ভৈৰৱ সিংহ (Maithili: भैरव सिंह) আছিল মিথিলা ৰাজ্যৰ ঐনিৱাৰ বংশৰ চতুৰ্দশ ৰজা। ১৪৭৫–৭৬ খ্ৰীষ্টাব্দৰ আশে-পাশে ধীৰসিংহ ৰজাৰ পিছত তেওঁ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰে।১২৩
প্ৰাথমিক জীৱন
ভৈৰৱসিংহৰ জন্ম হৈছিল মিথিলা ৰাজ্যৰ ঐনিৱাৰ বংশৰ ৰাজ পৰিয়ালত। তেওঁ নৰসিংহ ৰজাৰ পুত্ৰ আছিল। তেওঁ মৈথিল ব্ৰাহ্মণ আৰু কাশ্যপ গোত্ৰৰ অন্তৰ্গত আছিল।৪
শাসন
জৰ্জ আব্ৰাহাম গ্ৰীয়াৰ্ছনৰ মতে, ৰজা ভৈৰৱ সিংহই ৰাজ্যৰ সিংহাসনত নিয়ন্ত্ৰণ লোৱাৰ কিছুসময়ৰ পাছতে মিথিলা ৰাজ্যক স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। মিথিলা ৰাজ্যৰ স্বাধীন সাৰ্বভৌম মৰ্যাদা ঘোষণা কৰিবলৈ তেওঁ ৰূপৰ মুদ্ৰা জাৰি কৰিছিল। শিৱসিংহ ৰজাৰ পিছত তেওঁ মিথিলাৰ ঐনিৱাৰ বংশৰ দ্বিতীয়জন ৰজা আছিল, যিয়ে মিথিলা ৰাজ্যৰ স্বাধীন সাৰ্বভৌমত্ব ঘোষণাৰ বাবে সাৰ্বভৌম ৰূপৰ মুদ্ৰা জাৰি কৰিছিল।৫ তেওঁ বচৌৰ পৰগনাৰ ৱৰুৱাৰ নামেৰে জনাজাত এখন গাঁৱত ৰাজধানী প্ৰতিষ্ঠা কৰে।৬
ভৈৰৱসিংহ ৰাজনৈতিকভাৱে পাকৈত ৰজা আছিল। লংকাৰ ৰজাৰ লগত তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। দুয়োখন দেশৰ মাজত দূতৰ আদান-প্ৰদান হৈছিল।৭
বৈদিক শিক্ষাৰ পৃষ্ঠপোষকতা
ৰজা ভৈৰৱসিংহৰ ৰাজত্বকালত তৰ্চাৰাই ৰেলৱে ষ্টেচনৰ ওচৰৰ জৰাহটীয়াত এটা বিখ্যাত যজ্ঞ কুণ্ড স্থাপন কৰা হয়, য'ত ১৪০০ মীমাংশকে যজ্ঞ পৰিচালনা আৰু মীমাংসা শিক্ষাৰ বাবে বাস কৰিছিল।৮ একেদৰে তেওঁৰ দৰবাৰত পক্ষধৰ মিশ্ৰ নামেৰে এগৰাকী বিশিষ্ট ন্যায়য়িক আছিল। তেওঁ তেতিয়াৰ ৰাজ্যৰ ন্যায় শাস্ত্ৰৰ প্ৰধান শিক্ষক আছিল।৯ বংগৰ নাদিয়াৰ বিখ্যাত যুক্তিবিদ বাসুদেৱ সাৰ্বভৌম আৰু ৰঘুনাথ শিৰোমণি গুৰু পক্ষধৰ মিশ্ৰৰপৰা ন্যায় শাস্ত্ৰ শিকিবলৈ মিথিলালৈ আহিছিল।১০১১
তথ্যসূত্ৰ
- ↑ Sircar, D. C. (2005). Studies in Indian Coins. Motilal Banarsidass Publishers. পৃ. 269. ISBN 978-81-208-2973-2
- ↑ Jha, Makhan. (1997). Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Prespective. M.D. Publications Pvt. Ltd. ISBN 978-81-7533-034-4
- ↑ Deo, Kamal. (2006). Society in the Kirtilata of Vidayapati. Proceedings of the Indian History Congress. পৃ. 286–291
- ↑ Choudhary, Radhakrishna. (1976). A Survey of Maithili Literature. Ram Vilas Sahu. ISBN 978-93-80538-36-5
- ↑ Kumar, Arun. (2018). Grierson: Bhasha Aur Sahitya Chintan. Vani Prakashan. ISBN 978-93-87889-33-0
- ↑ Chaudhary, Radhakrishna. Mithilak Itihas. Ram Vilas Sahu. পৃ. 262. ISBN 978-93-80538-28-0
- ↑ Mishra, Indira. (2004). Aspects of political ideas and institutions in medieval Mithila. Baseline Publishers & Printers. পৃ. 53
- ↑ Chaudhary P. C. Roy. (1964). Bihar District Gazetteers Darbhanga
- ↑ Choudhary, Indra Kumar. (1988). Some Aspects of Social Life of Medieval Mithila, 1350-1750 A.D.: With a Special Reference to Contemporary Literatures. Kashi Prasad Jayaswal Research Institute. পৃ. 101
- ↑ Kochhar, Rajesh. (2021-09-02). Sanskrit and the British Empire. Taylor & Francis. ISBN 978-1-000-43553-5
- ↑ Pakshadhara Mishra · Indian philosopher · Britannica. www.britannica.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৈৰৱ সিংহ” প্ৰবন্ধৰ সংশোধন ৫৫৪৩২১ (২০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।