ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI) (Board of Control for Cricket in India) ভাৰতৰ ক্ৰিকেট খেলৰ প্ৰধান ৰাষ্ট্ৰীয় শাসক সংস্থা।১ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইৰ চাৰ্চগেটৰ ক্ৰিকেট চেণ্টাৰত অৱস্থিত।২ বিচিচিআই হৈছে বিশ্বৰ ভিতৰতে ক্ৰিকেটৰ আটাইতকৈ ধনী শাসকীয় সংস্থা।৩ ইয়াৰ ৰাজহ ৫,৩০০ কোটিতকৈও অধিক।৪
বিচিচিআই তৃণমূল পৰ্যায়ৰ কাৰ্যসূচী আৰু ক্ৰিকেট একাডেমীৰ দ্বাৰা প্ৰতিভা বিকাশৰ লগত জড়িত। ইয়াৰ পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰশিক্ষণ, আন্তঃগাঁথনি বিকাশ, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শন বজাই ৰাখিবলৈ আৰু বৃদ্ধি কৰাৰ হেতু খেলুৱৈ কল্যাণ কাৰ্যসূচী প্ৰস্তুত কৰা।৫
১৯২৮ চনৰ ১ ডিচেম্বৰত মাদ্ৰাজৰ ১৮৬০ চনৰ XXI আইনৰ অধীনত মাদ্ৰাজত বিচিচিআই প্ৰতিষ্ঠা কৰা হয় আৰু তাৰ পিছত তামিলনাডু ছ'চাইটি পঞ্জীয়ন আইন, ১৯৭৫ৰ অধীনত পুনৰ পঞ্জীয়ন কৰা হয়।৬ ই ৰাজ্যিক ক্ৰিকেট সংঘৰ এটা কনচৰ্টিয়াম যিয়ে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে আৰু যি বিচিচিআইৰ সভাপতি নিৰ্বাচন কৰে। ১৯২৬ চনত ই ইম্পেৰিয়েল ক্ৰিকেট সন্মিলনত যোগদান কৰে যি পিছলৈ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদলৈ পৰিণত হয়।৭ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ অধীনত নপৰা আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা কোনো অনুদান লাভ নকৰা স্বায়ত্তশাসিত, ব্যক্তিগত সংস্থা হৈছে বি চি চি আই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিচিচিআইৰ প্ৰভাৱ আছে।৮৯১০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ৰাজহৰ সৰ্বাধিক অংশ বিচিচিআইৰ সৈতে ভাগ কৰে। বিচিচিআইৰ দ্বাৰা পৰিচালিত আইপিএল বিশ্বৰ অন্যতম ধনী ক্ৰীড়া লীগ।১১
আৰ ই গ্ৰাণ্ট গ'ভান প্ৰথম বিচিচিআইৰ সভাপতি আছিল আৰু এন্থনী ডি মেলো ইয়াৰ প্ৰথম সচিব আছিল।১২ ৰ'জাৰ বিন্নী বিচিচিআইৰ বৰ্তমানৰ সভাপতি আৰু দেৱজিৎ শইকীয়া সচিব।১৩১৪
বিচিচিআইয়ে একাধিক ক্ৰিকেট বিশ্বকাপ আয়োজন কৰিছে৷ বিচিচিআইয়ে ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ, ২০২৬ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ, ২০২৯ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী, আৰু ২০৩১ চনৰ ক্ৰিকেট বিশ্বকাপ আয়োজন কৰিব।১৫
বিচিচিআইয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা চাৰিটা দল পৰিচালনা কৰে; পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল, মহিলাৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল, পুৰুষৰ ৰাষ্ট্ৰীয় ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দল আৰু মহিলাৰ ৰাষ্ট্ৰীয় ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দল। ইয়াৰ উপৰিও ই উন্নয়নশীল ভাৰত ক, ভাৰত খ আৰু ভাৰত ক মহিলা দলসমূহকো নিয়ন্ত্ৰণ কৰে।১৬ ইয়াৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতি, যি মুখ্য ৰাষ্ট্ৰীয় নিৰ্বাচকৰ নেতৃত্বত থাকে, এই দলসমূহৰ বাবে খেলুৱৈ নিৰ্বাচন কৰে। ইয়াৰ কৰ্তব্যৰ অংশ হিচাপে বিচিচিআইয়ে এই প্ৰতিটো দলে খেলিবলগীয়া মেচৰ আয়োজন আৰু সময় নিৰ্ধাৰণ কৰে আৰু ভাৰতত ঘৰুৱা ক্ৰিকেটৰ সময় নিৰ্ধাৰণ, নিষেধাজ্ঞা আৰু আয়োজন কৰে।১৭১৮১৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ BCCI covered under Australia's Right to Information Act, rules top appellate body
- ↑ Board of Control for Cricket in India, About us. www.bcci.tv
- ↑ BCCI spearheading Covid-hit world? Listing revenues of top 10 richest cricket boards in 2021.. Times Now
- ↑ BCCI among the richest sporting bodies, boasts 5,300 crore revenue. Financial Express
- ↑ (11 May 2023). Explained: .. board set to earn per ICC revenue ... Wisden
- ↑ BCCI Constitution. পৃ. 16
- ↑ Full member Board of Control for Cricket in India.
- ↑ (25 January 2023). Life changing... Fox sports Australia
- ↑ Krishna B, Venkata. (10 August 2019). BCCI comes under NADA code, but not National Sports Federation yet. The New Indian Express
- ↑ (26 January 2015). BCCI monopoly... দ্য হিন্দু
- ↑ (24 June 2022). Explained. The IPL business model and how it compares to sports leagues globally. The Hindu
- ↑ The Board of Control for Cricket in India
- ↑ (15 July 2008). Venues decided by rotation policy – BCCI secretary. Espn.in
- ↑ A man of many hats, new BCCI president Roger Binny braces for new innings. ESPNcricinfo
- ↑ (16 November 2021). ..2024–31 men's tournament hosts confirmed.. icc-cricket
- ↑ India A squad for..
- ↑ T20 World Cup: 'High time BCCI looks into their scheduling' – Ex-Indian captain backs Kohli and co. after loss to NZ. হিন্দুস্তান টাইমছ
- ↑ (8 August 2022). BCCI announces schedule for India's 2022-23 domestic cricket season. ThePrint
- ↑ Kadam, Sandip. (9 January 2023). mr:विश्लेषण: क्रिकेट निवड समिती अध्यक्षपदी पुन्हा चेतन शर्मा यांची नियुक्ती कशी? त्यांच्याकडून कोणत्या अपेक्षा असतील?. Loksatta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড” প্ৰবন্ধৰ সংশোধন ৬২৬৬৫৫ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।