নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ
১৮ প্ৰবন্ধ
-
আন্না
আন্না (ইংৰাজী: ANИA হিচাপে শৈলীগতভাৱে লিখা) হৈছে ২০১৯ চনৰ এখন একচন থ্ৰিলাৰ চলচ্চিত্ৰ। লুক বেচনে এই ছবিখনৰ কাহিনী লিখাৰ লগতে ইয়াৰ প্ৰযোজনা আৰু পৰিচালনাও কৰিছে।
-
এক্সএক্স/এক্সৱাই
এক্সএক্স/এক্সৱাই (ইংৰাজী: XX/XY) হৈছে ২০০২ চনৰ এখন আমেৰিকান ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। অষ্টিন চিকৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত এই ছবিখনত মাৰ্ক ৰাফেলো, কেথলিন ৰবাৰ্টছন আৰু মায়া ষ্টেঞ্জে অভিনয় কৰিছে। ছবিখনৰ শীৰ্ষকটোৱে পুৰুষ আৰু মহিলাৰ দেহত থকা পৃথক যৌন ক্ৰম’জমৰ যুটিক বুজাইছে।
-
এলন
এলন (ফৰাচী: Seuls) হৈছে ২০২১ চনৰ এখন কানাডিয়ান তথ্যচিত্ৰ, যিখন পৰিচালনা কৰিছে পল টমে। বাস্তৱ দৃশ্যৰ লগতে এনিমেচনৰ সংমিশ্ৰণত নিৰ্মিত এই ছবিখনে আফচিন, এলেন আৰু পেট্ৰিচিয়া নামৰ তিনিগৰাকী যুৱক-যুৱতীৰ কাহিনী বৰ্ণনা কৰিছে। তেওঁলোকে পৰিয়াল অবিহনে অকলে শৰণাৰ্থী হিচাপে কানাডালৈ আহিছিল।
-
কিউ (২০১১ চলচ্চিত্ৰ)
কিউ হৈছে ২০১১ চনত লৰেণ্ট ব’নিকৰ পৰিচালনাত নিৰ্মিত এখন ফৰাচী কামুক থ্ৰিলাৰ ছবি। চলচ্চিত্ৰখন আমেৰিকাত ডিজায়াৰ নামেৰে মুক্তি লাভ কৰিছিল।
-
চিণ্ডেৰেলা (১৯৫০ চনৰ চলচ্চিত্ৰ)
চিণ্ডেৰেলা (ইংৰাজী: Cinderella; জন্ম: ১৯৫০) — ১৯৫০ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু আৰ.কে.অ' ৰেডিঅ' পিকচাৰ্ছৰদ্বাৰা মুক্তিপ্ৰাপ্ত এই ছবিখন ১৬৯৭ চনৰ চাৰ্লছ পেৰল্টৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
ঝোলা
ঝোলা (Jhola) সাহিত্যিক কৃষ্ণ ধৰাবাসীৰ কাহিনীৰ আধাৰত নিৰ্মিত এখন নেপালী চলচ্চিত্ৰ। ইয়াত ১৯২০ দশকলৈকে নেপালী সমাজত প্ৰচলিত সতীদাহ প্ৰথাৰ বিষয়ে কোৱা হৈছে য’ত পত্নীয়ে স্বামীৰ মৃত্যুৰ পিছত সাধাৰণতে তেওঁৰ চিতাজুইত আত্মজাহ দিবলগীয়া হৈছিল।
-
টেংগলড
টেংগলড (ইংৰাজী: Tangled; জন্ম: ২০১০) — ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী মাহিমান্বিত দুঃসাহসিক কাল্পনিক হাস্যৰসাত্মক চলচ্চিত্ৰ। জাৰ্মান সাধুকথা "ৰাপুঞ্জেল"ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখন ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত।
-
দ্য উইমেন (২০০৮ চনৰ চলচ্চিত্ৰ)
দ্য উইমেন (ইংৰাজী: The Women) হৈছে ২০০৮ চনত মুক্তি পোৱা এখন আমেৰিকান কমেডি-ড্ৰামা ছবি, যিখন ডায়েন ইংলিছৰদ্বাৰা লিখা, প্ৰযোজনা আৰু পৰিচালিত। ছবিখনত মেগ ৰিয়ান, এনেট বেনিং, ইভা মেণ্ডেছ, ডেব্ৰা মেছিং, জাডা পিনকেট স্মিথ, কেৰী ফিচাৰ, ক্লৰিছ লিচমেন, দেবি মাজাৰ, বেট মিডলাৰ আৰু কেণ্ডিচ বাৰ্গেনকে ধৰি একাংশ…
-
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ (ইংৰাজী: The Princess and the Frog; জন্ম: ২০০৯) — ২০০৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী কমেডী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত এই ছবিখন ২০০২ চনত ই. ডি.
