অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ

ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ (BBS) হৈছে ভূটানৰ এটা ৰাজ-অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰেডিঅ’ আৰু টেলিভিছন সেৱা। এইটো এটা ৰাজহুৱা সেৱামূলক নিগম যি সম্পূৰ্ণৰূপে ৰাজ্যৰদ্বাৰা আৰ্থিকভাৱে পুষ্ট আৰু ভূটানত ৰেডিঅ’ আৰু টেলিভিছন দুয়োটাই প্ৰদান কৰা একমাত্ৰ সেৱা।

হালনাগাদ: ৪ মে’ ২০২৬ ৫৩৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ (BBS) হৈছে ভূটানৰ এটা ৰাজ-অনুদানৰ ওপৰত নিৰ্ভৰশীল অনাতাঁৰ প্ৰযুক্তি আৰু দূৰদৰ্শন সেৱা।১ এইটো এটা ৰাজহুৱা সেৱামূলক নিগম যি সম্পূৰ্ণৰূপে ৰাজ্যৰদ্বাৰা আৰ্থিকভাৱে পুষ্ট আৰু ভূটানত ৰেডিঅ’ আৰু টেলিভিছন দুয়োটাই প্ৰদান কৰা একমাত্ৰ সেৱা। ভূটানৰ সীমানাৰ ভিতৰৰপৰা প্ৰচাৰ কৰা একমাত্ৰ টেলিভিছন সেৱা বুলিও ই গণ্য। ভূটানৰ টেলিকমিউনিকেশ্বন ব্যৱহাৰ বৰ্তমানৰ তথ্য, যোগাযোগ আৰু মাধ্যম আইন, ২০০৬ অনুসৰি পৰিচালিত হয়।

ইতিহাস

বহু বছৰ ধৰি ভূটানত আধুনিক দূৰসঞ্চাৰ ব্যৱস্থা নাছিল। প্ৰথম ৰেডিঅ’ প্ৰচাৰ ১৯৭৩ চনৰ নৱেম্বৰ মাহত আৰম্ভ হয়, যেতিয়া ভূটানৰ ৰাষ্ট্ৰীয় যুৱ সংঘই প্ৰতি দেওবাৰ আধা ঘণ্টা ধৰি বাতৰি আৰু সংগীত প্ৰচাৰ আৰম্ভ কৰিছিল “ৰেডিঅ’ NYAB” নামেৰে।২ প্ৰেৰকটো প্ৰথমে থিম্ফুৰ এটা স্থানীয় টেলিগ্ৰাফ কাৰ্যালয়ৰপৰা ভাড়া লৈ ব্যৱহাৰ কৰা হৈছিল। ১৯৭৯ চনত চৰকাৰে ৰেডিঅ’ NYAB অধিগ্ৰহণ কৰে,৩ আৰু ১৯৮৬ চনত ইয়াৰ নাম সলনি কৰি “ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ” কৰা হয়,৪ লগতে ১৯৯১ চনত আধুনিক প্ৰচাৰ গৃহ নিৰ্মাণ আৰু অনুষ্ঠান সময়সূচী বৃদ্ধিৰ কামো চলি থাকে।৪

দীঘলীয়াকৈ ভূটান বিশ্বৰ একমাত্ৰ দেশ আছিল যিয়ে টেলিভিছন নিষিদ্ধ কৰিছিল।৫ BBS-এ ১৯৯৯ চনৰ এপ্ৰিল মাহত টেলিভিছন সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰে, যাক “ৰাষ্ট্ৰ-নিৰ্মাণৰ এটা উদ্দীপক” বুলি বৰ্ণনা কৰা হৈছিল।৬ প্ৰথম টেলিভিছন প্ৰচাৰ অন্তত ১৯৯৯ চনৰ ২ জুনৰ ৰাতি জিগ্মে চিংগে ৱাংচুকৰ ৰজত জয়ন্তীৰ নিশাত আৰম্ভ হয়।৭

ভূটানত ৰেডিঅ’

১৯৯১ চনত শ্বৰ্টৱেভ ৰেডিঅ’ ভূটানৰ সমগ্ৰ অঞ্চললৈ প্ৰসাৰিত হয়। ২০০০ চনৰ জুন মাহত দেশখনৰ দক্ষিণ আৰু পশ্চিমত এফএম প্ৰচাৰ আৰম্ভ হয়, ২০০১ চনৰ জানুৱাৰীত ইয়াক কেন্দ্ৰীয় ভূটানলৈ বিস্তৃত কৰা হয়। ২০০৫ চনৰ শেষলৈ এফএম সেৱাই দেশখনৰ সকলো স্থান সামৰি লয়। ২০০৯ চনৰ নৱেম্বৰৰপৰা ২৪ ঘণ্টীয়া (বিৰতি আৰু সংযোগ বিচ্ছিন্নতাক গণ্য কৰিলে ২৩ ঘণ্টা ২১ মিনিট) ৰেডিঅ' সম্প্ৰচাৰ আৰম্ভ হয়। ৰাতি ২ বজাৰপৰা পুৱা ৬ বজালৈ নিম্ন-শ্ৰোতা সময়ত আগদিনৰ অনুষ্ঠানসমূহ পুনঃপ্ৰচাৰ হয়। দৈনিক ১৪ ঘণ্টা ৪৫ মিনিট সময় জোংখা ভাষা ভাষাত, ৩ ঘণ্টা ৪৫ মিনিট ইংৰাজী ভাষা ভাষাত, ২ ঘণ্টা ৫৩ মিনিট শ্বেৰ্পা ভাষাত আৰু ১ ঘণ্টা ৫৮ মিনিট নেপালী ভাষা ভাষাত অনুষ্ঠান প্ৰচাৰিত হয়।

