ভাৰতৰ গাঁও
৭ প্ৰবন্ধ
-
খনমা
খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ। গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়। খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪টা পৰিয়াল। খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়।
-
ভোদা, জলন্ধৰ
ভোদা (Bhoda) হৈছে ভাৰতৰ পঞ্জাব ৰাজ্যৰ জলন্ধৰ জিলাৰ ফিল্লৌৰ উপ-জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন উপ-জিলা সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ (৭.৫ মাইল) আৰু জিলা সদৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) দূৰত্বত অৱস্থিত। এই গাঁওখনৰ প্ৰশাসন এখন নিৰ্বাচিত সৰপঞ্চৰ দ্বাৰা চলোৱা হয়।
-
ভোদা, লুধিয়ানা
ভোদা হৈছে পঞ্জাবৰ লুধিয়ানা জিলাৰ লুধিয়ানা পূব তহছিলত অৱস্থিত এখন গাঁও।
-
আৰু, জম্মু আৰু কাশ্মীৰ
আৰু (Aru, কাশ্মীৰী ভাষাত আদাব নামেৰে পৰিচিত) হৈছে বিবাদমান কাশ্মীৰ প্ৰান্তৰ অন্তৰ্গত ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন গাঁও তথা পৰ্যটনস্থলী। ই জিলা সদৰ অনন্তনাগ চহৰৰপৰা ৫৩ কিলোমিটাৰ দূৰত অৱস্থিত।
-
তোষ, হিমাচল প্ৰদেশ
তোষ (Tosh) গাঁও ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। এই গাঁওখন পাৰ্বতী উপত্যকাৰ পাৰ্বতী নদীৰ সোঁ পাৰৰ এক পৰ্বতীয়া ঢালত, সাগৰ পৃষ্ঠৰপৰা প্ৰায় ২,৪০০ মিটাৰ (৭,৯০০ ফুট) উচ্চতাত অৱস্থিত আৰু ই চাৰিওফালে পৰ্বতমালাৰে পৰিবেষ্টিত (তোষ হৈছে এই উপত্যকাৰ অন্তিমখন গাঁও)।
-
মাওলাইনং গাঁও
মাওলাইনং এখন সৰু কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও। ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিষ্কাৰ গাঁও। খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান।
-
মাকচুদান
মাকচুদান (ইংৰাজী: Maksudan) হ'ল ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ চুলতানপুৰ জিলাৰ লম্ভুৱা মণ্ডলৰ ধোপাপৰ সমীপৰ গোমতি নদীৰ পাৰৰ এখন গাঁও। গাঁওখনৰ মুঠ জনসংখ্যা প্ৰায় ১০ হাজাৰ। ইয়াৰে ৫৫০০ জন পুৰুষ আৰু ৪৫০০ জনী মহিলা। মাকচুদান ইয়াৰ মণ্ডল মূল চহৰ লম্ভুৱাৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।