২০২৬ চনৰ ৩০ জুলাইত পাকিস্তানৰ কাৰাকোৰাম পৰ্বতশ্ৰেণীৰ ব্ৰড পিকত উপনীত হ’বলৈ চেষ্টা কৰা ১০ জনীয়া পৰ্বতাৰোহীৰ এটা দলৰ ওপৰত হিমস্খলন হয়। কেম্প ২ আৰু কেম্প ৩ৰ মাজৰ ঢালত প্ৰায় ৬,৬০০ মিটাৰ (২১,৭০০ ফুট) উচ্চতাত সংঘটিত হোৱা এই হিমস্খলনে সকলো পৰ্বতাৰোহীকে পৰ্বতৰপৰা তললৈ ঠেলি দিয়ে।১২
১ আগষ্টত ১০ জন পৰ্বতাৰোহীৰ আটাইকেইজনৰে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হয়। পৰ্বতাৰোহীসকল আছিল সোহাইল সাখী, মেলৰী গেইছ, নিৰ্মল পূৰ্জা (নিমছদাই), পুৰ বাহাদুৰ গুৰুং (যুক্ত), নিমা শ্বেৰ্পা, নাধিৰা আল হাৰ্থি, কিলি পেম্বা শ্বেৰ্পা (কিলু), নাৱাং থিণ্ডু শ্বেৰ্পা, গ্যালু শ্বেৰ্পা আৰু ৱাং ঝং।৩
পটভূমি
পাকিস্তানৰ গিলগিট-বাল্টিস্তানত অৱস্থিত ব্ৰড পিক (৮,০৫১ মিটাৰ) বিশ্বৰ দ্বাদশ সৰ্বোচ্চ পৰ্বত, ই কে২ৰ ওচৰত অৱস্থিত।৪ ২০২৬ চনৰ গ্ৰীষ্মকালীন পৰ্বতাৰোহণৰ বতৰত নিৰ্মল পূৰ্জাৰ এলিটএক্সপেড দলকে ধৰি কেইবাটাও অভিযানে পৰ্বতটোৰ শিখৰত উপনীত হোৱাৰ চেষ্টা চলাইছিল। পূৰ্জাই ইতিহাসৰ প্ৰথমজন ব্যক্তি হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল যিয়ে মুঠতে তিনিবাৰকৈ ৮,০০০ মিটাৰ দৈৰ্ঘ্যৰ চৈধ্যটা আঠহাজাৰী শিখৰত উপনীত হৈছিল আৰু অক্সিজেন চিলিণ্ডাৰ অবিহনে দুবাৰকৈ এই অভিলেখ গঢ়িছিল।৫
৩০ জুলাইৰ হিমস্খলনত আৱদ্ধ হৈ থকা বহু পৰ্বতাৰোহী আছিল নেপালৰ অভিজ্ঞ শ্বেৰ্পা গাইড। পূৰ্জাৰ এলিটএক্সপেড দলৰ গাইড হিচাপে কাম কৰা পুৰ বাহাদূৰ গুৰুং (যুক্তা বুলিও জনা যায়), আইএফএমজিএ (ইণ্টাৰনেচনেল ফেডাৰেচন অৱ মাউণ্টেন গাইড এছ'চিয়েচন)ৰদ্বাৰা প্ৰমাণিত অভিজ্ঞ গাইড আছিল।৫ ইমাজিন নেপাল দলৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহী কিলি "কিলু" পেম্বা শ্বেৰ্পা ২০২১ চনত পূৰ্জাৰ নেতৃত্বত কে ২ ৰ প্ৰথম শীতকালীন আৰোহণ সম্পূৰ্ণ কৰা গোটটোৰ সদস্য আছিল।৫ হিমস্খলনত পৰাসকলৰ ভিতৰত নিমা শ্বেৰ্পা, নাৱাং থিণ্ডু শ্বেৰ্পা আৰু গ্যালু শ্বেৰ্পাও আছিল।৫
চেভেন ছামিট ট্ৰেকছৰ সৈতে পৰ্বতাৰোহণ কৰা ওমানৰ নাধিৰা আল হাৰ্থীয়ে ২০১৯ চনত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী ওমানী মহিলা হিচাপে পৰিগণিত হৈছিল আৰু ইয়াৰ পূৰ্বে কে২ আৰু মানাসলুত শিখৰত উপনীত হৈছিল।৫ অভিজ্ঞ পাকিস্তানী পৰ্বতাৰোহী সোহেইল সাখীয়ে আমেৰিকাৰ ক্লায়েণ্ট চাৰা মেল'ৰী গেইছক গাইড কৰিছিল, যিজনৰ এয়া আছিল প্ৰথম আঠ হাজাৰী পৰ্বতাৰোহণ অভিযান।৫৬
হিমস্খলনৰ আগৰ দিনবোৰত পৰিস্থিতি অস্থিৰ আছিল বুলি জানিব পৰা গৈছে। ঋতুৰ কেইদিনমান আগতে আৰোহণৰপৰা উভতি অহা এজন পৰ্বতাৰোহীয়ে ১৮ জুলাইত পৰ্বতটোত প্ৰচণ্ড, ধুমুহা বতাহৰ সন্মুখীন হোৱা বুলি জনাইছে; তেওঁ কয় যে তীব্ৰ বতাহ আৰু আৰ্দ্ৰতাই ২৯ জুলাইৰ ভিতৰত পৰ্বতটোত সতেজ বৰফ পৰাৰ সম্ভাৱনাৰ ইংগিত দিয়ে।৫
হিমস্খলন
