অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বৃহৎকায়চৰাছ

বৃহৎকায়চৰাছ (; অৰ্থাৎ "বৃহৎ কায় থকা জেঠী") চৰপড ডাইন'চৰৰ এটি প্ৰজাতি যি ভাৰতৰ কল্লমেডু ফৰ্মেচনত আৱিষ্কাৰ কৰা হৈছিল। বৃহৱকায়চৰাছৰ ভগ্নাৱশেষক প্ৰথমে থেৰপড হিচাপে চিনাক্ত কৰা হৈছিল, কিন্তু পাছলৈ ইয়াক টাইটেন'চৰীয় চৰপড বুলি জনা গ'ল।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২২ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বৃহৎকায়চৰাছ (; অৰ্থাৎ "বৃহৎ কায় থকা জেঠী") চৰপড ডাইন'চৰৰ এটি প্ৰজাতি যি ভাৰতৰ কল্লমেডু ফৰ্মেচনত আৱিষ্কাৰ কৰা হৈছিল। বৃহৱকায়চৰাছৰ ভগ্নাৱশেষক প্ৰথমে থেৰপড হিচাপে চিনাক্ত কৰা হৈছিল, কিন্তু পাছলৈ ইয়াক টাইটেন'চৰীয় চৰপড বুলি জনা গ'ল। গৱেষকৰ মতে, এই ডাইনছৰৰ দৈৰ্ঘ্য আৰ্জেণ্টিনচৰাছতকৈ অধিক:১ ৩৫ মিটাৰতকৈ দীঘল আৰু ৮০ টনতকৈ গধুৰ। এই গণনাসমূহ য়াডাগিৰি আৰু অয়্যস্বামী (১৯৮৭)ত বৰ্ণিত ভগ্নাংশৰ ভিত্তিত কৰা।২ ২০১৭ চনত ঘোষণা কৰা হ'ল যে হ'ল'টাইপ ভগ্নাংশটো লাহে লাহে খণ্ডিত হ'ল।৩

আৱিষ্কাৰ আৰু নাম

হ'ল'টাইপটো, যাৰ নাম GSI PAL/SR/20, ভাৰতৰ দক্ষিণ কোণত ১৯৭৮ত আৱিষ্কাৰ হৈছিল, তামিলনাডুৰ তিৰুচিৰপল্লী জিলাত, কল্লমেডু গাঁৱৰ উত্তৰ-পূব দিশে। ১৯৮৭ত য়াডাগিৰি আৰু অয়্যস্বামীয়ে ইয়াক এটি কাৰ্ণচৰীয় থেৰপদ হিচাপে চিহ্নিত কৰিছিল।৪ সাধাৰণ নামটো সংস্কৃত ভাষাৰ শব্দ "বৃহৎ" আৰু "কায়" তথা গ্ৰীক ভাষাৰ "চৰাছ", অৰ্থাৎ জেঠীৰ পৰা অহা।৫ বৈজ্ঞানিক নামত থকা শব্দ matleyiয়ে ব্ৰিটিছ বৈজ্ঞানিক চাৰ্লছ এল্ফ্ৰেড মেটলিক সন্মানিত কৰে।

বৰ্ষা কালত কল্লমেডুত দেখা দিয়া বতৰৰ বাবে পানীৰে ভৰা ভগ্নাংশত প্ৰভাৱ পৰে। তদুপৰি, শুকান অৱস্থাত, দিনত ই বহল হয় আৰু ৰাতি সংকীৰ্ণ। সেয়ে ই ভালদৰে সংৰক্ষিত নহয়। ২০১৭ চনত গেল্টন আৰু অয়্যস্বামীয়ে জনালে যে বৃহৎকায়চৰাছৰ ভগ্নাংশটো জিয়লজিকেল চাৰ্ভে' অৱ ইণ্ডিয়াৰ ওচৰত পোৱাৰ আগতেই নষ্ট হ'ল।৬

তথ্যসূত্ৰ

  1. ↑ Paul, Gregory S. (Autumn 1994). The Dinosaur Report. The Dinosaur Society. পৃ. 12–13
  2. ↑ Yadagiri, P. and Ayyasami, K. (1987). "A carnosaurian dinosaur from the Kallamedu Formation (Maestrichtian horizon), Tamilnadu." In M.V.A. Sastry, V.V. Sastry, C.G.K. Ramanujam, H.M. Kapoor, B.R. Jagannatha Rao, P.P. Satsangi, and U.B. Mathur (eds.), Three Decades of Development in Palaeontology and Stratigraphy in India. Volume 1. Precambrian to Mesozoic. Geological Society of India Special Publication, 11(1): 523-528
  3. ↑ Galton, Peter M.; Ayyasami, Krishnan. (1 July 2017). Purported latest bone of a plated dinosaur (Ornithischia: Stegosauria), a "dermal plate" from the Maastrichtian (Upper Cretaceous) of southern India. Neues Jahrbuch für Geologie und Paläontologie - Abhandlungen. পৃ. 91–96
  4. ↑ Yadagiri, P. and Ayyasami, K. (1987). "A carnosaurian dinosaur from the Kallamedu Formation (Maestrichtian horizon), Tamilnadu." In M.V.A. Sastry, V.V. Sastry, C.G.K. Ramanujam, H.M. Kapoor, B.R. Jagannatha Rao, P.P. Satsangi, and U.B. Mathur (eds.), Three Decades of Development in Palaeontology and Stratigraphy in India. Volume 1. Precambrian to Mesozoic. Geological Society of India Special Publication, 11(1): 523-528
  5. ↑ Schneiderman, P. (Nov 1994). "Report on the initial description". Dinosaur Mailing List
  6. ↑ Galton, Peter M.; Ayyasami, Krishnan. (1 July 2017). Purported latest bone of a plated dinosaur (Ornithischia: Stegosauria), a "dermal plate" from the Maastrichtian (Upper Cretaceous) of southern India. Neues Jahrbuch für Geologie und Paläontologie - Abhandlungen. পৃ. 91–96

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহৎকায়চৰাছ” প্ৰবন্ধৰ সংশোধন ৩৩৩৫৫১ (২০ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।