অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ললিতা মহল

ললিতা মহল,( Lalitha Mahal) এতিয়া ললিতা মহল পেলেচ হোটেল নামেৰে জনাজাত এখন বিলাসী হোটেল যিখন পূৰ্বতে ৰাজ বাসগৃহ আছিল। ই দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ চহৰৰ মহীশূৰ প্ৰাসাদৰ পিছত দ্বিতীয় বৃহত্তম ৰাজপ্ৰাসাদ। ই চহৰৰ পূব দিশত চামুণ্ডী পাহাৰৰ ওচৰত অৱস্থিত।

হালনাগাদ: ১৫ জুন ২০২৬ ৪০৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ললিতা মহল,( Lalitha Mahal) এতিয়া ললিতা মহল পেলেচ হোটেল নামেৰে জনাজাত এখন বিলাসী হোটেল যিখন পূৰ্বতে ৰাজ বাসগৃহ আছিল। ই দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ চহৰৰ মহীশূৰ প্ৰাসাদৰ পিছত দ্বিতীয় বৃহত্তম ৰাজপ্ৰাসাদ। ই চহৰৰ পূব দিশত চামুণ্ডী পাহাৰৰ ওচৰত অৱস্থিত। এই ৰাজপ্ৰাসাদটো ১৯২১ চনত মহাৰাজ কৃষ্ণৰাজ চতুৰ্থ ৱোদেয়াৰে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ একচেটিয়া বাসস্থান হিচাপে নিৰ্মাণ কৰিছিল।১

এই ৰাজপ্ৰাসাদটো লণ্ডনৰ ছেইণ্ট পল কেথেড্ৰেলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল আৰু ই মহীশূৰৰ অন্যতম আকৰ্ষণীয় অট্টালিকা।২৩৪৫

ৰাজপ্ৰসাদটো সম্পূৰ্ণ বগা ৰং কৰা হৈছিল। ১৯৭৪ চনত ইয়াক হেৰিটেজ হোটেললৈ ৰূপান্তৰিত কৰাছিল।৬ ২০১৮ চনলৈকে ভাৰত চৰকাৰৰ ভাৰত পৰ্যটন উন্নয়ন নিগমৰ (আই টি ডি চি) অশোক গ্ৰুপৰ অধীনত ইয়াক পৰিচালনা কৰা হৈছিল, তাৰ পিছত ইয়াক কৰ্ণাটক চৰকাৰৰ এটা ইউনিটৰ হাতত গতাই দিয়া হৈছিল।৭ কিন্তু ৰাজপ্ৰসাদৰ মূল ৰাজকীয় পৰিৱেশ এতিয়াও বজাই ৰখা হৈছে। ১৩৮

ইতিহাস

ললিতা মহল প্ৰাসাদ ২০ শতিকাৰ আৰম্ভণিৰ এটা গঠন; মহীশূৰ ৰাজ্য আৰু ব্ৰিটিছ ভাৰতৰ সময়ত ইয়াক নিৰ্মাণ কৰা হৈছিল। সেই সময়ত ৰাজ্যখনৰ বাৰ্ষিক আয় ২০ লাখ পাউণ্ডৰপৰা উচিত পৰিমাণৰ ধনেৰে এই ৰাজপ্ৰাসাদ নিৰ্মাণ কৰা হৈছিল।১২ প্ৰথমতে ১৯২১ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ একচেটিয়া বাসগৃহ হিচাপে নিৰ্মাণ কৰা এই ৰাজপ্ৰাসাদটো পৰৱৰ্তী সময়ত মহাৰাজৰ ইউৰোপীয় অতিথিসকলৰ বাবে অতিথিশালা হিচাপে ব্যৱহাৰ কৰা হৈছিল।২৩

স্থাপত্য

ৰ ললিতা মহলত – এতিয়া পাঁচ তাৰকাযুক্ত হোটেল- দৰ্শনাৰ্থী গণ্যমান্য ব্যক্তি আৰু ভিআইপিক আতিথ্য প্ৰদান কৰে।]]

চামুণ্ডী পাহাৰৰ তলত বিস্তৃত আৰু সু-ৰক্ষণাবেক্ষণ কৰা বাগিছাৰ মাজত অৱস্থিত এই ৰাজপ্ৰাসাদটো বম্বে (মুম্বাই)ৰ স্থপতি এডউইন অলেষ্টন ফ্ৰিটচ্লিয়ে ডিজাইন কৰিছিল আৰু বি মুনিভেংকটাপ্পাই নিৰ্মাণ কৰিছিল।৯ ইয়াৰ নিৰ্মাণকাৰ্য ১৯২১ চনত আৰম্ভ হৈ ১৯৩০ চনত সম্পূৰ্ণ হৈছিল। ৰেনেছাঁ যুগৰ স্থাপত্য শৈলীত নিৰ্মিত এই প্ৰাসাদটোক লণ্ডনৰ ছেইণ্ট পল কেথেড্ৰেলৰ আৰ্হি বা অনুকৰণ বুলি গণ্য কৰা হয়, বিশেষকৈ ইয়াৰ কেন্দ্ৰীয় গম্বুজ। ৰাজপ্ৰাসাদৰ স্থাপত্য শৈলী ইংৰাজী মেন'ৰ হাউচ আৰু ইটালীৰ প্ৰাসাদ (palazzo)ৰদ্বাৰা প্ৰভাবিত।১০ ই দুমহলীয়া অট্টালিকা।১১ ৰাজপ্ৰাসাদৰ সহায়ক গঠন আয়নিক শৈলীৰ যমজ স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। তলৰ মহলাত এটা প্ৰক্ষেপিত বাৰাণ্ডা আছে। ঘূৰণীয়া গম্বুজ, আৰু ইয়াৰ মাজৰ মূল গম্বুজবোৰে ৰাজপ্ৰাসাদৰ সন্মুখৰ অংশটোক বিশেষ কৰি তোলে। সমগ্ৰ ৰাজপ্ৰাসাদটোৰ বাহিৰৰ আৰু ভিতৰৰ দুৱাৰ, খিৰিকী আৰু চিলিঙত ধুনীয়া ৰঙীন কাঁচৰ ব্যাপক ব্যৱহাৰ দেখা যায়।৩১২

