অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মঞ্জু বংশাল

মঞ্জু বংশাল(:Manju Bansal,জন্ম ১ ডিচেম্বৰ ১৯৫০) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষজ্ঞ। বৰ্তমান তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত মলিকুলাৰ বায়’ফিজিক্স ইউনিটৰ বাবে তাত্ত্বিক বায়’ফিজিক্স গ্ৰুপৰ অধ্যাপিকা।

হালনাগাদ: ৪ এপ্ৰিল ২০২৫ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মঞ্জু বংশাল(:Manju Bansal,জন্ম ১ ডিচেম্বৰ ১৯৫০) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষজ্ঞ। বৰ্তমান তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত মলিকুলাৰ বায়’ফিজিক্স ইউনিটৰ বাবে তাত্ত্বিক বায়’ফিজিক্স গ্ৰুপৰ অধ্যাপিকা। তেওঁ বাংগালুৰুৰ ইনষ্টিটিউট অৱ বায়'ইনফৰ্মেটিক্স এণ্ড এপ্লাইড বায়'টেকন'লজিৰ প্ৰতিষ্ঠাপক সঞ্চালিকা।১২

শিক্ষা

বংশালে হায়দৰাবাদ আৰু ডেৰাডুনৰ পৰাই স্কুলীয়া শিক্ষা সাং কৰিছিল। কৈশোৰ অৱস্থাৰ পৰাই বিজ্ঞানৰ প্ৰতি যথেষ্ট আগ্ৰহ গঢ়ি উঠিছিল আৰু পিছলৈ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি আৰু এম এছ চি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭২ চনত তেওঁ ডক্টৰেট ডিগ্ৰীৰ বাবে বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মলিকুলাৰ বায়’ফিজিক্স ইউনিটত যোগদান কৰে। তাত তেওঁ প্ৰসিদ্ধ জৈৱপদাৰ্থবিজ্ঞানী জি এন ৰামচন্দ্ৰনৰ তত্ত্বাৱধানত, আঁহযুক্ত প্ৰটিন কলাজেনৰ ট্ৰিপল হেলিকেল গঠনৰ তাত্ত্বিক মডেলিঙৰ ওপৰত কাম কৰাৰ সুযোগ পাইছিল। ১৯৭৭ চনত তেওঁ পি এইচ ডি লাভ কৰে।২

তাৰপিছত, ১৯৮১ চনলৈকে তেওঁ আই আই এছ চিত প’ষ্ট-ডক্টৰেল সদস্য হিচাপে বাওঁহাতৰ আৰু ডি এন এৰ অন্যান্য অস্বাভাৱিক গঠনসমূহৰৰ সম্পৰ্কে পোষ্ট ডক্টৰেট ফেলো হিচাপে গৱেষণা অব্যাহত ৰাখে। ইয়াৰ পিছত তেওঁ আলেক্সাণ্ডাৰ ভন হুমব'ল্ট ফেলো হিচাপে জাৰ্মানীৰ ইউৰোপীয় আণৱিক জীৱবিদ্যা প্ৰয়োগশালা (EMBL), হাইডেলবাৰ্গলৈ যায় আৰু ফিলামেণ্টাছ ফেজসমূহৰ গঠন সম্পৰ্কে এবছৰ গৱেষণা কৰিছিল।২

ফেল'শ্বিপ

বান্সালক ইএমবিএল ভিজিটিং ফেল’শ্বিপ আৰু এভিএইচ ফেল’শ্বিপ, জাৰ্মানী আৰু চিনিয়ৰ ফুলব্ৰাইট ফেল’শ্বিপ, আমেৰিকাৰ দ্বাৰা সন্মানিত কৰা হৈছে। ইয়াৰ উপৰাও তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপিকা আৰু আমেৰিকাৰ বেথেছডাৰ এন আই এইচত অতিথি পৰামৰ্শদাতা স্বৰূপে কৰ্মৰত আছিল।২৩

বঁটা আৰু সন্মান

১৯৭৯ চনত বংশালে INSA (Indian National Science Academy) ইয়ং ছায়েন্টিস্ট পদক লাভ কৰিছিল। ১৯৯৮ চনৰ পৰা তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী IISc, বেংগালুৰু আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী প্ৰয়াগৰাজ, ভাৰতৰ ফেলো হিচাপে অন্তৰ্ভুক্ত হয়।২

তথ্যসূত্ৰ

  1. ↑ Biography - Manju Bansal
  2. ↑ INSA - Manju Bansal
  3. ↑ Women in Science. ias.ac.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জু বংশাল” প্ৰবন্ধৰ সংশোধন ৫০২২১৯ (৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।