ব্ৰিটনী ডি লা ম'ৰা (পূৰ্বৰ উপাধি: ৰুইজ; জন্ম: ১ এপ্ৰিল ১৯৮৭১), পেছাগতভাৱে জেনা প্ৰেছলী নামেৰে পৰিচিত এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী। ২০১২ চনত পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰাৰ পিছত তেওঁ ছান ডিয়েগোত এগৰাকী ইভানজেলিকােল খ্ৰীষ্টধৰ্ম প্ৰচাৰক হৈ পৰে।
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ কেৰিয়াৰ
কলেজত পঢ়ি থকা আৰু ছাণ্টা বাৰ্বাৰাৰ এটা ষ্ট্ৰিপ ক্লাবত কাম কৰি থকা অৱস্থাত কেইবাজনমান প্ৰযোজকে ডি লা ম'ৰাক "ৰোমাঞ্চ চিনেমা" নিৰ্মাণত আগ্ৰহী নেকি সুধিছিল।২ ডি লা ম'ৰাই ১৮ বছৰ বয়সত ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত জেনা প্ৰেছলী নামেৰে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছিল।৩ ২০১০ চনত মেক্সিম আলোচনীয়ে তেওঁক পৰ্ণ জগতৰ ১২ গৰাকী শীৰ্ষ মহিলা তাৰকাৰ ভিতৰত অন্যতম হিচাপে নামাকৰণ কৰিছিল।৪ কমপ্লেক্স আলোচনীয়ে ২০১১ চনত তেওঁৰ "বৰ্তমানৰ ১০০ গৰাকী আটাইতকৈ আকৰ্ষণীয় পৰ্ণ তাৰকা"ৰ তালিকাত ১৭ নম্বৰ স্থান দিছিল।৫
প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত থকা সময়ছোৱাত প্ৰেছলীয়ে ক্ৰিষ্টেল মেথ, হেৰোইন আৰু ক'কেইন (ওজন কমাবলৈ চেষ্টা কৰিবলৈ), লগতে এক্সটেচি আৰু অক্সিকন্টিন ব্যৱহাৰ কৰিছিল।৩ তেওঁ নিজৰ প্ৰেমিকক এটা মটৰচাইকেল বাহিনীৰ দ্বাৰা মাৰাত্মকভাৱে ছুৰীৰে আঘাত কৰা প্ৰত্যক্ষ কৰিছিল।
XXXChurch-ৰ এগৰাকী খ্ৰীষ্টান পাষ্টৰ ৰাচেল কলিন্সৰ দ্বাৰা অনুপ্ৰাণিত হৈ ডি লা ম'ৰাই লাছ ভেগাছত তেওঁৰ অন্তিমটো দৃশ্যৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ২০১২ চনৰ ডিচেম্বৰ মাহত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰে।৩৬
ইভানজেলিকােল ধৰ্ম প্ৰচাৰ
২০১২ চনত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰাৰ পিছত ডি লা ম'ৰাই ছান ডিয়েগোৰ ইভানজেলিকােল 'কৰ্নাৰষ্টোন চাৰ্চ'ত ধৰ্মোপদেশ দিবলৈ আৰম্ভ কৰে।৭৮ ২০১৩ চনৰ আগষ্ট মাহত তেওঁ XXXChurch-ৰ এজন পাষ্টৰ ক্ৰেগ গ্ৰছৰ সৈতে দ্য ভিউ নামৰ অনুষ্ঠানত উপস্থিত হৈ খ্ৰীষ্ট ধৰ্মলৈ তেওঁৰ ধৰ্মান্তৰকৰণৰ বিষয়ে আলোচনা কৰিছিল।৯
ব্যক্তিগত জীৱন
২০১৬ চনত তেওঁ কৰ্নাৰষ্টোন চাৰ্চৰ এজন পাষ্টৰ ৰিচাৰ্ড ডি লা ম'ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৭ ২০১৮ চনৰ তথ্য অনুসৰি তেওঁলোক ছান ডিয়েগোত বসবাস কৰে।১০
বঁটা
- ২০০৬ নাইটমুভছ বঁটা (NightMoves Award) – শ্ৰেষ্ঠ নতুন তাৰকা (অনুৰাগীৰ পছন্দ)১১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ De La Mora, Brittni. (April 1, 2025). Today is my birthday. 38 and feeling great! (.)
- ↑ Reid, Michael D. (May 5, 2016). The woman who rejected porn for God. Times Colonist
- ↑ (September 30, 2015). X-Rated High. Drugs, Inc
- ↑ Anselmi, Eduardo. (June 2010). The dirty dozen. Maxim
- ↑ Cantor, Paul. (July 11, 2011). The Top 100 Hottest Porn Stars (Right Now) · 17. Jenna Presley. Complex
- ↑ Noske, Lauren Leigh. (July 12, 2013). Jenna Presley Retires from Porn Industry, Found New Life in Christ. The Gospel Herald
- ↑ Carey, Alexis. (July 19, 2019). Former adult star Brittni De La Mora's dramatic career move. News.com.au
- ↑ Chung, Frank. (August 31, 2018). Former porn star Brittni De La Mora becomes evangelical preacher. New Zealand Herald
- ↑ Petersen, Sarah. (August 7, 2013). Former porn star Brittni Ruiz and her pastor appear on 'The View'. Deseret News
- ↑ Reid, Michael. (May 5, 2016). The woman who rejected porn for God. Times Colonist
- ↑ Dirty Bob. (October 9, 2006). 2006 Nightmoves Award Winners Announced. Adult Video News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰিটনী ডি লা ম'ৰা” প্ৰবন্ধৰ সংশোধন ৫৯৬০৪১ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।