বীৰবল মহল (বীৰবলৰ ৰাজপ্ৰাসাদ) ১৫৭১ চনত সম্ৰাট আকবৰে কমিচন কৰা এটা ৰাজপ্ৰাসাদ। ফতেহপুৰ ছিক্ৰী দুৰ্গৰ হাৰেম কোৱাৰ্টাৰত অৱস্থিত আৰু ই সাম্ৰাজ্যিক হাৰেমৰ মহিলাসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল।
ইতিহাস
আকবৰৰ ৰাজত্বকালত এই ৰাজপ্ৰাসাদ তেওঁৰ দুগৰাকী মুখ্য পত্নী ৰুকাইয়া চুলতান বেগম আৰু চালিমা চুলতান বেগমৰ বাসস্থান আছিল।১
ৰুকাইয়া চুলতান বেগম আকবৰৰ প্ৰথম পত্নী আৰু ১৫৫৬ চনত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ মুখ্য পত্নী হয়।২ ১৫৫১ চনৰ ২০ নৱেম্বৰত তেওঁৰ পিতৃ হিন্দল মিৰ্জাৰ সতীয়া ভাতৃ কামৰাণ মিৰ্জাৰ বাহিনীৰ বিৰুদ্ধে যুঁজি মৃত্যু হৈছিল।৩ ভায়েকৰ স্মৃতিৰ প্ৰতি থকা মৰমৰ বাবে হুমায়ুনে ৰাজকুমাৰীক পুত্ৰ আকবৰৰ লগত বাগ্দান কৰাইছিল।
আকবৰৰ তৃতীয় পত্নী আছিল চালিমা চুলতান বেগম। তেওঁ কনৌউজৰ ভাইচৰয় নুৰুদ্দিন মহম্মদ মিৰ্জা আৰু গুলৰুখ বেগমৰ কন্যা আছিল।৪ প্ৰথমতে আকবৰৰ মন্ত্ৰী বৈৰাম খানৰ সৈতে তেওঁৰ বাগ্দান হৈছিল আৰু ১৫৫৭ চনত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।৫ এই চমু বিবাহ মাত্ৰ তিনি বছৰহে চলিছিল, কিয়নো ১৫৬১ চনত মোবাৰক খানৰ নেতৃত্বত অহা এটা ডকাইতৰ দলে বৈৰাম খানক পাটানত হত্যা কৰিছিল।৬ লুণ্ঠিত শিবিৰৰ বাকী থকা সদস্যসকলৰ সৈতে নৱ বিধৱা চালিমা পলায়ন কৰি বহু কষ্টৰ অন্তত আহমেদাবাদ পালেহি। বৈৰামৰ মৃত্যুত দুখী আকবৰে চালিমা আৰু তেওঁৰ সতীয়া পুত্ৰ আব্দুল ৰহিমক অতি সসন্মানে সাম্ৰাজ্যিক মোগল দৰবাৰলৈ মাতি আনে আৰু পিছলৈ ১৫৬১ চনৰ ৭ মে’ত তেওঁক বিয়া কৰায়।৭ তেওঁ তেওঁৰ তৃতীয় পত্নী হৈছিল আৰু সাম্ৰাজ্যিক হাৰেমত উচ্চ পদবী লাভ কৰিছিল আৰু আকবৰ আৰু পিছলৈ তেওঁৰ সতীয়া সন্তান জাহাংগীৰৰ ওপৰত বহু প্ৰভাৱ খটুৱাইছিল।৮
১৫৭১ চনত আকবৰে মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰপৰা ফাতেহপুৰ ছিক্ৰীলৈ স্থানান্তৰিত কৰিছিল,৯ ১৫৬৯ চনত ৰাজকুমাৰ চেলিমৰ জন্মৰ ভৱিষ্যদ্বাণী কৰা চিষ্টি শ্বেখ চেলিমৰ সন্মানত এই দুৰ্গ নিৰ্মাণ আৰম্ভ হৈছিল।১০
স্থাপত্য

ৰাজপ্ৰসাদটোৰ দুমহলীয়া চাৰিটা কোঠা, তলত পিৰামিড দৰে চাল থকা দুটা বাৰাণ্ডা, ওপৰত কুপোলা আৰু স্ক্ৰীণযুক্ত টেৰেচ থকা দুটা কোঠা আৰু জটিল ঝৰোখা, আওলা আৰু ব্ৰেকেটৰ দৰে গঠনেৰে সজ্জিত। ছাদ আৰু কুপোলাৰ দুটা গম্বুজযুক্ত গঠনে কোঠাটোক ঠাণ্ডা কৰি ৰাখিছিল, গোটেই কোঠাটোত বায়ু চলাচলৰ ব্যৱস্থা আছিল, লগতে ওপৰৰ কোঠাবোৰৰ দুখন বৰ্গক্ষেত্ৰাকাৰ ছাদৰ জোৰা লগা অৱস্থান আছিল যিয়ে টেৰেচখন ছাঁয়াময় কৰি তুলিছিল।১১ ই উত্তৰ-পশ্চিমে সম্ৰাজ্ঞী মাৰিয়াম-উজ-জামানিৰ ৰাজপ্ৰসাদৰ ফালে মুখ কৰি আছে।১২
]]
বীৰবলৰ বাসগৃহ হিচাপে ভুল চিনাক্তকৰণ
এই ৰাজপ্ৰসাদটোক বহুতে মহেশ দাসৰ ৰাজপ্ৰসাদ বুলি কয়, (তেওঁৰ উপাধি ৰাজা বীৰবল বুলি জনা যায়) মোগল বংশৰ মন্ত্ৰী তথা সেনাপতি আৰু আকবৰৰ "নৱৰত্ন" নামৰ দৰবাৰী দলটোৰ অন্যতম সদস্য।১৩ কিন্তু এইটো এটা ভুল নাম, কাৰণ ই সাম্ৰাজ্যবাদী হাৰেম কোৱাৰ্টাৰত অৱস্থিত, যিস্থানত অকৌমাৰ্য ৰাজকুমাৰসকল আৰু সম্ৰাটৰ বাহিৰে আন পুৰুষৰ প্ৰৱেশত সীমাবদ্ধতা আছিল। সেয়ে এইদৰে নিশ্চয় বীৰবলক তাত অনুমতি দিয়া হোৱা নাছিল।১৪