২০২৬ চনৰ ৩০ জুলাইত স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯:৩০ বজাত কেম্প ২ আৰু কেম্প ৩ৰ মাজত অৱস্থান কৰি থকা দহজনীয়া পৰ্বতাৰোহীদলটোৰ ওপৰত হিমস্খলন হয়। তেওঁলোকে হাতত থকা চেটেলাইট জিপিএছ ট্ৰেকাৰটোত কেইবাশ মিটাৰ উচ্চতা হ্ৰাস পোৱাৰ তথ্য পোৱা গৈছে; হিমস্খলনে বেছ কেম্পৰ ওচৰলৈকে কেইবাজনো পৰ্বতাৰোহীক পেলাই দিছিল। পূৰ্জা ট্ৰেকাৰৰপৰা প্ৰায় ৮০০ মিটাৰ (২৬০০ ফুট) উচ্চতাৰ পতন লক্ষ্য কৰিব পাৰি; আনহাতে আল হাৰ্থী প্ৰায় পৰ্বতৰ নামনিলৈ আহি পৰিলহি।৫ হিমস্খলনৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে আকাশী উদ্ধাৰৰ আহ্বান জনোৱা বুলি কোৱা হয়।৫
অনুসন্ধান আৰু উদ্ধাৰ
৩১ জুলাইৰ পুৱা ১ নং কেম্পৰ পৰা চলি থকা স্থল অনুসন্ধান দলৰ সৈতে দুখন হেলিকপ্টাৰে আকাশী অনুসন্ধান আৰম্ভ কৰে।৫ ড্ৰ'নে অতিৰিক্ত মৃতদেহ দেখা পাইছিল যদিও চিনাক্তকৰণ অসম্ভৱ আছিল আৰু কেইবাজনো নিৰুদ্দেশ হোৱা পৰ্বতাৰোহীৰ জিপিএছ ট্ৰেকাৰে প্ৰায় ৫,৮০০ মিটাৰ (১৯,০০০ ফুট) উচ্চতাত আনুমানিক স্থান দেখুৱাইছিল।৭
পাকিস্তানৰ আলপাইন ক্লাৱে উদ্ধাৰ প্ৰচেষ্টাৰ সমন্বয় সাধন কৰিছিল আৰু পূৰ্জাৰ কোম্পানী এলিটএক্সপেডে অতিৰিক্ত নেপালী পৰ্বতাৰোহীক পাকিস্তানলৈ আকাশীপথেৰে নি এই অনুসন্ধানত যোগদান কৰোৱাইছিল।৭ ওচৰৰ কে২ পৰ্বতাৰোহণলৈ যোৱা বেছিভাগ দলেই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ নিজৰ পৰ্বতাৰোহণ কাৰ্য্যকলাপ বন্ধ কৰি দিছিল।৭
হতাহত
পাছদিনা পাকিস্তানৰ আলপাইন ক্লাৱে মৃত পৰ্বতাৰোহীসকলৰ ভিতৰৰ দুজন আল হাৰ্থী আৰু গুৰুঙৰ পৰিচয় নিশ্চিত কৰে।৮৯৫১০ কাৰাকোৰাম অভিযান আউটফিটাৰ দলৰ কিছু সদস্যই ব্ৰড পিক বেছ কেম্পৰ ওচৰৰ পৰা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে।৫ ৩১ জুলাইত এটা ড্ৰ'নে সাতটা মৃতদেহ দেখা পায় যদিও তেওঁলোকৰ পৰিচয় নিশ্চিত কৰিব পৰা নাছিল।১১ চাৰিটা মৃতদেহ চিনাক্ত কৰা পূৰ্বৰ প্ৰতিৱেদন সংশোধন কৰা হৈছিল।৭১২
১ আগষ্টত এলিটএক্সপেড দলে নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত সকলো পৰ্বতাৰোহীৰ মৃত্যু নিশ্চিত কৰে।১৩১৪১৫
২ আগষ্টত পাকিস্তানৰ আলপাইন ক্লাৱে ঘোষণা কৰে যে নেপালী-পাকিস্তানীৰ এটা দলে প্ৰায় ৫,৭০০ মিটাৰ উচ্চতাত পূৰ্জা, ঝং, নিমা শ্বেৰ্পা আৰু কিলি পেম্বা শ্বেৰ্পাৰ মৃতদেহ উদ্ধাৰ কৰিছে।১৬১৭ ২১ আগষ্টলৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল; নাৱাং থিণ্ডু শ্বেৰ্পাৰ অৱশিষ্ট এনে এটা স্থানত আছিল য'ত প্ৰৱেশ কৰাটো অতি কঠিন আছিল।১৮১৯
মৃত্যু
| নাম৮৯১০ | জাতীয়তা |
|---|---|
| পুৰ বাহাদুৰ গুৰুং ("যুক্ত") | |
| কিলি পেম্বা শ্বেৰ্পা ("কিলু") | |
| নিমা শ্বেৰ্পা | |
| নৱাং থিণ্ডু শ্বেৰ্পা | |
| গ্যালু শ্বেৰ্পা | |
| নিৰ্মল পূৰ্জা ("নিমছদাই") | / |
| ৱাং ঝং | |
| নাধিৰা আল হাৰ্থী | |
| সোহেইল সাখী | |
| চাৰা মেলৰী গেইছ |
প্ৰতিক্ৰিয়া
ওমানৰ বৈদেশিক মন্ত্ৰালয়ে আল হাৰ্থীৰ মৃত্যুত ৰাজহুৱাভাৱে শোক প্ৰকাশ কৰাৰ লগতে নেপাল আৰু ওমানৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।২০
তথ্যসূত্ৰ
- ↑ Cambra, Gael. (2026-08-01). Mountaineer Nirmal Purja killed with all members of expedition in Pakistan avalanche. Euronews
