মায়'ডিয়া গিৰিপথ১ হৈছে অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য গিৰিপথ আৰু ভাৰত-চীন সীমান্তৰ প্ৰৱেশদ্বাৰ২। এই পথটো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগত।১ এই পথটো সাগৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬৫৫ মিটাৰ(৮,৭১১) উচ্চতাত অৱস্থিত।১ শীতকালত হোৱা প্ৰবল তুষাৰপাতৰ বাবে মায়'ডিয়ালৈ অনেক পৰ্যটকৰ আগমন ঘটে। ইয়াৰ নিকটৱৰ্তী চহৰ হৈছে ৰয়িং(৫৬ কিঃমিঃ)।৩
নামৰ উৎপত্তি
শুনিবলৈ পোৱা যায়, এই ঠাইৰে বৰফৰ মাজতে মায়া নামৰ এগৰাকী নেপালী ছোৱালী হেৰাই গৈছিল। মায়াক আৰু কাহিনীও বিচাৰি পোৱা নগ'ল। পাহাৰৰ মাজত হেৰাই যোৱা মায়াৰ নাম অনুসৰিয়েই এই ঠাইখণ্ডৰ নাম মায়'ডিয়া ৰখা হ'ল।২
তুষাৰপাত

সাধাৰণতে নৱেম্বৰ মাহত আৰম্ভ হোৱা মায়'ডিয়াৰ তুষাৰপাত মাৰ্চ মাহলৈকে বৰ্তি থাকে। প্ৰবল তুষাৰপাত দেখিবলৈ পোৱা যায় জানুৱাৰী-ফেব্ৰুৱাৰী মাহত।১
যাতায়াত
পৰ্যটকসকলে বাহন ভাড়া কৰি নাইবা অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহণৰ বাছেৰে যাত্ৰা কৰি ৰাষ্ট্ৰীয় ঘাঁইপথেৰে মায়'ডিয়ালৈ যাব পাৰে। নিকটৱৰ্তী ৰে'লৱে জংছন হৈছে তিনিচুকীয়া জংছন। আৰু নিকটৱৰ্তী বিমানবন্দৰ হৈছে ডিব্ৰুগড়ত অৱস্থিত।২৪
পৰ্যটন

মায়'ডিয়া গিৰিপথৰ সৌন্দৰ্য সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে লেখত ল'বলগীয়া। বৰফেৰে ঢাক খাই থকা পাহাৰবোৰে গোটেই পৰিৱেশটোকে নৈসৰ্গিক নান্দনিকতাৰে পূৰ্ণ কৰি তোলে। ৰয়িঙৰ পৰা মায়'ডিয়ামুখী পথটোৰ যাত্ৰাই পৰ্যটকসকলক এক অভিযানসদৃশ শিহৰণ আনি দিয়ে। বাটতে অতিক্ৰম কৰা ঘূৰণীয়া বাৰ গোলাই(Twelve-Necked Point)-য়েও যাত্ৰীসকলক মায়'ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত পৰিচয় কৰাই দিয়ে।৫
অভিযানপ্ৰিয় ব্যক্তিসকলৰ বাবে মায়'ডিয়া এখন ভ্ৰমণ কৰিবলগীয়া ঠাই। অৱশ্যে পৰ্যটকৰ বাবে সকলো জৰুৰীকালীন সুবিধা আৰু যাৱতীয় ব্যৱস্থা এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। সেয়েহে প্ৰচণ্ড শীতপ্ৰৱাহৰ সময়ত মায়'ডিয়ালৈ গ'লে পৰ্যটকসকলক নিত্য-ব্যৱহাৰ্য সামগ্ৰী লগতে লৈ যাবলৈ পৰামৰ্শ দিয়া হয়। যেনে-খুৱাবস্তু, পানী, প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী আদি। মায়'ডিয়াক এক আদৰ্শ পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ অৰুণাচল চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই আছে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়'ডিয়া গিৰিপথ” প্ৰবন্ধৰ সংশোধন ৪০০০৬১ (১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।