তথ্যসূত্ৰ
- ↑ Krishnan, Gomathi. (April 2008). Akbar. Prodigy Books, an Imprint of New Horizon Media. ISBN 978-81-8368-658-7
- ↑ Powell, A. A. (October 1991). S. M. Burke: Akbar: the greatest Mogul, xi, 249 pp. New Delhi: Munshiram Manoharlal Publishers Pvt. Ltd., 1989. Rs. 250. - K. A. Nizami: Akbar and religion. (IAD Oriental (Original) Series, no. 33.) (x), 470 pp., 10 plates. Delhi: Idarah-i Adabiyat-i Delhi, 1989. Rs. 350.. Bulletin of the School of Oriental and African Studies. পৃ. 599–600
- ↑ Erskine, William. (2012). A History of India under the Two First Sovereigns of the House of Taimur, Báber and Humáyun: Volume 2. Cambridge library collection. South Asian History. Cambridge University Press. ISBN 978-1-108-04620-6
- ↑ (2024-02-27). Vagabond Princess. Yale University Press. পৃ. 187–200. ISBN 978-0-300-27749-4
- ↑ (2024-02-27). Vagabond Princess. Yale University Press. পৃ. 187–200. ISBN 978-0-300-27749-4
- ↑ Edwardes, Stephen Meredyth; Garrett, H. L. O. (1995). Mughal rule in India. Atlantic Publishers and Distributors. ISBN 978-81-7156-551-1
- ↑ Nath, Renuka. (1991). Notable Mughal and Hindu women in the 16th and 17th centuries A.D. Women in South Asia series W. Inter-India Publ. ISBN 978-81-210-0241-7
- ↑ Henry Beveridge (26 March 1906). "Journal & Proceedings of the Asiatic Society of Bengal". II. Calcutta: Asiatic Society.: 509–510
- ↑ Petersen, Andrew. (1996). Dictionary of Islamic architecture. Routledge. ISBN 978-1-134-61365-6
- ↑ Asher, Catherine B. (1992). Architecture of Mughal India. The New Cambridge history of India. Cambridge University Press. ISBN 978-0-521-26728-1
- ↑ Betts, Vanessa; McCulloch, Victoria. (2013-09-27). India - The North: Forts, Palaces, the Himalaya Dream Trip. Footprint Travel Guides. ISBN 978-1-907263-74-3
- ↑ Congress, Indian History. (2000). Proceedings. Indian History Congress
- ↑ Sharma, Shripad Rama. (1999). Mughal empire in India: a systematic study including source material. Vol. 3. Atlantic Publ. ISBN 978-81-7156-819-2
- ↑ Guides, Rough. (2010-10-01). RGT to Rajasthan, Delhi & Agra. Rough Guides UK. ISBN 978-1-4053-8682-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰবল ভৱন” প্ৰবন্ধৰ সংশোধন ৬৩৮৫০৩ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।