অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্জান (গায়িকা)

শ্বাহলা চাফী জমিৰ (ফাৰ্চী: شهلا صافی ضمیر; জন্ম: ১৪ জুলাই ১৯৪৮ – মৃত্যু: ৬ জুন ২০২০), তেওঁৰ মঞ্চ নাম মাৰ্জান (ফাৰ্চী: مرجان) হিচাপেহে বেছিকৈ পৰিচিত আছিল। তেওঁ এগৰাকী ইৰানীয় অভিনেত্ৰী আৰু গায়িকা আছিল।

হালনাগাদ: ২৫ মে’ ২০২৬ ৬১১ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্বাহলা চাফী জমিৰ (ফাৰ্চী ভাষা: شهلا صافی ضمیر; জন্ম: ১৪ জুলাই ১৯৪৮ – মৃত্যু: ৬ জুন ২০২০), তেওঁৰ মঞ্চ নাম মাৰ্জান (ফাৰ্চী ভাষা: مرجان) হিচাপেহে বেছিকৈ পৰিচিত আছিল। তেওঁ এগৰাকী ইৰানীয় অভিনেত্ৰী আৰু গায়িকা আছিল।১ ১৯৭৯ চনৰ ইছলামিক বিপ্লৱে তেওঁৰ কেৰিয়াৰ স্তব্ধ কৰি দিছিল আৰু সুদীৰ্ঘ ২৭ বছৰ ধৰি তেওঁ নিজৰ কেৰিয়াৰ আগবঢ়াই নিবলৈ সক্ষম হোৱা নাছিল।২৩

প্ৰাৰম্ভিক জীৱন

শ্বাহলা চাফী জমিৰৰ জন্ম হৈছিল ১৯৪৮ চনত তেহৰাণত।৪ তেওঁৰ পিতৃ আলী চাফী জমিৰ পৰিবহণ মন্ত্ৰালয়ৰ এজন স্থানীয় সঞ্চালক আছিল আৰু মাতৃ কুব্ৰা বাহমানী তবাৰী এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল।৫ মাৰ্জানে অলৱান্দ হাইস্কুলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। ১২ বছৰ বয়সতে তেওঁ কিশোৰ-কিশোৰীসকলৰ বাবে প্ৰকাশিত এখন সাপ্তাহিক আলোচনী "এতেলাত কুদকান"ৰ কিশোৰী সাংবাদিক আছিল। একে সময়তে তেওঁ আলোচনীখনৰ সাপ্তাহিক টিভি অনুষ্ঠানটোৰ ভাষ্যকাৰো আছিল।৬ হাইস্কুল পৰ্যায়লৈ উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ মেহদী আলী-মোহাম্মদী (এগৰাকী ৰেডিঅ’ আৰু ডাবিং ভাষ্যকাৰ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ পুপাক নামৰ এগৰাকী কন্যা সন্তান জন্ম হয়।

বৃত্তিজীৱন

১৯৭২ চনত ছাঈদ ৰাদৰ সৈতে মাৰ্জান
১৯৭২ চনত ছাঈদ ৰাদৰ সৈতে মাৰ্জানছবি: مجله سپید سیاه دهه 50 خورشیدی · Public domain

শ্বাহলা চাফী জমিৰে ২১ বছৰ বয়সত আহমদ শ্বিৰাজীৰ পৰিচালনাত নিৰ্মিত 'দ্য ৱৰ্ল্ড অৱ হোপ' নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে চিনেমা জগতত আত্মপ্ৰকাশ কৰে।৬ সেই সময়ত আন এগৰাকী অভিনেত্ৰী শ্বাহলা ৰিয়াহীক শ্বাহলা নামেৰে জনা গৈছিল, গতিকে তেওঁ নিজৰ বাবে মাৰ্জান নামটো মঞ্চ নাম হিচাপে বাছি লৈছিল। তেওঁৰ প্ৰথম বিবাহ বিবাহবিচ্ছেদৰ জৰিয়তে অন্ত পৰে আৰু পিছলৈ তেওঁ ফেৰেডৌন জুৰাকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৭ মাৰ্জানে চিনেমাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু বহু ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।৮

তেওঁৰ স্বামীয়ে তেওঁক এগৰাকী গায়িকা হ’বলৈ উৎসাহিত কৰিছিল, কাৰণ তেওঁ আৱিষ্কাৰ কৰিছিল যে মাৰ্জানৰ কণ্ঠস্বৰ মৃদু আৰু শক্তিশালী আছিল। এগৰাকী তুৰ্কী গায়িকাৰ পৰা অনুপ্ৰাণিত হৈ গোৱা "কভিৰ দেল" গীতটোৱে তেওঁক বিখ্যাত কৰি তুলিছিল। ইয়াৰ পিছত তেওঁ আন বহুতো গীত পৰিৱেশন কৰে আৰু জনপ্ৰিয় টিভি শ্ব’ত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ অভিনয় এৰি গায়িকা হিচাপে নিজৰ কেৰিয়াৰ অব্যাহত ৰাখে।৯