- ↑ (31 July 2026). Four bodies located after 10 climbers go missing on Pakistani peak. Al Jazeera
- ↑ (1 August 2026). Broad Peak avalanche claims Nirmal Purja, fellow climbers. The Himalayan Times
- ↑ Peltier, Elian; Ghimire, Binod; Regalado, Francesca. (31 July 2026). 4 Bodies Found, 6 Climbers Missing After Avalanche in Pakistan. The New York Times
- ↑ Benavides, Angela. (31 July 2026). Broad Peak Avalanche: Two Bodies Found, Helicopters Search for Others. ExplorersWeb
- ↑ Benavides, Angela. (28 August 2025). The View From Pakistan: A Local Climber Is Trying to Change How Karakoram Expeditions Are Run. ExplorersWeb
- ↑ Benavides, Angela. (31 July 2026). Broad Peak Search Continues, Shocked K2 Teams Abort Summit Push. ExplorersWeb
- ↑ Beaumont, Peter; Baloch, Shah Meer. (31 July 2026). World-renowned climber Nirmal Purja among 11 struck by avalanche on Pakistan mountain. The Guardian
- ↑ Ethirajan, Anbarasan; Tian, Yang. (1 August 2026). Pakistan avalanche: Race to rescue remaining climbers enters second day. BBC News
- ↑ Ahmed, Munir; Khan, Riaz. (1 August 2026). Search resumes for missing climbers after avalanche on Pakistan's Broad Peak. AP News
- ↑ Callaghan, Anna; Schaffer, Grayson. (31 July 2026). How Nims Purja's Himalayan climb ended in deadly disaster. National Geographic
- ↑ Two bodies found during search for 10 missing climbers after Pakistan avalanche. BBC News
- ↑ Prasain, Sangam. (31 July 2026). Nirmal Purja, who redrew the limits of human endurance and reshaped Nepali mountaineering, dies in Broad Peak avalanche. The Kathmandu Post
- ↑ Achom, Debanish. (1 August 2026). Elite Mountaineer Nirmal 'Nims' Purja Killed In Avalanche On PoK Peak. NDTV
- ↑ Yeung, Tinshui. (1 August 2026). Mountaineer Nirmal Purja killed in Pakistan avalanche, his company says. BBC News
- ↑ (2026-08-02). Rescuers recover climber Nirmal Purja's body— Alpine Club of Pakistan. Arab News
- ↑ Alpine Club Pakistan - Instagram page. www.instagram.com
- ↑ Annapurna, Kris. (2026-08-13). Sohail Sakhi's Body Found on Broad Peak » Explorersweb. Explorersweb
- ↑ Alpine Club Pakistan - Instagram page. www.instagram.com
- ↑ (1 August 2026). Oman' Foreign Ministery mourns mountaineer Nadhira Al Harthy. Times of Oman
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৬ চনৰ ব্ৰড পিক হিমস্খলন” প্ৰবন্ধৰ সংশোধন ৬৪০৫৯৯ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।