বিস্তীৰ্ণ পাৰৰে গীতটো ড° ভূপেন হাজৰিকাৰ অপূৰ্ব সৃষ্টি। তেওঁ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। প’ল ৰবচনৰ অল্ড মেন ৰিভাৰ (Ol’ man river) গীতটোৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ "বিস্তীৰ্ণ পাৰৰে" গীতটি ৰচনা কৰিছিল।১২ এই গানটোততেখেতে ব্ৰহ্মপুত্ৰ নদৰ কথা উল্লেখ কৰিছে। পাছত ইয়াৰ বাংলা আৰু হিন্দী ভাষা অনুবাদো প্ৰকাশ কৰা হয়।
অনুপ্ৰেৰণা
ভূপেন হাজৰিকাই কলম্বিয়া বিশ্ববিদ্যালয়ত পল ৰ'বচন লগ পাইছিল। ১৯৩৬ চনৰ চলচ্চিত্ৰ শ্ব’ ব’ট (Show Boat)ত ৰবছনে অল্ড মেন ৰিভাৰ গানটোত কণ্ঠদান কৰিছিল।৩ এই গানটোৰ পৰা অনুপ্ৰাণিত হৈ ভূপেন হাজৰিকাই বিস্তীৰ্ণ পাৰৰে গীতটো লিখি উলিয়াইছিল। মূল গানটোত মিছিছিপি নদীৰ কথা উল্লেখ কৰা আছে। মিছিছিপি নদীৰ সলনি এই গানটোত ব্ৰহ্মপুত্ৰ নদৰ কথা উল্লেখ কৰা হৈছে।৩ আনহাতে, বাংলা আৰু হিন্দী সংস্কৰণটোত গঙ্গা নদীৰ কথা উল্লেখ কৰা হৈছে।৩
অন্যান্য ভাষালৈ অনুবাদ
বিস্তীৰ্ণ পাৰৰে গানটোৰ হিন্দী, বাংলা ভাষাটো গোৱা হৈছে। এই আটাইকেইটা গান ভূপেন হাজৰিকাই গাইছে।৩ বাংলা ভাষাৰ গানটো হৈছে বিস্তীৰ্ণ দুপাৰে আৰু হিন্দী ভাষাৰ গানটো হৈছে গংগা বেহটী হ’ কিঁউ।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Log nu in om een reactie te plaatsen. Paul Robeson - Ol' Man River (Showboat - 1936) J.Kern O. Hammerstein II. YouTube
- ↑ Ol' Man River Lyrics - Frank Sinatra. Lyricsfreak.com
- ↑ (03/11/2011). Songs of Humanity. assamchronicle.com. The Assam Chronicle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিস্তীৰ্ণ পাৰৰে” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৯৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।