অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতৰ বহুপতি প্ৰথা

ভাৰতৰ বহুপতি প্ৰথাৰ (Polyandry in India) অৰ্থ হৈছে ঐতিহাসিক ভাৰতীয় উপমহাদেশৰ বা বৰ্তমানৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থকা প্ৰথা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ বহুপতি প্ৰথাৰ (Polyandry in India) অৰ্থ হৈছে ঐতিহাসিক ভাৰতীয় উপমহাদেশৰ বা বৰ্তমানৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থকা প্ৰথা। বহুপতি প্ৰথাৰ উদাহৰণ হিন্দু মহাকাব্য মহাভাৰতত দেখা পোৱা যায়; য'ত পাঞ্চাল ৰজাৰ জীয়ৰী দ্ৰৌপদীয়ে পাঁচজন ভাতৃৰ সৈতে একেলগে বিবাহ পাশত আৱদ্ধ হৈছিল।১

বহুপতি প্ৰথা মুখ্যতঃ ভাৰতৰ হিমাচলৰ এটা অংশ কিন্নৌৰ অঞ্চলত প্ৰচলিত আছিল। কিন্নৌৰ ভাৰত-চীন সীমান্তৰ ওচৰত অৱস্থিত। মহাভাৰতত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলক তেৰ বছৰৰ বাবে তেওঁলোকৰ ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা হৈছিল আৰু শেষৰটো বছৰ কিন্নৌৰৰ এই পাহাৰীয়া অঞ্চলত অজ্ঞাতবাসত কটাইছিল। কিছুমান কিন্নৌৰীয়ে দাবী কৰে যে এই প্ৰথা তেওঁলোকে পাণ্ডৱসকলৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পাইছে; যাক তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষ গণ্য কৰে।

দক্ষিণ ভাৰতত নীলগিৰিৰ টোড়া জনজাতি, ত্ৰিবাংকুৰৰ নাঞ্জানাদ ভেল্লালা জাতিৰ মাজতো বহুপতি প্ৰথা দেখা যায়।২ যদিও বহুতো জনগোষ্ঠী আৰু জনজাতিৰ মাজত এই প্ৰথা নাইকীয়া হৈ গৈছে, তথাপিও কিছুমান পাহাৰীৰ মাজত, বিশেষকৈ উত্তৰ ভাৰতৰ গাড়োৱালক ‘জৌনচাৰ বাৱাৰ’ অঞ্চলত এই প্ৰথা দেখা যায়।

শেহতীয়া বছৰবোৰত কৃষিভূমিৰ বিভাজন পৰিহাৰ কৰিবলৈ পাঞ্জাবৰ মালৱা অঞ্চলৰ কৃষিজীৱি সমাজত বহুপতি প্ৰথা বৃদ্ধি পোৱা দেখা গৈছে।৩

আইনগত বৈধতা

১৮৬০ৰ ভাৰতীয় দণ্ড বিধিৰ ৪৯৪ আৰু ৪৯৫ ধাৰা অনুসৰি খ্ৰীষ্টিয়ানসকলৰ বাবে বহুগমন নিষিদ্ধ। হিন্দু বিবাহ আইন, ১৯৫৫ অনুসৰি কোনো হিন্দু লোকে পতি/পত্নী জীৱিত থকা অৱস্থাত পুনৰবিবাহ কৰিব নোৱাৰে। সেয়েহে ভাৰতত বহুবিবাহ বেআইনী।৪

কিন্নৌৰ

হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ বহুতো গাঁৱত বহুপতি প্ৰথা চলি আছে। বহুপতি প্ৰথা মুখ্যতঃ পুৰুষ-প্ৰধান সমাজৰ গাওঁবোৰত প্ৰচলিত আৰু তাত এতিয়াও প্ৰাচীন ৰীতি-নীতি আৰু ৰীতি-নীতি অনুসৰণ কৰে। এই প্ৰথাৰ বিভিন্ন ধৰণৰ ৰূপ আছে। সাধাৰণতে সকলো ভাতৃয়ে একেগৰাকী নাৰীক বিবাহ কৰে। কেতিয়াবা ভাতৃসকলে পিছতো বিবাহ কৰায়। কেবল পত্নীয়েহে সন্তানৰ তেজৰ সম্বন্ধ নিৰূপণ কৰিব পাৰে। উত্তৰাধিকাৰ সম্পৰ্কীয় বিবাদ সমাধান কৰিবলৈ ডি এন এ পৰীক্ষা কৰাৰো দুই-এটা উদাহৰণ আছে। বিবাহ ভংগৰ নিয়মবোৰ কঠোৰ আৰু বিবাহ চুক্তিৰ বিৰুদ্ধে যোৱা এজন ভাতৃক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিতও কৰিব পৰা যায়।৫

টোড়া

টোড়া হৈছে দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰত বাস কৰা জনজাতীয় লোক যি কেইবা শতিকাৰ পৰা বহুপতি প্ৰথা চলি আহিছে।৬ যিসকল পুৰুষে এগৰাকী বা দুগৰাকী পত্নীক বিবাহ কৰায়, স্বামীসকল প্ৰায়ে পূৰ্ণভাতৃ বা সতীয়া ভাতৃ হয়।৭ বিয়াৰ পিছত এগৰাকী টোড়া মহিলাই স্বয়ংক্ৰিয়ভাবে তেওঁৰ স্বামীৰ আন ভাতৃসকলৰো পত্নীৰ মৰ্যদা পায়।৮ যেতিয়া তেওঁ গৰ্ভৱতী হয়, তেতিয়া যিজন স্বামীয়ে আনুষ্ঠানিক ভাবে পত্নীক এজোৰ ধনু-কাড় দিব, তেৱেঁ সেই সন্তানৰ পিতৃ হ’ব। পৰৱৰ্তী সময়ত গৰ্ভৱতী হ’লে আন এজন স্বামীয়ে সেই আনুষ্ঠানিকতা পালন কৰিব।৯

কেৰালা

কেৰালাত বহুপতি আৰু বহুপত্নী প্ৰথা ঊনবিংশ শতিকাৰ শেহলৈকে প্ৰচলিত আছিল আৰু বিংশ শতিকাৰ মাজভাগলৈ তেনে ঘটনাৰ কথা ছেগা-চোৰোকাকৈ শুনা গৈছিল। নায়াৰ, এজহাৱা, কম্মলান, নাডাৰ আদি জাতিৰ মাজত বহুপতি প্ৰথা দেখা গৈছিল। ১০১১১২ ১৩ ১৪

অধিক জানিবলৈ পঢ়ক

  • Manis Kumar Raha & Palash Chandra Coomar: Polyandry in India. Gian Publishing House, Delhi, 1987.

তথ্যসূত্ৰ

  1. ↑ Samuelson, James. (1890). India, Past and Present, Historical, Social, and Political. Trübner & Co. পৃ. 18, 20, 46, 47
  2. ↑ Lakshmi Raghunandan. At the Turn of the Tide: The Life and Times of Maharani Setu Lakshmi Bayi, the Last Queen of Travancore, 1995. পৃ. 185
  3. ↑ "Draupadis bloom in rural Punjab" দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. 16 July 2005
  4. ↑ Modern Indian Family Law, Werner Menski, Routledge, 2013 p.194
  5. ↑ Negi, Sunder Kala; Singh, Hoshiar. (2014). Marital Satisfaction and Well Being among Fraternal Polyandrous and Monogamous Tribal People of Kinnaur. IRC'S International Journal of Multidisciplinary Research in Social & Management Sciences. পৃ. 47-57
  6. ↑ Anthony R Walker. (28 February – 12 March 2004). The truth about the Todas. Frontline
  7. ↑ Austin L. Hughes. (14 July 1988). Evolution and Human Kinship. OUP USA. পৃ. 101. ISBN 978-0-19-505234-3
  8. ↑ Bron B. Ingoldsby and Suzanna D. Smith. (7 September 2005). Families in Global and Multicultural Perspective. Sage Publications, Inc. পৃ. 104. ISBN 978-0-7619-2819-5
  9. ↑ The Todas by William Halse Rivers Rivers
  10. ↑ Hardgrave, Robert L. The Nadars of Tamilnad. University of California Press
  11. ↑ A Study of Polyandry – Prince Peter of Greece and Denmark (1963) The Hague: Moulton. Open Library ID OL15135517M. p. 159
  12. ↑ Polyandry in India: Demographic, economic, social, religious, and psychological concomitants of plural marriages in women - Manis Kumar Raha and Palash Chandra Coomar (1987) Gian Pub. House. . p. 432
  13. ↑ Singh, Sarva Daman. (1988). Polyandry in Ancient India. ISBN 9788120804876
  14. ↑ 074531693

সম্পৰ্কিত শ্ৰেণী

বিবাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ বহুপতি প্ৰথা” প্ৰবন্ধৰ সংশোধন ৩৮২৩৬১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।