মেঘালয়ৰ পৰ্যটনস্থলী
১০ প্ৰবন্ধ
-
শ্বিলং
শ্বিলং (Shillong) উত্তৰ-পূৱ ভাৰতৰ এটি পাহাৰীয়া কেন্দ্ৰ আৰু মেঘালয় ৰাজ্যৰ ৰাজধানী। সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে ৪,৯০৮ ফুট (১,৪৯৬ মিটাৰ) উচ্চতাত অৱস্থিত শ্বিলং পূৱ খাছী পাহাৰ জিলাৰ মূল কেন্দ্ৰ। ইয়াৰ সৰ্বোচ্চ বিন্দু শ্বিলং পিকৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৬,৪৪৯ ফুট (১,৯৬৬ মিটাৰ)।
-
উমিয়াম হ্ৰদ
উমিয়াম হ্ৰদ (অন্য নাম বৰাপানী হ্ৰদ) মেঘালয় ৰাজ্যৰ শ্বিলং নগৰৰ ১৫ কিলোমিটাৰ উত্তৰে অৱস্থিত এক জলাধাৰ। ১৯৬০-ৰ দশকত উমিয়াম নদীত বান্ধ দি ইয়াৰ সৃষ্টি কৰা হৈছিল। হ্ৰদ আৰু বান্ধৰ অৱবাহিকা অঞ্চল প্ৰায় ২২০ কিলোমিটাৰ বিস্তৃত।
-
এলিফেণ্ট জলপ্ৰপাত
এলিফেণ্ট জলপ্ৰপাত (Elephant Falls) ভাৰতৰ মেঘালয়ৰ শ্বিলঙত অৱস্থিত দুই খলপিয়া জলপ্ৰপাত। পাহাৰৰ ধাৰাটো শিলৰ পৃষ্ঠৰ একেৰাহে দুটা জলপ্ৰপাতৰ মাজেৰে নামি গৈছে।
-
জীৱিত শিপাৰ দলং
জীৱিত শিপাৰ দলং (living root bridge) হৈছে জীৱিত উদ্ভিদৰ শিপাৰে গঠিত এক প্ৰকাৰৰ সৰল ওলমি থকা দলং। ভাৰতৰ মেঘালয় ৰাজ্যৰ দক্ষিণ অংশত এনে দলং বেছিকৈ দেখা যায়।
-
নোহছংগিথিয়াং জলপ্ৰপাত
নোহছংগিথিয়াং জলপ্ৰপাত (Nohsngithiang Falls) (চেভেন চিষ্টাৰছ জলপ্ৰপাত বা মাউছমাই জলপ্ৰপাত বুলিও জনা যায়) হৈছে সাতটা খণ্ডৰ জলপ্ৰপাত। ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাছি পাহাৰ জিলাৰ মাউছমাই গাঁৱৰ পৰা ১ কিলোমিটাৰ (০.৬২ মাইল) দক্ষিণে অৱস্থিত।
-
লাংছিয়াং জলপ্ৰপাত
লাংছিয়াং জলপ্ৰপাত ( Langshiang Falls) সাংগ্ৰিয়াং গাঁৱৰ ওচৰত, ভাৰত ৰ পশ্চিম খাছি পাহাৰ জিলাত, নংষ্টয়ন ৰ পৰা ২৪ কিলোমিটাৰ। মেঘালয় ৰ মাউপন গাঁৱৰ পৰাও ইয়াক চাব পাৰি। . জলপ্ৰপাতটোৰ মুঠ উচ্চতা সাধাৰণতে প্ৰায় ৩৩৭ মিটাৰ (১,১০৬ ফুট) বুলি উল্লেখ কৰা হয়। কিন্তু সেইটো নিশ্চিত কৰা প্ৰয়োজন।
-
উমছিয়াং ডাবল-ডেকাৰ ৰুট ব্ৰীজ
উমছিয়াং ডাবল-ডেকাৰ ৰুট ব্ৰীজ (Umshiang Double-Decker Root Bridge) হ'ল ভাৰতৰ মেঘালয় ৰাজ্যত অৱস্থিত এখন জীৱন্ত ৰুট ব্ৰীজ। চেৰাপুঞ্জীৰ পৰা ৪৫ কিলোমিটাৰ (২৮ মাইল) বা ৬৫০০ খোজ ট্ৰেকিং কৰি ইয়ালৈ যাব পাৰি। ইয়াৰ ওচৰতে আছে এটি জলপ্ৰপাত। পৰ্যটনৰ বাবেই ৰুট ব্ৰীজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।
-
কংথং
কংথং মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত অৱস্থিত এখন গাঁও আৰু পৰ্যটনস্থলী। গাঁওখনক ইয়াৰ অনন্য শিসৰ সুৰৰ নামকৰণ পৰম্পৰাৰ বাবে গীত গোৱা গাঁও বা সুহুৰিৰ গাঁও নামেৰে জনা যায়। গাৱখনত প্ৰতিগৰাকী গাঁওবাসীৰ বাবে মাতৃয়ে এটা বিশেষ সুৰ নিৰ্ধাৰণ কৰে আৰু সেই সুৰটো ব্যক্তিজনৰ পৰিচয়সূচক নাম হিচাপে ব্যৱহাৰ কৰা হয়।
-
মাওলাইনং গাঁও
মাওলাইনং এখন সৰু কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও। ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিষ্কাৰ গাঁও। খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান।
-
ৰংথাইলিয়াং ১ শিপা দলং
ৰংথাইলিয়াং ১ শিপা দলং (Rangthylliang 1 root bridge) হ'ল উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ চেৰাপুঞ্জী অঞ্চলৰ এখন জীৱন্ত শিপাৰ দলং। ইয়াৰ দৈৰ্ঘ্য ৫০ মিটাৰ (১৬০ ফুট)। শিপাৰ দলংসমূহৰ ভিতৰত ই আটাইতকৈ দীঘল। ৰংথাইলিয়াং গাঁৱৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে আৰু তাত এনে আৰু ৫খন শিপাৰ দলং আছে।