ইছলামিক বিপ্লৱৰ পিছৰ সময়ছোৱা

১৯৭৯ চনৰ ইছলামিক বিপ্লৱে তেওঁৰ কেৰিয়াৰ কাৰ্যত স্তব্ধ কৰি দিছিল। ইৰানৰ বিপ্লৱৰ দুবছৰ পিছত অৰ্থাৎ ১৯৮০ চনত এটা গীত পৰিৱেশন কৰাৰ অপৰাধত মাৰ্জানক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত বন্দী কৰা হয়।১০ আকৌ ১৯৮২ চনৰ জুলাই মাহত তেওঁক পিপলছ মোজাহিদীন অৱ ইৰানক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। এইবাৰ তেওঁক ১৯৯০ চনলৈকে এভিন কাৰাগাৰত আৱদ্ধ কৰি ৰখা হৈছিল। তাৰ পিছত তেওঁ জীৱনৰ বাকী সময়ছোৱা আমেৰিকা যুক্তৰাষ্ট্ৰত কটাবলৈ ইৰান ত্যাগ কৰে।১১ ২০০৬ চনত তেওঁ কেলিফৰ্নিয়াত নিগাজিকৈ থাকিবলৈ লয়। ছিমায়ে আজাদী টিভিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মাৰ্জানে কৈছিল যে ১৯৮২ চনৰ ৭ জুলাইত তেওঁ আৰু তেওঁৰ স্বামী ফেৰেডৌন জুৰাকক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল; আৰু ১৯৯০ চনৰ আৰম্ভণিলৈকে বন্দী কৰি ৰখা হৈছিল। সেই একেটা সাক্ষাৎকাৰতে তেওঁ এই বুলিও উল্লেখ কৰে যে জেলৰ পৰা মুক্তি পোৱাৰ পিছতো তেওঁক ১৭ বছৰ ধৰি দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।১২

তেওঁ ২০০১ চনত ইৰানৰ পৰা ডুবাইলৈ পলাই যায় আৰু অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হয়, য’ত ২০২০ চনৰ ৫ জুনত অস্ত্ৰোপচাৰৰ জটিলতাৰ বাবে মৃত্যু হোৱালৈকে তেওঁ কেলিফৰ্নিয়াৰ লছ এঞ্জেলছত বসবাস কৰিছিল।২৩

ইৰান এৰাৰ পিছত মাৰ্জান ইৰান চৰকাৰৰ বিৰুদ্ধে এগৰাকী সক্ৰিয় কৰ্মী হৈ পৰে আৰু পিপলছ মোজাহিদীন অৰ্গানাইজেশ্যন অৱ ইৰানক সমৰ্থন কৰে। ২০১৫ চনৰ ৩ জুনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই যুঁজ দিয়াৰ সিদ্ধান্ত লৈছিলোঁ কাৰণ মোৰ নিজৰ দেশত মুক্তভাৱে জীয়াই থকাৰ অধিকাৰ মোৰ আছে।"১৩

ৱাশ্বিংটন ডি চিত থকা অৰ্গানাইজেশ্যন অৱ ইৰানিয়ান আমেৰিকান কমিউনিটিছত "ৰুয়েশ্ব নাগোজীৰ" নামৰ গীতটো পৰিৱেশন কৰাৰ পিছৰে পৰা মাৰ্জানে মোজাহিদীন খালকৰ সংগীত গোষ্ঠীৰ অন্যান্য শিল্পীসকলৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ আন বহুতো গীত পৰিৱেশন কৰিছিল, যাৰ পিছত আছিল: ৰুয়েশ্ব নাগোজীৰ, প্ৰ’হিবিশ্যন, টাইম টু অভাৰ থ্ৰ’ন, হোৱাট টু ছে', এভিন ছেজ, লেটছ বিল্ড এ হোমলেণ্ড, দ্য মাৰ্টায়াৰ্ছ অৱ দ্য চিটি, দ্য ফ্লেগ, দ্য ছাইলেন্ট স্ক্ৰীম, আইজ ৱাকিং এণ্ড আনআৱেৰ, আৰু "ৱি কেন এণ্ড ৱি মাষ্ট"। ইয়াৰে কিছুমান সৃষ্টি ইৰানৰ সুৰকাৰ মহম্মদ শ্বামছে তৈয়াৰ কৰিছিল।১৩১৪