ৰাজপ্ৰসাদটোত এটা ৰাজকীয় প্ৰতিনিধি কক্ষ, এটা ভোজৰ হল, এটা নৃত্য হল, আৰু ইটালীৰ মাৰ্বলৰ পৰা নিৰ্মিত চিৰি (যিটোৰ বক্ৰতা অতি আকৰ্ষণীয়); ইয়াক বিভিন্ন সৰু সৰু সজ্জাৰেও সজাই তোলা হৈছে, যিবোৰ ব্ৰিটেইনৰ বিভিন্ন ৰাজপ্ৰসাদৰ আৰ্হিত নিৰ্মাণ কৰা বুলি কোৱা হয়। ৱোডেয়াৰ ৰজাসকলৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিকৃতি, ইটালীৰ মাৰ্বলৰ মজিয়া, বেলজিয়ামৰ স্ফটিক চেণ্ডেলিয়াৰ, কাটি লোৱা কাঁচৰ লেম্প, গধুৰ আৰু খোদিত আচবাব, মোজাইক টাইলছ আৰু কিছুমান সুন্দৰ পাৰ্চী কাৰ্পেটে ৰাজপ্ৰসাদটোক এক ৰাজকীয় পৰিৱেশ প্ৰদান কৰে। ৰাজপ্ৰসাদটোক পৰম্পৰাগত হোটেললৈ ৰূপান্তৰিত কৰাৰ সময়ত আধুনিক সুবিধাসমূহ নিশ্চিত কৰিবলৈ ইয়াৰ ভিতৰৰ সজ্জাত কিছু পৰিৱৰ্তন কৰা হৈছিল; কিন্তু ৰাজপ্ৰসাদৰ পুৰণি অংশ যেনে নৃত্য হল আৰু ভোজগৃহৰ বেছিভাগ অংশই সভা আৰু সন্মিলন অনুষ্ঠিত কৰাৰ বাবে উপযোগী ডাইনিং হল আৰু কনফাৰেন্স হললৈ ৰূপান্তৰিত কৰা হৈছে, একে সময়তে ইয়াৰ মূল আড়ম্বৰ বজাই ৰাখিছে, মজিয়াত মসৃণ কাঠৰ কাম আৰু ছাদত তিনিটা ষ্টেইনড গ্লাছৰ গম্বুজ। বিশেষকৈ হোটেলখনৰ ডাইনিং হললৈ ৰূপান্তৰিত কৰা বলৰূমটো বেলজিয়ামৰ কাঁচেৰে নিৰ্মিত গম্বুজযুক্ত আকাশৰ পোহৰৰ সৈতে অপৰিসীম উচ্চ চিলিঙৰ বেৰক ষ্টাইলৰ হল। চুইমিং পুল এতিয়া এটা অতিৰিক্ত ব্যৱস্থা।৩৪৫ লিফট, কাৰ্পেটিং আৰু টেপেষ্ট্ৰীৰে সজ্জিত অট্টোমান ৰাজপ্ৰসাদৰ আটাইতকৈ মূল্যৱান সম্পত্তিৰ ভিতৰত অন্যতম।১৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ About Lalitha Mahal
  2. ↑ Cannadine, David. (2002). Ornamentalism: How the British Saw Their Empire. Lalitha Mahal. Oxford University Press US. পৃ. 54–55. ISBN 0-19-515794-X
  3. ↑ Raman, Afried. (1994). Bangalore – Mysore. Mysore Palace. Orient Blackswan. পৃ. 87–88. ISBN 978-0-86311-431-1
  4. ↑ Palaces of Mysore: Lalitha Mahal Palace
  5. ↑ Bruyn, Pippa de; Niloufer Venkatraman; Keith Bain. (2006). Frommer's India. Lalitha Mahal Palace Hotel. John Wiley and Sons. পৃ. 266–267. ISBN 0-7645-9899-6
  6. ↑ About Lalitha Mahal
  7. ↑ Khan, Laiqh a. (21 February 2018). Jungle Lodges and Resorts set to take over Lalitha Mahal Palace. The Hindu
  8. ↑ Lalitha Mahal Palace (A Heritage Ashok). Ashok Group Hotels
  9. ↑ Meera Iyer. (2021-12-11). Lalitha Mahal: an architectural fantasy come to life. DeccanHerald.com. Deccan Herald
  10. ↑ mysore.ind.in/lalitha-mahal-palace|title=Lalitha link|date=June 2026 |bot=InternetArchiveBot |fix-attempted=yes }} Mahal Palace - Mysore
  11. ↑ Lalitha Mahal Palace Mysore
  12. ↑ Lalith Manhal
  13. ↑ Bindloss, Joe; Sarina Singh. (2007). India. Lalith Mahal. Lonely Planet. পৃ. 900. ISBN 978-1-74104-308-2

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীভাৰতকৰ্ণাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা মহল” প্ৰবন্ধৰ সংশোধন ৬১২৩০১ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।