ভাৰতত বনাঞ্চল ধ্বংসৰ অৰ্থ হৈছে ভাৰতৰ প্ৰধান বনাঞ্চলসমূহৰ ব্যাপক ধ্বংসকাৰ্য। মূলতঃ কৃষক, পশুপাম, কাঠকটিয়া আৰু কৃষিৰ সৈতে জড়িত ব্যক্তিগত ব্যৱসায় খণ্ড আদিৰ দ্বাৰা পৰিৱেশৰ এনে অৱনতি সংঘটিত হয়। ২০০৯ চনত, বনাঞ্চল ধ্বংসৰ পৰিমাণত ভাৰত বিশ্বৰ দশম স্থানত আছিল, য'ত বিশ্বব্যাপী বাৰ্ষিক বনাঞ্চল ধ্বংসৰ পৰিমাণ আছিল প্ৰতি বছৰে আনুমানিক ১৩.৭ নিযুত হেক্টৰ।১
ইতিহাস
কৃষিৰ বিকাশৰ লগে লগে বনাঞ্চল ধ্বংসৰ সূচনা হয়। কিন্তু ঊনবিংশ শতিকাত ইংৰাজৰ বাণিজ্যিক কাৰ্যকলাপে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ পৰ্বতীয় অঞ্চলসমূহৰ বনাঞ্চলক ধ্বংস কৰাৰ লগে লগে বিনাশৰ পৰিমাণ বৃদ্ধি পায়। গংগা নদীৰ উপত্যকাসমূহত কৃষিৰ বাবে প্ৰায় সম্পূৰ্ণৰূপে বনাঞ্চল ধ্বংস কৰা হৈছে।২
বিভিন্ন দিশসমূহ
বনাঞ্চল ধ্বংসৰ বিভিন্ন কাৰণৰ ভিতৰত ঔপনিৱেশিকীকৰণ, কৃষি সম্প্ৰসাৰণ, খৰি আৰু কাঠৰ সংগ্ৰহ আদিকে জগৰীয়া কৰা হয়। হিমালয়ত পথ বিস্তাৰ কৰাৰ বাবে আৰু নতুন পথ নিৰ্মাণৰ বাবে অনিয়ন্ত্ৰিতভাৱে খনন যন্ত্ৰৰ ব্যৱহাৰৰ ফলত বনাঞ্চলৰ বিশাল অঞ্চল সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে। সমগ্ৰ দেশতে ঔপনিবেশিকীকৰণৰ বাবে গছবোৰ ইন্ধনৰ প্ৰাথমিক উৎস হিচাপে কাটি দিয়া হৈছে। এই গছসমূহ ৰন্ধনকাৰ্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰা হয়।
ফলাফল
বনাঞ্চল ধ্বংসৰ ফলত বাদুলীকে ধৰি বিভিন্ন বন্যপ্ৰাণী আৰু পক্ষী আদিৰ জীৱন ক্ষতিগ্ৰস্ত হৈছে।৩ বনাঞ্চল ধ্বংসৰ বাবে বিভিন্ন পক্ষী যেনে ঘৰচিৰিকা, কপৌ আৰু কাউৰী আদিৰ সংখ্যা কমি আহিছে। বনাঞ্চল ধ্বংসৰ বাবে ভাৰতৰ চহৰ আৰু গাঁওসমূহত পানীৰ সমস্যাৰ সৃষ্টি হৈছে।
তথ্যসূত্ৰ
- ↑ Gore. (3 November 2009). Our Choice: A Plan to Solve the Climate Crisis. Rod ale Books. পৃ. 174, 192, 184, 186, 192, 172. ISBN 978-1-59486-734-7
- ↑ Case studies of Andaman Island, Uttara Kannada. org.uy
- ↑ Deforestation Serious Threat to Bats in India. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতত বনাঞ্চল ধ্বংস” প্ৰবন্ধৰ সংশোধন ৪৫৬২০১ (১৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।