মৃত্যু

২০২০ চনৰ ৬ জুনত এটা অস্ত্ৰোপচাৰৰ পিছত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মাৰ্জানৰ মৃত্যু হয়। তেওঁ জীৱনৰ শেষৰ বছৰকেইটা লছ এঞ্জেলছত কটাইছিল।১০১৩১৫

  • পিপলছ মুজাহিদীন অৱ ইৰানৰ নেত্ৰী মৰিয়ম ৰাজভিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ মাৰ্জানক এনে এগৰাকী মহিলা শিল্পীৰ উদাহৰণ হিচাপে বৰ্ণনা কৰে, "যিয়ে শাসনকালৰ বিৰুদ্ধে থিয় দি যুঁজ দিছিল, আৰু যিসকল ইৰানীয় মহিলাৰ দুখ-কষ্ট তথা মুক্তিৰ প্ৰতি থকা তীব্ৰ আকাংক্ষাৰ প্ৰকৃত প্ৰতিনিধি আছিল।"১৬১৭ তেওঁৰ মৃত্যুৰ খবৰ ঘোষণা কৰা এক বিবৃতিত পিএমঅ'আই (মোজাহিদীন খালক)-এ উল্লেখ কৰে যে তেওঁ "জীৱনৰ শেষ মুহূৰ্তলৈকে স্বাধীনতাৰ সংগ্ৰামৰ প্ৰতি দায়বদ্ধ আছিল।"১৮
  • ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছৰ ইৰান-আফগানিস্তান কাৰ্যালয়ৰ মুৰব্বী ৰেজা মইনীয়ে (শ্বাহলা চাফী জমিৰ) মাৰ্জানৰ মৃত্যুক লৈ লিখিছিল: ১৯৯০ চনত এগৰাকী শিল্পী তথা ৰাজনৈতিক বন্দীৰ মৃত্যু ঘটিল, "তেওঁৰ স্মৃতি, তেওঁৰ কণ্ঠ আৰু ব্যৱস্থাটোৰ ধ্বংসৰ বিৰুদ্ধে তেওঁৰ অবিচল স্থিতি আমাৰ মাজত সদায় থাকি যাব"।৬১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hamid Naficy: A Social History of Iranian Cinema, Volume 3: The Islamicate Period. 0822348772 - 2012 "The film producer Feraidun Zhurak and the actress and singer Marjan, according to the producer Ali Mortazavi, were imprisoned for two years on charges of associating with PMOI (Naficy 1984a)."
  2. ↑ Kamran Talattof Modernity, Sexuality, and Ideology in Iran: The Life and Legacy of a Popular ... p.128
  3. ↑ Profile Marjan
  4. ↑ Marjan. myheritage.com
  5. ↑ سفر مرجان بر بال ترانه‌ها. mojahedin.org
  6. ↑ (6 June 2020). مرجان؛ صدای معترضی که خاموش شد. BBC News فارسی
  7. ↑ (7 June 2020). نگاهی به فعالیت مرجان در عرصه موسیقی. BBC News فارسی
  8. ↑ (6 June 2020). Marjan. Gender Desk
  9. ↑ Sami Beigi's 'Kavir Del' - Discover the Original Song. WhoSampled
  10. ↑ مرجان، هنرمند مهاجر و زندانی سیاسی سابق درگذشت. Voice of America
  11. ↑ (6 June 2020). درگذشت ناگهانی "مرجان" هنرمند و خواننده محبوب مردم ایران. جوانه ها
  12. ↑ (14 April 2013). .::ای شکسته......................مرجان::.
  13. ↑ نت, العربية. (6 June 2020). مرجان خواننده و بازیگر ایرانی قبل از انقلاب درگذشت. العربية نت
  14. ↑ العربیه "دورانی در جهنم" ـ خاطرات خانم مرجان. YouTube
  15. ↑ درگذشت خانم مرجان هنرمند گرانمایه و زندانی سیاسی در زندان های خمینی. YouTube
  16. ↑ ملي, همبستگي. درگذشت ناگهانی خانم مرجان هنرمند گرانقدر مردم و مقاومت ایران- پیام تسلیت خانم مریم رجوی. hambastegimeli.com
  17. ↑ (6 June 2020). مرجان رستگار و جاودانه شد
  18. ↑ فردا, رادیو. مرجان، خواننده و بازیگر سینمای قبل انقلاب ایران درگذشت. رادیو فردا

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্জান (গায়িকা)” প্ৰবন্ধৰ সংশোধন ৬০৮৬৬৩ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।