অসমীয়া গীত
৫ প্ৰবন্ধ
-
চিয়াগীত
চিয়াগীত হৈছে ঐতিহাসিক দৰঙী কলা-কৃষ্টিৰ তিনিশ-চাৰিশ বছৰ পুৰণি এক ধাৰা। সন্ত-মহন্তসকলৰ দ্বাৰা প্ৰৱৰ্তিত ‘পূৰ্ণধেৰীয়া’ বা ‘বৰখেলীয়া’ ভক্তি ধাৰাৰ লগতে ঠগি সেৱা বা ঠগি কৰণি, মেৰু সেৱা বা মেৰু কৰণি আৰু নগাবেহাক কেন্দ্ৰ কৰি ঈশ্বৰৰ গুণানুকীৰ্ত্তনৰ উদ্দেশ্যে চিয়াগীত সমূহ পৰিবেশন কৰা হৈছিল আৰু এইদৰেই এই…
-
চিৰ চেনেহী মোৰ ভাষা জননী
চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ'ল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত দৰ্পনাথ শৰ্মাই এই গীতৰ সুৰ তথা স্বৰলিপি ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়।
-
জুবিন গাৰ্গে ৰেকৰ্ডিং কৰা গীতৰ তালিকা
জুবিন গাৰ্গ (১৯৭২–২০২৫) এগৰাকী ভাৰতীয় গায়ক-গীতিকাৰ; যি মূলতঃ অসমীয়া, বাংলা আৰু হিন্দী চলচ্চিত্ৰ আৰু সংগীতৰ লগত জড়িত আছিল। ৩৩বছৰীয়া কেৰিয়াৰত তেওঁ অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ-ৰাজবংশী (কমতাপুৰী/গোৱালপাৰীয়া), চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, পাতিৰাভা, ডিমাচা, টাই-আহোম,…
-
বিস্তীৰ্ণ পাৰৰে
বিস্তীৰ্ণ পাৰৰে গীতটো ড° ভূপেন হাজৰিকাৰ অপূৰ্ব সৃষ্টি। তেওঁ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। প’ল ৰবচনৰ অল্ড মেন ৰিভাৰ (Ol’ man river) গীতটোৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ "বিস্তীৰ্ণ পাৰৰে" গীতটি ৰচনা কৰিছিল। এই গানটোততেখেতে ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ কৰিছে।
-
মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut; অনুবাদ In the bosom of the magical night) হৈছে জুবিন গাৰ্গৰ সুৰ আৰু ৰচনা আৰু তেওঁৰদ্বাৰা পৰিৱেশিত এটা জনপ্ৰিয় অসমীয়া ৰোমাণ্টিক গীত। ২০০১ চনত মুনীন বৰুৱাৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি দাগত এই ট্ৰেকটো প্ৰদৰ্শিত হৈছিল।