তিপৰ্বৰ সকলো বিৱৰণ অসমীয়া অনুবাদ নাই। উদাহৰণ স্বৰূপে, মূলৰ বৈষ্ণৱ-পাঞ্চৰাত্ৰ সম্প্ৰদায়ৰ উৎপত্তি আৰু বিৱৰণ থকা নাৰায়ণী উপাখ্যান অসমীয়া অনুবাদত নাই। লক্ষ্মীনাথৰ ভাষা সৰল আৰু ঘৰুৱা। বিষয় বস্তুৰ প্ৰকৃতিয়ে তেওঁক কবিত্ব প্ৰকাশৰ সুযোগ দিয়া নাই।২৩
তথ্যসূত্ৰ
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, লেখক - ড° সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰকাশক -সৌমাৰ। ২০২০,গুৱাহাটী, পৃষ্ঠা ২০৩-২০৪
- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, লেখক-মহেশ্বৰ নেওঁগ, প্ৰকাশক-চন্দ্ৰ প্ৰকাশ। ১৯৬২,গুৱাহাটী
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰথম খণ্ড, সম্পাদক - বিশ্বেশ্বৰ হাজৰিকা,প্ৰকাশক - আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা। ২০২২ - গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষীনাথ দ্বিজ” প্ৰবন্ধৰ সংশোধন ৫০৫৪৫১ (৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।