-
দ্য ৰিটাৰ্ণ অৱ চান্দু
দ্য ৰিটাৰ্ণ অৱ চান্দু (ইংৰাজী: The Return of Chandu) হৈছে ১৯৩৪ চনত নিৰ্মিত আমেৰিকাৰ ১২টা খণ্ডৰ এখন ফেণ্টাছী চলচ্চিত্ৰ ধাৰাবাহিক, যিখন চান্দু দ্য মেজিকিয়ান নামৰ ৰেডিঅ' ধাৰাবাহিকখনৰ ওপৰত আধাৰিত। ইয়াৰ প্ৰযোজনা কৰিছিল চ'ল লেচাৰে আৰু পৰিচালনা কৰিছিল ৰায় টেলৰে।
-
দ্য ৰেইনবো
দ্য ৰেইনবো (ইংৰাজী: The Rainbow) হৈছে কেন ৰাছেলৰ দ্বাৰা সহ-লিখিত আৰু পৰিচালিত ১৯৮৯ চনৰ এখন ব্ৰিটিছ ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন ডি. এইচ. লৰেন্সৰ ১৯১৫ চনৰ উপন্যাস দ্য ৰেইনবোৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
ভিক্সেন!
ভিক্সেন! হৈছে ৰাছ মেয়াৰৰ দ্বাৰা পৰিচালিত, মেয়াৰ আৰু এন্থনী জেমছ ৰায়ানৰ দ্বাৰা সহ-লিখিত ১৯৬৮ চনৰ এখন আমেৰিকান ব্যংগাত্মক চফ্টকৰ সেক্সপ্লয়টেশ্যন চলচ্চিত্ৰ। ইয়াত শিতান চৰিত্ৰটোত এৰিকা গেভিনে অভিনয় কৰিছে, যিয়ে লগ পোৱা প্ৰত্যেককে যৌনভাৱে প্ৰভাৱিত কৰে।
-
মহা চোৰ
মহা চোৰ (অৰ্থাৎ "ডাঙৰ চোৰ") হৈছে নৰেন্দ্ৰ বেদীৰদ্বাৰা পৰিচালিত ১৯৭৬ চনৰ এখন বলীউডৰ এক্সন কমেডী চলচ্চিত্ৰ। ইয়াত ৰাজেশ খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে নীতু সিঙক দেখা গৈছে।
-
মাঞ্জি
মাঞ্জি (জাপানী: 卍) হৈছে ১৯৬৪ চনৰ এখন জাপানী ড্ৰামা চলচ্চিত্ৰ, যাক পৰিচালনা কৰিছিল ইয়াচুজো মাচুমুৰাই। ছবিখনৰ চিত্ৰনাট্য লিখিছিল কানেটো ছিণ্ডোৱে আৰু ই জুনিচিৰো টানিজাকিৰ ১৯২৮ চনৰ উপন্যাস কুয়িকচেণ্ডৰ আধাৰত নিৰ্মিত। ছবিখনত আয়াকো ৱাকাও আৰু ক্যোকো কিছিদাই মুখ্য ভূমিকাত অভিনয় কৰিছে।
-
মি, মাইচেলফ এণ্ড হাৰ
মি, মাইচেলফ এণ্ড হাৰ (ইটালিয়ান: Io e lei) হৈছে মাৰিয়া চোলে টগনাজীৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০১৫ চনৰ এখন কমেডী-ড্ৰামা চলচ্চিত্ৰ। ছবিখনত মাৰ্ঘেৰিটা বাই আৰু সাব্ৰিনা ফেৰিলীয়ে অভিনয় কৰিছে।
-
য়াদৱী - দ্য ডিগ্নিফাইড প্ৰিন্সেছ
য়াদৱী– দ্য ডিগ্নিফাইড প্ৰিন্সেছ'(Yadvi – The Dignified Princess) হৈছে জ্যোতি সিঙৰদ্বাৰা প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় ইংৰাজী চলচ্চিত্ৰ। ছবিখনত চন্দ্ৰচূড় সিং আৰু জনপ্ৰিয় ভাৰতীয় দূৰদৰ্শন অভিনেতা বিভু ৰাঘৱে অভিনয় কৰিছে।
-
২ ফ্ৰগছ ইন দ্য ৱেষ্ট
২ ফ্ৰগছ ইন দ্য ৱেষ্ট (ফৰাচী: 2 frogs dans l'ouest, ইংৰাজী: 2 Frogs in the West) হৈছে ২০১০ চনত মুক্তি পোৱা এখন কানাডিয়ান কমেডী-ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ডেনি পাপিনোৰ পৰিচালনাৰ অভিষেক ঘটা এই ছবিখনৰ প্ৰিমিয়াৰ ২০১০ চনৰ ৮ অক্টোবৰত মণ্ট্ৰিয়েলত অনুষ্ঠিত হৈছিল।
-
ৱাক উইথ মি
ৱাক উইথ মি (ইংৰাজী: Walk with Me) হৈছে ইছাবেল ডেল ৰোছালৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২১ চনৰ এখন আমেৰিকান স্বতন্ত্ৰ ৰোমান্টিক ড্ৰামা চলচ্চিত্ৰ। ডেভিন ডান কেননে এগৰাকী ৩০ বছৰীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে নিজৰ স্বামীক এৰি থৈ আহে আৰু তাৰ পিছত অপ্ৰত্যাশিতভাৱে আন এগৰাকী মহিলাৰ প্ৰেমত পৰে…