২০১২ চনত সম্পূৰ্ণৰূপে জোংখা ভাষা ভাষাত দ্ৰুত দ্বিতীয়টো ৰেডিঅ’ চেনেল আৰম্ভ কৰা হয়।৮

ভূটানত টেলিভিছন

BBS ভূটানৰ প্ৰথম টেলিভিছন চেনেল। প্ৰথমতে সংবাদ, তথ্যচিত্ৰ আৰু মনোৰঞ্জনমূলক অনুষ্ঠান প্ৰতিদিনে সন্ধিয়া ৭ বজাৰপৰা ৮ বজালৈ প্ৰচাৰ কৰা হৈছিল। ২০০৪ চনৰ ডিচেম্বৰ মাহত এই সময় বৃদ্ধি কৰি সন্ধিয়া ৬ বজাৰপৰা ৰাতি ১০ বজালৈ চাৰি ঘণ্টীয়া কৰা হয়। প্ৰথমতে কেৱল থিম্ফু মহানগৰীত সীমাবদ্ধ টিভি সেৱাটো ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা উপগ্ৰহযোগে সমগ্ৰ ভূটানলৈ বিস্তৃত হয়। বৰ্তমান দেশখনত ৩১টা টিভি ষ্টেচন চলি আছে।

২০০৮ চনত BBS-এ টেলিভিছন সময়সূচী পুনৰ বিস্তৃত কৰি সন্ধিয়া ৬ বজাৰপৰা নিশা ১১ বজালৈ প্ৰচাৰ কৰা আৰম্ভ কৰে। অধিকাংশ অনুষ্ঠান জোংখা ভাষা ভাষাত, আৰু দৈনিক দুটাকৈ সংবাদ অনুষ্ঠান ইংৰাজী ভাষাত প্ৰচাৰ কৰা হয়।

আগৰ ৰাতিৰ সম্পূৰ্ণ অনুষ্ঠান পুৱা ৬ বজাৰপৰা ১১ বজালৈ পুনঃপ্ৰচাৰ হয়। শনি আৰু দেওবাৰে বিশেষ মনোৰঞ্জনমূলক অনুষ্ঠান আৰু সংগীত অনুৰোধ অনুষ্ঠান ৩ বজাৰপৰা ৬ বজালৈ চলি থাকে।

BBS-এ ২০২২ চনত উচ্চ-সংজ্ঞা (HD) প্ৰযুক্তিলৈ আপগ্ৰেড কৰাৰ ঘোষণা দিয়ে,৯ যাৰ বাবে দক্ষিণ কোৰিয়াৰপৰা প্ৰায় ৪ কোটি নু’ট্ৰাম মূল্যৰ সৰঞ্জাম লাভ কৰিছিল।১০ ২০২৩ চনৰ ২৬ জুলাইত দুটা মুখ্য চেনেলৰ উচ্চ-সংজ্ঞা প্ৰচাৰ আৰম্ভ হয়।১১

ভূটানৰ টেলিভিছন চেনেলসমূহ

  • BBS 1 – BBS-ৰ মুখ্য চেনেল; ইয়াত সংবাদ, ৰাজহুৱাৰ দৰে অনুষ্ঠান, শিক্ষা, খেলকুদ আৰু সংস্কৃতিসম্বন্ধীয় বিষয়-বস্তু প্ৰচাৰ হয়। ভূটানৰ প্ৰথম টিভি চেনেল হিচাপে ১৯৯৯ চনৰ ২ জুনত আৰম্ভ হৈছিল। ২০২৩ চনৰ ২৬ জুলাইৰপৰা ইয়াৰ উচ্চ-সংজ্ঞা প্ৰচাৰ আৰম্ভ হয়।
  • BBS 2 – BBS-ৰ সাধাৰণ মনোৰঞ্জন চেনেল; ২০১২ চনত আৰম্ভ। ইয়াৰ উচ্চ-সংজ্ঞা প্ৰচাৰ ২০২৩ চনৰ ২৬ জুলাইত আৰম্ভ হয়।
  • BBS 3 – BBS-ৰ শিক্ষামূলক চেনেল; ২০২০ চনৰ ম’ মে মাহত আৰম্ভ। ইয়াৰ উচ্চ-সংজ্ঞা প্ৰচাৰদ্ধ শেহতীয়াভাৱে ২০২৩ চনৰ ২৬ জুলাইত আৰম্ভ হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Servaes, Jan. (1994-01-01). Broadcasting in Bhutan: Between tradition and modernization. Asian Journal of Communication. পৃ. 111–133
  2. ↑ Logan, Stephen (2008). Asian communication handbook 2008. AMIC. p. 134
  3. ↑ Sterling, Christopher (2004). The Museum of Broadcast Communications encyclopedia of radio. Fitzroy Dearborn. p. 104
  4. ↑ Drost, Harry (1991). The World's news media: a comprehensive reference guide. Longman. p. 53
  5. ↑ Bhutan to enter TV age – BBC News, ২৬ এপ্ৰিল ১৯৯৯।
  6. ↑ Kuensel, 22 April 1999
  7. ↑ Larsson, Tomas. (2001). The race to the top: the real story of globalization. Cato Institute. পৃ. 126. ISBN 978-1930865143
  8. ↑ Annual Report 2019
  9. ↑ BBS upgrades to high definition, leaving behind standard definition era
  10. ↑ BBS receives about Nu 40 M worth of broadcast equipment from Korean government
  11. ↑ BBS goes high definition. The Bhutanese

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলৰেডিঅ' ষ্টেচনভূটান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ” প্ৰবন্ধৰ সংশোধন ৬০৪৩৮৫ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।