গিৰিপথ
৪ প্ৰবন্ধ
-
নাথু-লা গিৰিপথ
নাথু-লা পাছ ভাৰতৰ ছিক্কিম আৰু তিব্বতৰ সীমান্তবৰ্তী ঐতিহাসিক গিৰিপথ। হিমালয়ৰ ১৪,৪০০ ফুট উচ্চতাত অৱস্থিত এই গিৰিপথ বিশ্বৰ উচ্চতম গিৰিপথবোৰৰ অন্যতম। ১৯০৩ চনত ইয়ং হাজবেণ্ড নামৰ সামৰিক বিষয়া এজনে তিব্বতৰ লাছালৈ এটা অভিযান চলোৱাৰ সময়ত এই গিৰিপথটো আৱিষ্কাৰ কৰে।
-
অটল সুৰংগ
অটল সুৰংগ বা ৰহটাং সুৰংগ হৈছে হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতৰ পীৰপাঞ্জাল মালাৰ লেহ-মানালি ঘাইপথৰ ৰোহটাং গিৰিপথৰ ওপৰত নিৰ্মিত এটা সুৰংগ। এই সুৰংগটোৰ দৈৰ্ঘ্য 9.02 কি.মি. সাগৰপৃষ্ঠৰ পৰা আৰু 10000 ফুট উচ্চতাত অৱস্থিত। ই পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ।
-
খাইবাৰ পাছ বা গিৰিপথ
খাইবাৰ পাছ বা খাইবাৰ গিৰিপথ হৈছে পাকিস্তানৰ খাইবাৰ পাখ্তুনখোৱা প্ৰদেশৰ এটা পাহাৰীয়া গিৰিপথ, যিটো আফগানিস্তানৰ নাংগাৰহৰ প্ৰদেশৰ সীমান্তত অৱস্থিত। এয়া শ্বেত পৰ্বতৰ এটা অংশৰ মাজেৰে গৈ লাণ্ডী কোটাল চহৰখনক জামৰুদৰ পেছাৱাৰ উপত্যকাৰ সৈতে সংযোগ কৰে।
-
মায়'ডিয়া গিৰিপথ
মায়'ডিয়া গিৰিপথ হৈছে অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য গিৰিপথ আৰু ভাৰত-চীন সীমান্তৰ প্ৰৱেশদ্বাৰ। এই পথটো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগত।