অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬

ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬ (IS 1893-2016 part 1) হ'ল ভাৰতীয় মানক ব্যুৰোৰ দ্বাৰা ৰচিত ক'ড। এই ক'ডখন ২০১৬ চনত ষষ্ঠবাৰৰ বাবে পুনৰীক্ষন কৰি প্ৰকাশ কৰা হয়।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৩ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬ (IS 1893-2016 part 1) হ'ল ভাৰতীয় মানক ব্যুৰোৰ দ্বাৰা ৰচিত ক'ড।১ এই ক'ডখন ২০১৬ চনত ষষ্ঠবাৰৰ বাবে পুনৰীক্ষন কৰি প্ৰকাশ কৰা হয়। ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬ ক'ড কেইখনত বিভিন্ন সংৰচনাৰ ভূকম্পৰোধী ডিজাইনৰ মানদণ্ডৰ বিষয়ে বৰ্ণনা কৰা আছে আৰু ইয়াৰে প্ৰথম খণ্ডত বিশেষকৈ অট্টালিকাসমূহৰ ডিজাইনৰ বিষয়ে উল্লেখ আছে।

ভাৰতৰ ভূকাম্পিক সংমণ্ডল

ভূমিকম্প হ'ব পৰা সম্ভাৱনা আৰু পৰিমাণ অনুসৰি ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬ য়ে ভাৰতক চাৰিটা ভাৰতৰ ভূকাম্পিক সংমণ্ডলত বিভক্ত কৰিছে। সংমণ্ডল ২, ৩, ৪ আৰু ৫। ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬ ত অনুভূমিক ভূকাম্পিক গুণকৰ সূত্ৰৰ উল্লেখ আছে। এই সূত্ৰৰ এটা অংশ হৈছে সংমণ্ডল গুণক। বিভিন্ন সংমণ্ডলৰ বাবে এই গুণকৰ মান বেলেগ বেলেগ। সংমণ্ডল ২ ৰ বাবে ইয়াৰ মান ০·১, ৩ৰ কাৰণে ০·১৬ ৪ৰ কাৰণে ০·২৪ আৰু ৫ৰ কাৰণে ০·৩৬১।

ইতিহাস

ভাৰতীয় মানদণ্ড ব্যুৰোৱে ১৯৬২ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় মানক ১৮৯৩ প্ৰকাশ কৰিছিল।২ ইয়াৰ পিছত ১৯৬৬, ১৯৭০, ১৯৭৫ চনত এই ক'ডখন সংশোধন কৰা হৈছিল। সময়ৰ লগে লগে হোৱা নতুন ভূমিকম্পসমূহ আৰু ইয়াৰ প্ৰভাৱৰ সম্পৰ্কে লাভ কৰা নতুন তথ্যৰ ওপৰত ভিত্তি কৰি ক'ডখন সংশোধন কৰা হৈছিল। ভাৰতীয় মানক ১৮৯৩:১৯৬২ খনত দেশখনক ভূমিকম্পৰ প্ৰাবল্যৰ ওপৰত ভিত্তি কৰি, ০ (কোনো ক্ষতি নহয়)ৰ পৰা VI (ব্যাপক ক্ষতি)লৈকে সাতটা সংমণ্ডলত ভাগ কৰা হৈছিল। ১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প (Mw-৬.৬) আৰু ১৯৯৩ চনৰ লাটুৰ ভূমিকম্প (Mw-৬.২)ৰ দৰে নতুন ভূমিকম্পৰ লগে লগে ভাৰতীয় মানক ব্যুৰোৱে ক'ডখন সংশোধন কৰে আৰু আইএছ ১৮৯৩ ২০০২ চনত; সমগ্ৰ ভাৰতক চাৰিটা ভূমিকম্পীয় সংমণ্ডলত ভাগ কৰা হৈছিল। আই এছ ১৮৯৩: অংশ ১ ২০১২ অনুসৰি ভাৰত চাৰিটা ভূমিকম্পীয় সংমণ্ডল ৰে গঠিত; সংমণ্ডল II,সংমণ্ডল III, সংমণ্ডল IV, আৰু সংমণ্ডল V.

নতুন সংযোজন

ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড)ৰ ২০১৬ সংস্কৰণত প্ৰথমবাৰৰ বাবে মাটি তৰলীকৰণৰ সম্ভাৱনাৰ নিৰ্ণয়নৰ পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হয়। অস্থায়ী সংৰচনাসমূহৰ, চেপেটা স্লেবৰ ডিজাইন পদ্ধতিও সংযোজন কৰা হয়। ডিজাইন আৰু বিশ্লেষণত বেৰাসমূহৰ প্ৰভাৱো সাঙুৰি লোৱা হয়১।

তথ্যসূত্ৰ

  1. ↑ IS1893 (Part 1): 2016. Criteria for Earthquake Resistant Design of Structures, Part 1: General Provisions and Buildings. Bureau of Indian Standards, New Delhi
  2. ↑ IS1893: ১৯৮৪. Criteria for Earthquake Resistant Design of Structures. Bureau of Indian Standards, New Delhi

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬” প্ৰবন্ধৰ সংশোধন ৩৭৬৭০৮ (২ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।