কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান (Kelimutu National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পূব নুছা টেংগাৰা প্ৰদেশৰ ফ্ল’ৰেছ দ্বীপত অৱস্থিত। ই পাহাৰ-পৰ্বতে আগুৰি থকা এটা অঞ্চল। মাউণ্ট কেলিবাৰা, ইয়াৰ সৰ্বোচ্চ শৃংগ, যাৰ উচ্চতা ১,৭৩১ মিটাৰ। তিনিটা ৰঙীন হ্ৰদ থকা, মাউণ্ট কেলিমুটুও এই ৰাষ্ট্ৰীয় উদ্যানতে অৱস্থিত। এই প্ৰাকৃতিক আকৰ্ষণটো পৰ্যটকসকলৰ বাবে এক গন্তব্যস্থান।
এই ৰাষ্ট্ৰীয় উদ্যানখনত কিছুমান বিপন্ন উদ্ভিদ প্ৰজাতি সংৰক্ষিত কৰি ৰখা হৈছে, যেনে: টুনা (Toona spp), কদম (Anthocephalus cadamba), কেনাৰিয়াম (Canarium spp), ডিঅ'ছপাইৰ'ছ ফেৰা (Diospyros ferra), এলষ্টনিছ স্কোলাৰিছ (Alstonis scholaris), কুসুম (Schleichera oleosa), বিলাতী ঝাউ (Casuarina equisetifolia) আৰু এনাফেলিছ জাভানিকা (Anaphalis javanica) আদি। ইয়াত কিছুমান বিপন্ন প্ৰাণীও পোৱা যায়, যেনে: জাভাৰ ৰুছা (Rusa timorensis), বনৰীয়া গাহৰি (Sus scrofa), বনকুকুৰা (Gallus gallus), ইলানাছ (Elanus sp.) আৰু ড্ৰংগো প্ৰজাতি (Dicrurus sulphurea'')।
উদ্যানখনত সৰ্বমুঠ চাৰিটা স্থানীয় স্তন্যপায়ী প্ৰাণী পোৱা যায়। যাৰ ভিতৰত, বুনোমিছ নাছ’ (Bunomys naso) আৰু হাইনাল্ডছ ৰেট (Rattus hainaldi) নামৰ দুটা মণ্টেন ৰোডেণ্ট উল্লেখযোগ্য।১
এই অঞ্চলটোত এটা আৰ্বৰেটামো আছে। আৰ্বৰেটামটো হʼল ৪.৫ হেক্টৰ এলেকাজুৰি বিস্তৃত, এটা ক্ষুদ্ৰ অৰণ্য, যিয়ে কেলিমুটু ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদকুলৰ জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। আৰ্বৰেটামটোত ৭৮বিধ ভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে, যিবোৰ ৩৬টা পৰিয়ালত বিভক্ত। কেলিমুটুৰ কিছুমান স্থানীয় উদ্ভিদ সংগ্ৰহৰ ভিতৰত উটা অংগা (Begonia kelimutuensis), টুৰুৱাৰা (Rhododendron renschianum), আৰু আৰ্ঙ্গোনী (Vaccinium varingiaefolium) আদি উল্লেখযোগ্য।২
লগতে চাওক
- ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
- ইণ্ডোনেছিয়াৰ ভূগোল
বাহ্যিক সংযোগ
- Kelimutu National Park
- UNEP-WCMC World Database on Protected Areas: Kelimutu
তথ্যসূত্ৰ
- ↑ Ministry of Forestry: Kelimutu NP, retrieved 2 February 2010
- ↑ Samuel Oktora; Khairul Anwar. (4 September 2010). Kelimutu, Dijaga Kicau Burung Arwah. Kompas. পৃ. 1, 15
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৫৬৬৪৯ (২১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।