অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাওলাইনং গাঁও

মাওলাইনং এখন সৰু কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও। ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিষ্কাৰ গাঁও। খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মাওলাইনং এখন সৰু কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও।১ ভাৰতৰ মেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন এছিয়া মহাদেশৰ সবাতোকৈ পৰিষ্কাৰ গাঁও।২ খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান।৩ এই গাঁওখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।৪

ভৌগোলিক স্থিতি

ভৌগোলিক স্থিতি ২৫°১১'৫৯"উ আৰু ৯১°৫৫'৫৪"পূ মাওলাইনং শ্বিলংৰ পৰা ভাৰত বাংলাদেশ সীমান্তৰ দিশত ৯০ কি.মি দূৰত্বত অৱস্থিত।৫

জনসংখ্যা

২০১৫ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ জনসংখ্যা ৫০০জন,৬ আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে।৭ স্বাক্ষৰতাৰ হাৰ ১০০%।৮

বৃত্তি

গাঁওখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ৷ অসমৰ দৰেই ইয়াত তামোলৰ পৰিমাণ বেছি সেয়ে চুপাৰীৰ ব্যৱসায় দেখা যায়।৮ পৰ্যটনৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।

মাতৃপ্ৰধান সমাজ

খাচী সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি এই সমাজৰ সন্তানে জন্মসূত্ৰে মাতৃৰ উপাধি লাভ কৰে। উত্তৰাধিকাৰী সূত্ৰেও পৰিয়ালৰ জেষ্ঠা কন্যাই হে সা-সম্পত্তি লাভ কৰে।৯

পৰিষ্কাৰ পৰিচন্নতা

পৰিষ্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত।১০ চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে। গাঁওখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ গাঁও হিচপে বিবেচিত হৈছে।৮

পৰ্যটন কেন্দ্ৰ

প্ৰকৃতিয়ে গাঁও খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ (living root bridge) আছে, যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা বাংলাদেশৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাঁওখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে।

তথ্যসূত্ৰ

  1. ↑ IAY Report for Financial year 2010-2011
  2. ↑ Asia's Cleanest Village is in Meghalaya
  3. ↑ Kingdom of girls: Women hold power in this remote Indian village" 'Washington Post''. April 17th 2015. Retrieved on June 6, 2015
  4. ↑ Electoral roll of Pynurla (ST) constituency, Election Department, Government of Meghalaya
  5. ↑ Magical Mawlynnong, Meghalaya Tourism
  6. ↑ Nieves, Evelyn. "Girls Rule in an Indian Village" . The New York Times. June 3, 2015. Retrieved on June 5, 2015
  7. ↑ Availability of MGNrega data on MGNREGA soft MIS
  8. ↑ Eco Destination, Department of Tourism, Government of Meghalaya
  9. ↑ Where women of India rule the roost and men demand gender equality" 'The Guardian''. January 18th 2011. Retrieved on June 6, 2015
  10. ↑ Mawlynnong - the cleanest village of Asia, India-north-east.com

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ পৰ্যটনস্থলীভাৰতৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাওলাইনং গাঁও” প্ৰবন্ধৰ সংশোধন ৩৮২৫৪৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।