যলযলা জাযীৰা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ভূমিকম্পৰ পিছত সৃষ্টি হয়।
গঠন
যলযলা জাযীৰা আগ্নেয়গিৰিৰ গেদীয় বোকা(ইংৰাজী ভাষা:mud volcano)ৰ পৰা গঠিত হৈছে বুলি ভবা হৈছে।১ এই দ্বীপটো পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ গাডাৰৰ তীৰৱৰ্তী আৰৱ সাগৰত অৱস্থিত। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ৭.৭ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্পৰ ফলস্বৰূপে পানীৰ তলৰ পৰা ওলাই আহে। এই দ্বীপসদৃশ অঞ্চলটো অৱশ্যে অস্থায়ী গঠনো হ'ব পাৰে, যিটো বেছি দিন বৰ্তি থকাৰ সম্ভাৱনা কম। ২
পাকিস্তানৰ National Institute of Oceanography-ৰ আলি ৰছিদ তাব্ৰিজৰ ভাষ্য অনুসৰি এই দ্বীপটো সাগৰ পৃষ্ঠত মিথেন গেছৰ নিৰ্গমণৰ ফলস্বৰূপে ওপৰলৈ উঠি আহিছে। ড॰ তাব্ৰিজে কোৱা মতে “Such islands have appeared in the past...and this new island will also not stay there for long”৩
অৱস্থান
এই দ্বীপটো পাকিস্থানৰ সাগৰৰ তীৰৱৰ্তী অঞ্চলৰ পৰা দৃশ্যমান। ইয়াক যলযলা জাযীৰা নাম দিয়া হৈছে, যাৰ অৰ্থ হৈছে, "কম্পন দ্বীপ"। এই দ্বীপটো সাগৰৰ পাৰৰ পৰা ৩৫০ ফুট(১১০ মিটাৰ)ৰ পৰা ১ মাইল(১.৬ কিল'মিটাৰ) দূৰত্বত গঠিত হৈছে। ইয়াৰ উচ্চতা ১০-৪০ ফুট (৬-১২ মিটাৰ) আৰু প্ৰস্থ প্ৰায় ১০০ ফুট(৩০ মিটাৰ)। অৱশ্যে এই সংখ্যাসমূহ এতিয়াও বিজ্ঞানসন্মত ভাৱে প্ৰত্যাপন কৰা হোৱা নাই। ৪৫৬
বাহ্যিক সংযোগ
- "New Island Pakistan" . Today News Gazette. Retrieved 25 September 2013.
তথ্যসূত্ৰ
- ↑ "Pakistan earthquake creates new island, 'mud volcano to blame'", NBC News
- ↑ Newly emerged island in Gwadar could be a temporary formation - Zameen.com Blog
- ↑ Masood, Salman; Walsh, Declan. (25 September 2013). Toll in Pakistani Earthquake Rises Past 300. New York Times
- ↑ Island pops up off Gawadar. Dawn.com. Dawn News
- ↑ Island discovered as a result of earthquake in Pakistan. IBNLive.in.com. Press Trust of India
- ↑ Deadly earthquake strikes Pakistan's Balochistan. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যলযলা জাযীৰা” প্ৰবন্ধৰ সংশোধন ৪২২১২১ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।