অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মিলেট নেটৱৰ্ক অৱ ইণ্ডিয়া

মিলেট নেটৱৰ্ক অৱ ইণ্ডিয়াই বাজৰা খেতিয়ক সকলক সহায় কৰে। পৰম্পৰাগত শস্যৰ গুণ উপলব্ধি কৰা এশগৰাকী মহিলাই এই নেটৱৰ্কৰ সৃষ্টি কৰিছিল। গোটটোৱে গাঁৱৰ কৃষকসকলক কম পানী ব্যৱহাৰ আৰু জৈৱিক সাৰেৰে বাজৰাৰ খেতি কৰাত সহায় কৰাৰ লগতে চৰকাৰী ৰাজসাহায্যৰে ধানৰ দৰে প্ৰতিযোগী শস্যক উৎসাহিত কৰাৰ দৰে অন্যায়ৰ ওপৰত…

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

মিলেট নেটৱৰ্ক অৱ ইণ্ডিয়াই বাজৰা খেতিয়ক সকলক সহায় কৰে। পৰম্পৰাগত শস্যৰ গুণ উপলব্ধি কৰা এশগৰাকী মহিলাই এই নেটৱৰ্কৰ সৃষ্টি কৰিছিল। ১ গোটটোৱে গাঁৱৰ কৃষকসকলক কম পানী ব্যৱহাৰ আৰু জৈৱিক সাৰেৰে বাজৰাৰ খেতি কৰাত সহায় কৰাৰ লগতে চৰকাৰী ৰাজসাহায্যৰে ধানৰ দৰে প্ৰতিযোগী শস্যক উৎসাহিত কৰাৰ দৰে অন্যায়ৰ ওপৰত আলোকপাত কৰিছে। এই গোটটোৱে নাৰী শক্তি পুৰস্কাৰ আৰু ইকুৱেটৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

পৃষ্ঠভূমি

ভাৰতীয় বাজৰাৰ শস্য
ভাৰতীয় বাজৰাৰ শস্যছবি: Nandhinikandhasamy · CC BY-SA 4.0

বাজৰা ভাৰতৰ পৰম্পৰাগত শস্য আৰু ভাৰতীয় মিলেট নেটৱৰ্কে ইয়াৰ প্ৰচাৰ কৰে কাৰণ এই শস্য আন শস্যতকৈ কম পানীতেই গজে। বিশেষকৈ ভাৰতত ৰাজসাহায্য লাভ কৰা চাউলৰ সৈতে তুলনা কৰিলে এই কথা স্পষ্ট হৈ পৰে। নিম্ন গুণাগুণ সম্পন্ন মাটিত বাজৰা গজিব পাৰে, এই শস্যবিধ কমকৈ ৰোগত আক্ৰান্ত হয় আৰু চপোৱা শস্যখিনি বহুদিনলৈ ৰাখিব পাৰি। ২ প্ৰাকৃতিক সাৰেৰে বাজৰা উৎপাদন কৰিব পাৰি, কিন্তু এতিয়াও বহু কৃষকে ইয়াৰ খেতি নকৰে, চাহিদা কম হোৱাৰ বাবে এই খেতি বন্ধ কৰি দিছে। ইয়াৰ পৰিৱৰ্তে বগা চাউল অধিক জনপ্ৰিয় আৰু ধান খেতিৰ বাবে চৰকাৰী ৰাজসাহায্যৱো লাভ হয়। ২

২০১৬ চনত এই মিলেট নেটৱৰ্কে প্ৰচাৰ চলোৱাৰ লগতে চৰকাৰক হেচা প্ৰদান কৰিছিল যাতে বাজৰাক আইনৰ দ্বাৰা স্বীকৃতি দিয়া হয়। তেওঁলোকে বিচাৰিছিল যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন সংশোধন কৰা হওক আৰু দৰিদ্ৰসকলৰ বাবে উপলব্ধ কৰা ৰাজসাহায্যযুক্ত খাদ্যৰ ভিতৰত বাজৰা অন্তৰ্ভুক্ত কৰা হওক ৷ বিশ্ব খাদ্য দিৱসতৰ দিনা অন্ত পৰাকৈ এমাহজোৰা এই অভিযানৰ পৰিকল্পনা কৰা হৈছিল ৷ ৩

গ্ৰহণ কৰা মুহূৰ্ত]]

২০১৮ চনৰ ভিতৰত এই নেটৱৰ্কত ৫,০০০ সদস্য অন্তৰ্ভুক্ত হৈছিল ৪ আৰু ২০১৮ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত নেটৱৰ্কৰ হৈ মোঘুলাম্মাই নাৰী শক্তিৰ সন্মান গ্ৰহণ কৰে। ৫ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে দিয়া আৰু ২০১৮ চনৰ ৮ মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰা মহিলাসকলৰ বাবে এই সন্মান সৰ্বোচ্চ অসামৰিক সন্মান। সমগ্ৰ ভাৰতৰ ৩৯ গৰাকী বিজেতাৰ ভিতৰত এই নেটৱৰ্ক অন্যতম আছিল। ৬ এই বঁটা গ্ৰহণ কৰা মোঘুলাম্মা ৩৬ বছৰ বয়সত স্বামী আৰু মাতৃৰ মৃত্যুৰ পিছত পূৰ্ণকালীন কৃষক হৈ পৰিছিল। শাহুৱেকে তেওঁক মিলেট নেটৱৰ্কৰ সৈতে জড়িত কৰি তুলিছিল আৰু জৈৱিকভাৱে বাজৰা খেতি কৰা সফলতাৰ বাবে তাই মনোযোগ লাভ কৰে। নেটৱৰ্কটোৱে কীট নিয়ন্ত্ৰণ আৰু ভাৰ্মিকম্পোষ্ট, গোবৰ আৰু পঞ্চগব্যৰ জৈৱিক ব্যৱহাৰৰ পৰামৰ্শ দিয়ে ৷ ২০১৯ চনত ইউনেস্ক’ৰ পৰা তেওঁলোকে ইকুৱেটৰ বঁটা লাভ কৰিবলৈ নিউয়ৰ্কলৈ যায়। ৭

তথ্যসূত্ৰ

  1. ↑ PIB India. (8 March 2018). Nari Shatki Puraskar citation. PIB India via Twitter
  2. ↑ Nagaland, Anne Pinto-Rodrigues in. (2020-02-25). Against the grain: why millet is making a comeback in rural India. the Guardian
  3. ↑ Kurmanath, K. V. (16 September 2016). Millet Network launches national campaign to include grain in PDS. @businessline
  4. ↑ PIB India. (8 March 2018). Nari Shatki Puraskar citation. PIB India via Twitter
  5. ↑ (2018-03-10). Millet Network of India's success story
  6. ↑ (2018-03-09). International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'
  7. ↑ Roy, Subir. (14 November 2019). How millet farming empowers women. @businessline

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিলেট নেটৱৰ্ক অৱ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪৭৩৭৭০ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।