

ভাৰতীয় মানক ব্যুৰো (Bureau of Indian Standards) হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় মানক নিৰ্ধাৰণ কৰা সংস্থা। ইয়াৰ প্ৰথমে নাম আছিল ভাৰতীয় মানক স্ংস্থান (ISI), যাক প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪৬ চনত। ভাৰতীয় মানক ব্যুৰোক বি আই এছ অধিনিয়মৰ ২০১৬ যোগেদি প্ৰতিষ্ঠা কৰা হয়।
কৰ্পোৰেট সংস্থা হিচাপে সংস্থানটো আৰম্ভ কৰা সময়ত ইয়াত ২৫জন সদস্য আছিল। সদস্যসকলক কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰবোৰৰ পৰা, উদ্যোগসমূহৰ পৰা, বৈজ্ঞানিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহ আৰু উপভোক্তা সংগঠনসমূহৰ পৰা নিৰ্বাচিত কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্য্যালয় নতুন দিল্লী ত অৱস্থিত। কলিকতা(পূৱৰ), চেন্নাই(দক্ষিণা), মুম্বাই(পশ্চিমা),দিল্লী (কেন্দ্ৰীয়) আৰু ছণ্ডীগড়(উত্তৰা) ত ইয়াৰ ক্ষেত্ৰিয় কাৰ্য্যালয় আছে১। ইয়াৰ কেইবাটাও শাখা কাৰ্যালয় আছে; আহ্মেদাবাদ, বাঙ্গালোৰ, ভূৱেনেশ্বৰ, ভূপাল, কৈম্বাত'ৰে, দেৰাডুন, ফৰিদাবাদ, গাজিয়াবাদ, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, কোচি, লক্ষ্ণৌ, নাগপুৰ, পাৰৱানো, পাটনা, পুনে, ৰাজকোট, দুৰ্গাপুৰ, জামছেদপুৰ আৰু বিশাখাপট্তনম১।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় মানক ব্যুৰো” প্ৰবন্ধৰ সংশোধন ৩৫১৫৬০ (৩০ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।