অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় খেল

ভাৰতীয় খেল (হিন্দী: भारतीय खेल, ইংৰাজী: Indian Games) হৈছে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ভাৰতীয় জ্ঞান ব্যৱস্থা (আইকেএছ) নীতিৰ অধীনত সমগ্ৰ দেশৰ বিদ্যালয়সমূহত ৭৫টা ভাৰতৰ পৰম্পৰাগত খেল অন্তৰ্ভুক্ত কৰাৰ এক পদক্ষেপ।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় খেল (হিন্দী ভাষা: भारतीय खेल, ইংৰাজী ভাষা: Indian Games) হৈছে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ভাৰতীয় জ্ঞান ব্যৱস্থা (আইকেএছ) নীতিৰ অধীনত সমগ্ৰ দেশৰ বিদ্যালয়সমূহত ৭৫টা ভাৰতৰ পৰম্পৰাগত খেল অন্তৰ্ভুক্ত কৰাৰ এক পদক্ষেপ। এই কাৰ্যসূচীৰ অধীনত আন্তঃবিদ্যালয় প্ৰতিযোগিতা অনুষ্ঠিত হয়,১ প্ৰতিমাহে এটা ঋতুভিত্তিক খেল নিৰ্বাচন কৰা হয় আৰু উৎকৃষ্ট প্ৰদৰ্শন কৰা বিদ্যালয় আৰু শিক্ষকসকলক স্বীকৃতি প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।২

এই পদক্ষেপৰ অন্যতম উদ্দেশ্য হৈছে ভাৰতৰ সকলো শিশুৰ বাবে (বিশেষকৈ দৰিদ্ৰ আৰু গ্ৰাম্য অঞ্চলৰ) ক্ৰীড়াক অধিক সুলভ আৰু সমতাপূৰ্ণ কৰি তোলা, কিয়নো পৰম্পৰাগত ভাৰতীয় খেলসমূহত অতি কম সম্পদ আৰু আন্তঃগাঁথনিৰ প্ৰয়োজন হয়। এই খেলসমূহে দলীয় কাম-কাজ আৰু সৃষ্টিশীলতা বিকাশতো সহায় কৰে,৩ কিয়নো ২০২০ চনৰ নীতিত “বহুমুখী বিকাশ” আৰু “আনন্দময় শিক্ষণ”ক অগ্ৰাধিকাৰ দিবলৈ উল্লেখ কৰা হৈছে।৪

এই কাৰ্যসূচীত ভাৰতৰ বিভিন্ন প্ৰান্তৰ খেল অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বহুতো হাজাৰ বছৰ ধৰি দেশজুৰি সামান্য ভিন্নতাৰে খেলি অহা হৈছে। কিছুমান খেলৰ উল্লেখ আনকি মহাভাৰতৰ দৰে প্ৰাচীন গ্ৰন্থতো পোৱা যায়।৫ শাৰীৰিক ক্ৰীড়াৰ লগতে কিছুমান পৰম্পৰাগত বৰ্ড খেলো অন্তৰ্ভুক্ত কৰা হৈছে।৩

অভ্যৰ্থনা

প্ৰথম দুবছৰত মাত্ৰ প্ৰায় ১,৫০০টা বিদ্যালয়ে এই পদক্ষেপত অংশগ্ৰহণ কৰিছে। সমালোচনাৰ ভিতৰত আৰ্থিক প্ৰেৰণা নথকা আৰু গ্ৰাম্য বিদ্যালয়সমূহৰ পক্ষে অনলাইন প্ৰতিযোগিতাৰ বাবে ভিডিঅ’ আপলোড কৰাৰ সুবিধা সদায় উপলব্ধ নথকাৰ বিষয়টো উল্লেখযোগ্য।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2022-12-31). Edu ministry forms plan to bring in ‘Bharatiya Games’ in schools. Hindustan Times
  2. ↑ (2022-07-30). ‘Gilli danda’ among 75 ‘Bharatiya sports’ set to be introduced in schools. Hindustan Times
  3. ↑ Bhartiya Sports initiative: Gilli danda, langdi, other indigenous games to be pushed in schools. Zee News
  4. ↑ Chakrabarty, Sreeparna. (2023-09-16). To heaven and back at the roll of a dice. The Hindu
  5. ↑ (2023-01-20). Bharatiya Games initiative to popularise traditional Indian sports ecosystem in schools. The Times of India
  6. ↑ Iftikhar, Fareeha. (2024-10-30). Why Centre's 'Bharatiya Khel' initiative for Indian sports in schools is seeing little uptake. ThePrint

সম্পৰ্কিত শ্ৰেণী

লোক-খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় খেল” প্ৰবন্ধৰ সংশোধন ৫৮০৪১৯ (২২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।