অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাইক পাণ্ডে

মাইক এইচ পাণ্ডে (Mike H. Pandey)হ'ল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা৷ তেওঁ বন্যপ্ৰাণী আৰু পৰিৱেশ সম্পৰ্কীয় চলচ্চিত্ৰ নিৰ্মাণত বিশেষজ্ঞ। জৈৱ বৈচিত্ৰ্য আৰু প্ৰজাতি সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে কৰা কামৰ বাবে তেওঁ তিনিশতকৈও অধিক বঁটা লাভ কৰিছে৷ সেই বঁটাসমূহৰ ভিতৰত আছে তিমি চাৰ্ক, হাতী,…

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৫ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মাইক এইচ পাণ্ডে (Mike H. Pandey)হ'ল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা৷ তেওঁ বন্যপ্ৰাণী আৰু পৰিৱেশ সম্পৰ্কীয় চলচ্চিত্ৰ নিৰ্মাণত বিশেষজ্ঞ। জৈৱ বৈচিত্ৰ্য আৰু প্ৰজাতি সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে কৰা কামৰ বাবে তেওঁ তিনিশতকৈও অধিক বঁটা লাভ কৰিছে৷ সেই বঁটাসমূহৰ ভিতৰত আছে তিমি চাৰ্ক, হাতী, বাঘ, শগুন আৰু ঘোঁৰাৰ নালৰ ন‍িচিনা কেঁকোৰাৰ দৰে প্ৰজাতিৰ সংৰক্ষণ আৰু সুৰক্ষাত সহায় কৰা।১২

জীৱনী

কেনিয়াৰ নাইৰোবিত জন্মগ্ৰহণ কৰা পাণ্ডেৰ ঘৰৰ পিছফালে থকা নাইৰোবি ৰাষ্ট্ৰীয় উদ্যানখনে মাইক আৰু তেওঁৰ ভাতৃ ঈশ্বৰ দুয়োৰে বাবে এক চহকী প্ৰেৰণাৰ উৎস বুলি প্ৰমাণিত হৈছিল। কেমেৰাৰ সৈতে মাইকৰ দুঃসাহসিক অভিযান আৰম্ভ হৈছিল যেতিয়া তেওঁৰ বয়স মাত্ৰ সাত বছৰ আছিল আৰু তেওঁৰ জন্মদিনত তেওঁৰ ককাকে তেওঁক কোডাক ব্ৰাউনিং বক্স কেমেৰা এটা উপহাৰ দিছিল। এতিয়াও সেইটো তেওঁৰ এই উত্তৰাধিকাৰী বস্তু। ব্ৰিটেইন আৰু আমেৰিকাত প্ৰশিক্ষণপ্ৰাপ্ত আৰু শিক্ষিত ভাতৃদ্বয়ৰ অভিজ্ঞতা আমেৰিকাৰ হলিউডত ইন্টাৰ্ণ হিচাপে প্ৰশিক্ষণ লোৱাৰ পৰা আৰম্ভ কৰি ভাৰতৰ ৰাজিয়া চুলতান, বেতাব, গাজাব আদি ছবিৰ বিশেষ প্ৰভাৱ আৰু যুদ্ধৰ দৃশ্যৰ পৰিচালকলৈকে বহল আৰু বৈচিত্ৰ্যময়। অৱশ্যে মাইকৰ আবেগ আৰু প্ৰাকৃতিক জগতৰ প্ৰতি থকা মৰমে‍ তেওঁক ভাৰতীয় বন্যপ্ৰাণীৰ প্ৰতি পুনৰ টানি আনিলে। ১৯৭৩ চনত মাইকে নতুন দিল্লীত ৰিভাৰবেংক ষ্টুডিঅ’ নামৰ এটা চলচ্চিত্ৰ ষ্টুডিঅ’ স্থাপন কৰে, য’ত সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

১৯৯৪ চনত তেওঁ দ্য লাষ্ট মাইগ্ৰেচন - ছুৰগুজাত ৱাইল্ড এলিফেণ্ট কেপচাৰ ছবিৰ বাবে ৱাইল্ডস্ক্ৰীণ পাণ্ডা বঁটা লাভ কৰা প্ৰথমজন এছিয়ান প্ৰযোজক / পৰিচালক হিচাপে পৰিগণিত হয়, যাক গ্ৰীণ অস্কাৰ বুলিও কোৱা হয়। ২০০০ চনত তেওঁৰ ছবি শ্ব’ৰছ অৱ চাইলেন্স: ৱেল শ্বাৰ্কছ ইন ইণ্ডিয়া, দ্বিতীয়বাৰৰ বাবে গ্ৰীণ অস্কাৰ লাভ কৰে। ছবিখনৰ বাবেই ভাৰতৰ সাগৰ তীৰত তিমি হত্যাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। এই ছবিখনে ২০০৫ চনত "এক্সপ্ল'ৰেচন এণ্ড এডভেঞ্চাৰ" শিতানত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। ২০০৪ চনৰ অক্টোবৰ মাহত তেওঁৰ ছবি ভেনিছিং জায়েন্টছৰ বাবে তৃতীয়বাৰৰ বাবে গ্ৰীণ অস্কাৰ লাভ কৰি ভাৰতক পুনৰ গৌৰৱান্বিত কৰিছিল – ই হাতীৰ সৈতে তেওঁৰ আৱেগ আৰু ব্যক্তিগতভাৱে জড়িত হোৱাৰ কাহিনী।৩ এই ছবিখনৰ ফলত ভাৰতত হাতী ধৰাৰ নিষ্ঠুৰ আৰু আওপুৰণি কৌশল নিষিদ্ধ কৰা হয়। গ্লোবেল কনজাৰ্ভেচনত অসাধাৰণ কৃতিত্বৰ বাবে চিএমএছ – ইউএনইপি বঁটা, পৃথিৱী ৰতন বা ২০০৩ চনৰ নৱেম্বৰ মাহত চিএমএছ বাতাৱৰণ চলচ্চিত্ৰ মহোৎসৱত মাইকক প্ৰদান কৰা হৈছিল সজাগতা সৃষ্টিৰ দিশত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে, যিয়ে এটা বিশ্বব্যাপী ঐতিহ্য - তিমি সংৰক্ষণৰ সূচনা কৰিছিল। মাইকক মুম্বাইত পশ্চিম ভাৰতৰ চিনেমাট’গ্ৰাফাৰ এছ’চিয়েশ্যনে ২০০৫ চনত চিনেমেটিক এক্সেলেন্সৰ বঁটাও প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ Archives Top and Latest News
  2. ↑ (27 December 2019). Meet Mike Pandey, India's Bear Grylls. The Hindu
  3. ↑ (14 October 2004). Mike Pandey wins Third Green Oscar. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইক পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৫৫৬৩৬৩ (২৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।