ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যান
৮ প্ৰবন্ধ
-
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
এইখন ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা। ৫৫খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৬খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৯খন ৱৰ্ল্ড নেটৱৰ্ক অৱ বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ আৰু ৫খন ৰামছাৰ সন্ধিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়। মুঠ ৯খন উদ্যান বহুলাংশে সাগৰীয়।
-
এলাচ পূৰৱ’ ৰাষ্ট্ৰীয় উদ্যান
এলাচ পূৰৱ’ ৰাষ্ট্ৰীয় উদ্যান ( Alas Purwo National Park) পূব জাভা প্ৰদেশৰ দক্ষিণ-পূব প্ৰান্তত বানিউৱাংগি ৰিজেন্সিৰ ব্লামবাংগান উপদ্বীপত অৱস্থিত। বন্য বাণ্টেং আৰু গ্ৰাজাগান উপসাগৰত চাৰ্ফিং স্থানৰ বাবে এই উদ্যান বিখ্যাত।
-
কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান
কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান (Kelimutu National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পূব নুছা টেংগাৰা প্ৰদেশৰ ফ্ল’ৰেছ দ্বীপত অৱস্থিত। ই পাহাৰ-পৰ্বতে আগুৰি থকা এটা অঞ্চল। মাউণ্ট কেলিবাৰা, ইয়াৰ সৰ্বোচ্চ শৃংগ, যাৰ উচ্চতা ১,৭৩১ মিটাৰ।
-
গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যান
গুনুং হালিমুন ছালাক ৰাষ্ট্ৰীয় উদ্যান (Mount Halimun Salak National Park) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ পশ্চিম জাভা প্ৰদেশৰ ৪০০ বৰ্গকিলোমিটাৰৰ এক সংৰক্ষণ এলেকা। ১৯৯২ চনত স্থাপিত এই উদ্যানখনত ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বনাঞ্চলৰ কৰিডৰৰ সৈতে মাউণ্ট ছালাক আৰু মাউণ্ট হালিমুন নামৰ দুটা পৰ্বত আছে।
-
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান (Baluran National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পূব জাভাৰ চিটুবণ্ডো ৰিজেন্সিত অৱস্থিত। ইয়াৰ জলবায়ু তুলনামূলকভাৱে শুষ্ক আৰু ই মূলতঃ ছাভানা (৪০%), লগতে নিম্নভূমিৰ অৰণ্য, মেনগ্ৰোভ বনাঞ্চল আৰু পাহাৰেৰে গঠিত।
-
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান (Mount Gede Pangrango National Park) ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন মাউণ্ট গেডে আৰু মাউণ্ট পাংৰাংগো নামৰ আগ্নেয়গিৰি দুটাৰ কেন্দ্ৰত আছে। ইয়াৰ আয়তন ১৫০ বৰ্গ কিলোমিটাৰ।
-
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান (Mount Ciremai National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চিৰেবন চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত দক্ষিণ দিশত অৱস্থিত। উদ্যানখন চিৰেবনৰ দক্ষিণে, কুনিংগন ৰিজেন্সি আৰু মাজালেংকা ৰিজেন্সিলৈকে বিস্তৃত।
-
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান (Mount Rinjani National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ উত্তৰ লম্বক ৰিজেন্সিৰ অন্তৰ্গত লম্বক দ্বীপত অৱস্থিত। প্ৰায় ৪১,৩৩০ হেক্টৰ (১০২,১০০ একৰ) এলেকাজুৰি বিস্তৃত, এই উদ্যানখন পাহাৰীয়া অঞ্চলত অৱস্থিত।